Covid-19 vaccine for teenagers : ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক ক’ভেক্সিন প্ৰদানৰ সম্ভাৱনা

author img

By

Published : Dec 27, 2021, 11:59 AM IST

Updated : Dec 27, 2021, 2:14 PM IST

Covaxin likely to be only Covid vaccine available for teenagers

২০২২ চনৰ ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ টীকাকৰণ আৰম্ভ হ'ব । কিশোৰ-কিশোৰীসকলৰ বাবে বৰ্তমান ভাৰত বায়'টেকে প্ৰস্তুত কৰা ক’ভেক্সিন প্ৰতিষেধকহে উপলব্ধ আছে (Covid-19 vaccine Covaxin for teenagers) । এক চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে ।

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : দেশত ক'ভিড-১৯ ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ মাজতে কিশোৰ-কিশোৰীসকলৰ টীকাকৰণ আৰম্ভ হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে নিশা এই ঘোষণা কৰাৰ পাচতে এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে, ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ বাবে বৰ্তমান ভাৰত বায়'টেকে প্ৰস্তুত কৰা ক’ভেক্সিন প্ৰতিষেধকহে উপলব্ধ আছে (Covaxin to administered to teenagers of 15-18 years) ।

Covaxin likely to be only Covid vaccine available for teenagers
১৫ৰ পৰা১৮ বছৰৰ কিশোৰ কিশোৰীক ক’ভেক্সিন প্ৰদানৰ সম্ভাৱনা

২০২২ চনৰ ৩ জানুৱাৰীৰ পৰা ক’ভেক্সিন প্ৰতিষেধক ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰাৰ সম্ভাৱনা আছে । লগতে স্বাস্থ্য সেৱা আৰু ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ বছৰৰ ঊৰ্ধ্বৰ নাগৰিকসকলক পূৰ্বে প্ৰদান কৰা প্ৰতিষেধকৰ তৃতীয় পালি প্ৰদান কৰা হ'ব । ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ ক'ভিড-১৯ ৰ টীকাকৰণ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে নিশা সদৰী কৰে ৷

আনহাতে, স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক "সাৱধানতা পালি" ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব (Precaution dose for healthcare and frontline workers) । অ'মিক্ৰণৰ বৰ্ধিত সংক্ৰমণৰ মাজতে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে । ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক ৩ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব ভাৰত বায়'টেকৰ ক’ভেক্সিন ।

চৰকাৰী সূত্ৰই জনোৱা মতে, এই বয়সৰ শ্ৰেণীত অন্তৰ্ভুক্ত হ'বলগীয়া লোকৰ আনুমানিক সংখ্যা হৈছে ৭-৮ কোটি । সূত্ৰটোৱে লগতে প্ৰকাশ কৰে যে, জাইডাছ কেডিলাৰ প্ৰতিষেধক জাইকোভ-ডি (Zydus Cadila's vaccine Zycov-D) এতিয়াও দেশৰ টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

যোৱা ২০ আগষ্টত ঔষধ নিয়ন্ত্ৰকে জাইকোভ-ডি প্ৰতিষেধক প্ৰাপ্তবয়স্কসকলৰ বাবে জৰুৰীকালীন ব্যৱহাৰত অনুমোদন প্ৰদান কৰিছিল । এই দিশৰ পৰা লক্ষ্য কৰিলে জাইকোভ-ডি হৈছে দেশত ১২-১৮ বছৰৰ লোকক প্ৰদান কৰিব পৰা প্ৰথম প্ৰতিষেধক । স্বদেশীভাৱে বিকশিত জাইকোভ-ডি হৈছে বিশ্বৰ প্ৰথম ডিএনএ ভিত্তিক বেজীমুক্ত ক'ভিড-১৯ প্ৰতিষেধক ।

উল্লেখ্য যে, "সাৱধানতা পালি" হিচাপে গ্ৰহণ কৰিবলগীয়া প্ৰতিষেধকৰ পালি গ্ৰহণৰ সময় শীঘ্ৰেই চূড়ান্ত কৰা হ'ব । দ্বিতীয় আৰু তৃতীয় পালি গ্ৰহণৰ মাজৰ সময়সীমা ৯ মাহৰ পৰা ১২ মাহ নিৰ্ধাৰণ কৰা সম্ভাৱনা আছে ।

টীকাকৰণৰ নতুন শ্ৰেণীত পঞ্জীয়ন কৰিবলৈ Co-Win প’ৰ্টেলত প্ৰয়োজনীয় সংশোধন কৰা হৈছে । Co-Win প্লেটফৰ্মৰ মুৰব্বী ড০ আৰ এছ শৰ্মাই সোমবাৰে কয় যে, প্ৰতিষেধক গ্ৰহণৰ বাবে এই নিৰ্দিষ্ট বয়সৰ কিশোৰ-কিশোৰীসকলে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা Co-Win প্লেটফৰ্মত নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হ'ব । তেওঁ লগতে কয় যে, শিক্ষাৰ্থীসকলে নাম পঞ্জীয়ন কৰিবলৈ তেওঁলোকৰ বিদ্যালয়ৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰিব পাৰিব ।

ভাৰতীয় ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলে শুকুৰবাৰে কেইটামান বিশেষ চৰ্তসহ ১২ বছৰৰ ঊৰ্ধ্বৰ শিশুৰ বাবে স্বদেশীভাৱে বিকশিত ক’ভেক্সিন জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন প্ৰদান কৰে । ভাৰতত প্ৰাপ্তবয়স্ক নাগৰিকৰ ৬১ শতাংশতকৈও অধিক লোকে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে । একেদৰে, প্ৰাপ্তবয়স্ক লোকৰ প্ৰায় ৯০ শতাংশই প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰিছে । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, ভাৰতত বৰ্তমান ক'ভিড-১৯ ৰ প্ৰতিষেধকৰ ১৪১ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগত বৰ্তমান ক’ভেক্সিনৰ ৪-৫ কোটি পালি উপলব্ধ হৈ আছে ।

লগতে পঢ়ক: OMICRON ৰ ভয়াৱহতাৰ মাজতে দেশবাসীক কি পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

Last Updated :Dec 27, 2021, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.