ETV Bharat / bharat

অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

author img

By

Published : Jun 15, 2021, 12:27 PM IST

Updated : Jun 15, 2021, 2:01 PM IST

debangana-kalita-got-bail-after-one-year-of-caa-protest
অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

12:10 June 15

CAA আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত দেবাংগনা কলিতা, আচিফ ইকবাল তানহা আৰু নাটাশা নৰৱালে লাভ কৰে জামিন ৷ মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ত হোৱা শুনানিত ন্যায়ালয়ে জামিন প্ৰদান কৰে তিনিওকে ৷ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ অজয় জয়ৰাম ভাংবানীৰ বিচাৰপীঠে তিনিওকে নিয়মিত জামিন প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

নেচনেল ডেস্ক, 15 জুন: অৱশেষত জামিন লাভ কৰিলে 'কা'(CAA) আন্দোলনৰ সৈতে জড়িত অসমৰ দেবাংগনা কলিতাই  ৷ দেবাংগনা কলিতাৰ লগতে জামিন লাভ কৰে আচিফ ইকবাল তান্হা আৰু নতাশা নৰৱালে  ৷ মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়(Delhi High Court)ত হোৱা শুনানিত ন্যায়ালয়ে জামিন প্ৰদান কৰে তিনিওকে ৷ দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী হিংসা (Delhi Riots)ৰ ঘটনাত ইউপিএৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল তিনিওকে ৷ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ অজয় জয়ৰাম ভাংবানীৰ বিচাৰপীঠে তিনিওকে নিয়মিত জামিন প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷  

এই ক্ষেত্ৰত আদালতে কয় যে, দিল্লী আৰক্ষী (Delhi Police)য়ে এই সন্দৰ্ভত চাৰ্জশ্বীট দাখিল কৰিছে ৷ এই গোচৰত 740 গৰাকী সাক্ষী আছে ৷ এই সকল সাক্ষীৰ ভিতৰত স্বতন্ত্ৰ সাক্ষীসকলৰ বাহিৰে সুৰক্ষিত সাক্ষী, আৰক্ষী সাক্ষী আদি অন্তৰ্ভুক্ত হৈ আছে ৷ এনে ক্ষেত্ৰত এই 740 গৰাকী সাক্ষীৰ সাক্ষ্য প্ৰদান শেষ নোহোৱালৈকে অভিযুক্ত কেইজনক কাৰাগাৰৰ ভিতৰত ৰাখিব পৰা নাযাব ৷ ন্যায়ালয়ে তিনিও অভিযুক্তক ৫০ হাজাৰকৈ টকাৰ পাৰ্চনেল বণ্ডত জামিন প্ৰদান কৰিছে আৰু আৰক্ষীয়ে চলাই থকা তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে । দুয়োকে আদালতৰ অনুমতি অবিহনে বিদেশলৈ নাযাবলৈও নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ।

দিল্লী আৰক্ষীয়ে এইসকলৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (Unlawful Activities Prevention Act)ৰ অধীনত গোচৰ ৰুজু কৰিছিল । যোৱা এবছৰৰ অধিক কাল দেবাংগনা তিহাৰ জেলত বন্দী হৈ আছিল । 

উল্লেখ্য যে, হিংসাৰ ঘটনাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই 18 জন লোকক অভিযুক্ত হিচাপে চিনাক্ত কৰিছে ৷ 

লগতে পঢ়ক: উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ড: দুই অভিযুক্তই কৰিলে আত্মসমৰ্পণ

Last Updated : Jun 15, 2021, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.