ETV Bharat / bharat

Delhi CM residence corruption row: দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্ৰেছ

author img

By

Published : May 7, 2023, 7:06 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ (Delhi CM residence corruption row)। দুৰ্নীতিৰ তদন্তৰ দাবী কংগ্ৰেছৰ । এই সন্দৰ্ভত কংগ্ৰেছ নেতা অজয় মাকেনে লেফটেনেণ্ট গৱৰ্ণৰলৈ পত্ৰ লিখিব ।

Delhi CM residence corruption row
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্ৰেছ

নেশ্যনেল ডেস্ক,৭ মে' : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিলাসী বাসগৃহক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে (Delhi CM residence corruption row)। তাৰ মাজতে কংগ্ৰেছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বাসগৃহ নিৰ্মাণক লৈ নতুন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে । কংগ্ৰেছে কয় যে, তেওঁলোকে লেফটেনেণ্ট গৱৰ্ণৰক সেই নিৰ্মাণ তৎক্ষণাৎ বন্ধ কৰিবলৈ আৰু মাষ্টাৰ প্লেনত ঐতিহ্য সুৰক্ষা ব্যৱস্থা উলংঘনৰ তদন্ত কৰিবলৈ আহ্বান জনাব (Congress slams Delhi CM)।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দিল্লী কংগ্ৰেছনেতা অজয় মাকেনে কয় যে, তেওঁ এই সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰলৈ এখন পত্ৰ লিখিব । দিল্লী কংগ্ৰেছে যোৱা সপ্তাহত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ নিৰ্মাণৰ নামত ৪৫ কোটি টকা খৰছ কৰাৰ অভিযোগ কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে । কেজৰিৱালে নিজকে সাধাৰণ নাগৰিক বুলি দাবী কৰাৰ পাচতো দুৰ্নীতিত লিপ্ত হোৱা বুলি কংগ্ৰেছে অভিযোগ কৰি আহিছে (Congress on Delhi CM residence construction)।

মাকেনৰ মতে, দিল্লী চৰকাৰে প্ৰকৃততে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ নিৰ্মাণৰ বাবে ১৭১ কোটি টকা খৰচ কৰিছিল । প্ৰতিবেদনত উল্লেখ কৰা মতে, মাত্ৰ ৪৫ কোটি টকা নহয় । মুখ্যমন্ত্ৰীৰ বাসগৃহ ৬ৰ ওচৰত ফ্লেগ ষ্টাফ ৰোড, চিভিল লাইনছৰ চাৰিওফালে ৫ টা সম্পত্তি আছে, য'ত জ্যেষ্ঠ বিষয়াসকলক বাসস্থান আছে । তেওঁলোকে একেলগে প্ৰায় ২২ টা ফ্লেট ৰাখিছিল । এতিয়া, এই ২২ টা ফ্লেটৰ ভিতৰত ১৫ টা খালী কৰা হৈছে আৰু কোনো বিষয়াক নতুনকৈ আৱণ্টন দিয়া হোৱা নাই । মুখ্যমন্ত্ৰীৰ বাসস্থানৰ এলেকা সম্প্ৰসাৰিত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে বুলি মাকেনে অভিযোগ কৰে ।

মাকেনে কয় যে, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ওচৰৰ পৰা বাসস্থান এৰা বিষয়াসকলক ৰাখিবলৈ চৰকাৰে কমনৱেলথ গেমছ ভিলেজ এলেকাত ১৩১ কোটি টকা ব্যয়েৰে ২১ টা নতুন ফ্লেট ক্ৰয় কৰিছে । কংগ্ৰেছ নেতাজনে লগতে অভিযোগ কৰে যে, দিল্লী চৰকাৰে ভাৰতৰ একত্ৰিত পুঁজিৰ পৰা এই সকলো ধন লৈছে আৰু অনুদানৰ দাবীত সেইটো উল্লেখ কৰা নাছিল (Delhi CM residence renovation)।

সাধাৰণতে, কেন্দ্ৰীয় চৰকাৰ বা যিকোনো ৰাজ্য চৰকাৰে স্বচ্ছতা নিশ্চিত কৰাৰ বাবে অনুদানৰ দাবীত এনে অতিৰিক্ত ব্যয় প্ৰদৰ্শন কৰে । কিন্তু কেজৰিৱাল চৰকাৰে এইটো কৰা নাছিল বুলিও মাকেনে অভিযোগ কৰে ।

ইফালে আপে দাবী কৰিছে যে, মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণ স্থানীয় সংস্থাৰ পৰা উপযুক্ত অনুমতিলৈ কৰা হৈছে । কিন্তু দিল্লী চৰকাৰে এটা ব্যৱস্থাৰ অপব্যৱহাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলিও কংগ্ৰেছ নেতাজনে অভিযোগ কৰিছে । উত্তৰ দিল্লী পৌৰ নিগমে বিদ্যালয় বা চিকিৎসালয়ৰ দৰে ৰাজহুৱা স্বাৰ্থৰ প্ৰকল্পৰ ক্ষেত্ৰত ৰাজহুৱা নিৰ্মাণ বিভাগক অনুমতিৰ পৰা ৰেহাই দিব পাৰে ।

কিন্তু দিল্লী চৰকাৰে এই ব্যৱস্থাসমূহ উলংঘা কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণৰ বাবে এই ব্যৱস্থা ব্যৱহাৰ কৰিছে । এই ক্ষেত্ৰত অনুসন্ধান কৰিবই লাগিব বুলিও তেওঁ দাবী কৰে (Congress allegation against Delhi AAP govt)।

ইফালে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ এলেকা সম্প্ৰসাৰণৰ নামত চৰকাৰে অঞ্চলটোৰ প্ৰায় ২৮ জোপা গছ কাটিছে বুলি অভিযোগ কৰে কংগ্ৰেছ নেতাজনে । কংগ্ৰেছ নেতাজনে আপৰ দুৰ্নীতি বিৰোধী শ্ল'গানকো প্ৰশ্ন কৰে । মাকেনৰ মতে, তেওঁলোক কোনো আম আদমী নহয় । তেওঁলোকে প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি ক্ষমতালৈ আহিছিল । কিন্তু সেই অভিযোগৰ এটাও প্ৰমাণিত হোৱা নাই বুলি তেওঁ দাবী কৰে । ইয়াৰ পৰিৱৰ্তে, আপৰ নেতাসকলে এতিয়া নিৰাপত্তা গ্ৰহণ কৰিছে, ডাঙৰ বাংলোত বাস কৰিছে আৰু দুৰ্নীতিত লিপ্ত হৈছে । দিল্লীত লোকপালৰ কোনো ভূমিকা নাই বুলিও মাকেনে অভিযোগ কৰিছে ।

লগতে পঢ়ক :Congress complaint against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.