ETV Bharat / bharat

Cricket World Cup 2023 : শ্ৰীলংকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয়

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:16 PM IST

Updated : Oct 7, 2023, 10:37 PM IST

দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থখন মেচত শনিবাৰে দক্ষিণ আফ্ৰিকা শ্ৰীলংকাক 102 ৰাণত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 50 অভাৰত 5 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 428 ৰাণ ৷

Cricket World Cup 2023
শনিবাৰে মুখামুখি হৈছে দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকা

স্পৰ্টছ ডেস্ক, 7 অক্টোবৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ, দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থখন মেচত শনিবাৰে দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 102 ৰাণত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 50 অভাৰত 5 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 428 ৰাণ ৷

429 ৰাণৰ বিশাল বিজয় লক্ষ্য আগত লৈ শ্ৰীলংকাই নিজৰ ইনিংছ আৰম্ভ কৰি 44.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 326 ৰাণ ৷ 429 ৰাণৰ বিজয় লক্ষ্য আগত লৈ সন্তোষজনক আৰম্ভণি কৰিছিল যদিও দক্ষিণ আফ্ৰিকাৰ তীক্ষ্ণ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 326 ৰাণতে থমকি ৰয় শ্ৰীলংকা ৷

দলৰ হৈ চৰিথ আচালংকাই সাৰ্বাধিক 79 ৰাণ সংগ্ৰহ কৰে ৷ বেটছমেনজনে 65 টা বলত 79 ৰাণ কৰি লুংগি নিগিদিৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ উইকেট কীপাৰ বেটছমেন কুশল মেন্দিছে 42 টা বলত 76 ৰাণ কৰি ৰাবাডাৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ অধিনায়ক দাছুন চানাকাই 62টা বলত 68 ৰাণ সংগ্ৰহ কৰে ৷ কাছুন ৰাজিথাই 33 ৰাণৰ বৰঙণি আগবঢ়াই ৷

দক্ষিণ আফ্ৰিকাৰ হৈ জেৰাল্ড কোটজিয়ে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ মাৰ্ক জেনছেন, কেছিগ’ ৰাবাডা আৰু কেশৱ মহাৰাজে 2 টাকৈ উইকেট দখল কৰে ৷

প্ৰথমে টছত জিকি বলিঙৰ সিদ্ধান্ত লয় শ্ৰীলংকাই ৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ শক্তিশালী বেটিঙৰ সন্মুখত দিশহাৰা হৈ পৰে শ্ৰীলংকাৰ আটইকেইজন বলাৰ ৷ প্ৰথমৰ পৰাই শক্তিশালী বেটিঙৰে শ্ৰীলংকাৰ সন্মুখত 429 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিলে দক্ষিণ আফ্ৰিকাই ৷ শ্ৰীলংকাৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰি দলটোৰ তিনিজনকৈ বেটছমেনে সম্পূৰ্ণ কৰে শতৰাণ ৷

উইপেট কীপাৰ বেটছমেন তথা অপেনাৰ কুইন্টন ডি ককে মাত্ৰ 84 টা বলতে সম্পূৰ্ণ কৰে নিজৰ শতৰাণ ৷ আনহাতে দক্ষিণ আফ্ৰিকাৰ আন দুজন বিস্ফোৰক বেটছমেন ৰাছি ভান ডাৰ ডুচেন আৰু এডেন মাৰ্ক্ৰামে দুৰ্দান্ত বেটিঙৰে সংগ্ৰহ কৰে শতৰাণ ৷ ৰাছি ভান ডাৰ ডুচেনে 108 টা বলত 110 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে এডেন মাৰ্ক্ৰামে মাত্ৰ 54 টা বলতে 106 ৰাণ সংগ্ৰহ কৰে ৷

ইফালে ডেভিদ মিলাৰে 21 টা বলত 39 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ হেনৰিখ ক্লাসেনে 20 টা বলত 32 ৰাণ কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে অধিনায়ক টেম্বা বাভুমাই 5টা বলত 8 ৰাণ কৰি বিদায় লয় ৷ আনহাতে মাৰ্কো জেনছেনে 7 টা বলত 12 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

শ্ৰীলংকাৰ হৈ কসুন ৰজিতাই 10 অভাৰত 90 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰে ৷ দিলশ্বান মধুশংকাই 10 অভাৰত 86 ৰাণ খৰছ কৰি দখল কৰে 2 টাকৈ উইকেট ৷ আনহাতে পাথিৰাণা আৰু ৱালেলেগাই দখল কৰে 1টাকৈ উইকেট ৷

লগতে পঢ়ক : Asian Games 2023 : এছিয়ান গেমছ ক্ৰিকেট; ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰো স্বৰ্ণ জয়

Last Updated :Oct 7, 2023, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.