ETV Bharat / bharat

SBI to issue electoral bonds : নিৰ্বাচনী বণ্ড জাৰি কৰিবলৈ ভাৰতীয় ষ্টেট বেংকক কৰ্তৃত্ব প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 6:55 PM IST

SBI to issue electoral bonds
নিৰ্বাচনী বণ্ড জাৰী কৰিবলৈ ভাৰতীয় ষ্টেট বেংকক কৰ্তৃত্ব প্ৰদান

৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ড জাৰি কৰিব । কেন্দ্ৰই এক বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰিছে । উচ্চতম ন্যায়ালয়ে ৰাজনৈতিক পুঁজিৰ উৎস হিচাপে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ৰায় সংৰক্ষিত ৰাখিছে ।

নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ড জাৰি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে । ৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ ভাৰতীয় ষ্টেট বেংকৰ ২৯ টা শাখাৰ জৰিয়তে নিৰ্বাচনী বণ্ড জাৰি আৰু নগদ ধনলৈ ৰূপান্তৰ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে । কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ৰাজনৈতিক পুঁজিৰ উৎস হিচাপে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ৰায় সংৰক্ষিত ৰাখিছিল । তাৰ পাছতে কেন্দ্ৰই নিৰ্বাচনী বণ্ড সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।

চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে নিৰ্বাচনী বণ্ডসমূহ জাৰি কৰাৰ ১৫ দিনৰ বাবে ই বৈধ হ'ব আৰু বৈধতাৰ ম্যাদ উকলি যোৱাৰ পাছত নিৰ্বাচনী বণ্ড জমা কৰিলে কোনো পৰিশোধ কৰা নহ'ব । এটা যোগ্য ৰাজনৈতিক দলে নিৰ্বাচনী বণ্ড জমা কৰাৰ একেদিনাই একাউণ্টত ধন জমা কৰা হ'ব ।

নিৰ্বাচনী বণ্ড আঁচনি অনুসৰি এনে বণ্ডবোৰ ভাৰতৰ যিকোনো নাগৰিক বা ভাৰতত অন্তৰ্ভুক্ত বা প্ৰতিষ্ঠা কৰা কোনো সংস্থাই নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰিব । কেৱল জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ (১৯৫১ ৰ ৪৩) ধাৰা ২৯এ-ৰ অধীনত পঞ্জীয়ন কৰা ৰাজনৈতিক দলবোৰেহে নিৰ্বাচনী বণ্ড লাভ কৰিবলৈ যোগ্য হ'ব । যোৱা সাধাৰণ নিৰ্বাচনত হাউচ অফ দ্য পিপল বা ৰাজ্যৰ বিধানসভাত এক শতাংশতকৈ কম ভোট লাভ কৰা দল নিৰ্বাচনী বণ্ড লাভ কৰিবলৈ যোগ্য নহ'ব ।

নিৰ্বাচনী বণ্ডবোৰ কেৱল কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ একাউণ্টৰ জৰিয়তে এটা যোগ্য ৰাজনৈতিক দলৰ দ্বাৰা নগদ ধনলৈ ৰূপান্তৰ কৰা হ'ব । ২ নৱেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে ৰাজনৈতিক পুঁজিৰ উৎস হিচাপে নিৰ্বাচনী বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত ৰায় সংৰক্ষিত ৰাখিছিল ।

লগতে পঢ়ক :SC on Electoral Bonds : উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিব নিৰ্বাচনী বণ্ড আঁচনি গোচৰৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.