ETV Bharat / bharat

কৰৰ বাবে কেন্দ্ৰই ৰাইজক মূল্যবৃদ্ধিৰ পিতনিলৈ ঠেলিছে: ৰাহুল গান্ধী

author img

By

Published : Mar 5, 2021, 1:18 PM IST

বৰ্ধিত মূল্যবৃদ্ধিক লৈ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ কেৱল কৰ অৰ্জন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে দেশৰ জনসাধাৰণৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা জাপি দিয়াৰ আৰোপ ৷ মুদ্ৰাস্ফীতিক এক অভিশাপ আখ্যা দি কেন্দ্ৰীয় চৰকাৰক টুইটাৰযোগে সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ ৷

Centre pushing people into 'morass of inflation' to earn tax: Rahul Gandhi
Centre pushing people into 'morass of inflation' to earn tax: Rahul Gandhi

নেচনেল ডেস্ক, 5 মাৰ্চ: দেশৰ বৰ্ধিত মূল্যবৃদ্ধিক লৈ এক সৰৱ ভূমিকা গ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে মন্তব্য কৰি কয় যে, কেৱল কৰ অৰ্জন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰখনে দেশৰ জনসাধাৰণক মুদ্ৰাস্ফীতিৰ পিতনিলৈ ঠেলি দিছে ৷

মুদ্ৰাস্ফীতিক এক অভিশাপ আখ্যা দি গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক টুইটাৰযোগে সমালোচনা কৰে ৷ টুইটযোগে ৰাহুল গান্ধীয়ে এইবুলি কয়, "Inflation is a curse. The central government is only pushing the people into the morass of inflation to earn tax," ৷

ইন্ধনজাত সামগ্ৰী আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যক লৈ প্ৰতিবাদ সাব্যস্ত কৰা ৰাইজৰ এটা ভিডিঅ' সংলগ্ন কৰি তেওঁ মূল্য বৃদ্ধি বিৰোধী অভিযানৰ অংশ হ'বলৈ সকলোকে আহ্বান জনায় লগতে সকলোকে দেশৰ ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদী স্বৰ উচ্চ কৰিবলৈও আহ্বান জনায় ৷

উল্লেখ্য যে, বিগত কিছু দিনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অতি কম সময়ৰ ভিতৰত সাংঘাটিক ধৰণে বৃদ্ধি হৈছে ৷ কোনো কোনো চহৰত পেট্ৰ'লৰ মূল্যই 100 ৰ ঘৰ স্পৰ্শ কৰিছে ৷ এই মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই দেশৰ বিভিন্ন প্ৰান্তত বিৰোধী দলসমূহে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: পশ্চিমবংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে শিৱ সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.