ETV Bharat / bharat

Cab Driver Humanity : কেব চালকৰ মহানুভৱতা, হেৰোৱা সোণ ওভতাই দিলে যাত্ৰীক

author img

By

Published : Dec 6, 2022, 5:22 PM IST

এনে কিছু লোক আছে, যাৰ মহানুভৱতা আৰু মানৱতাৰ বাবে এতিয়াও পৃথিৱীখন মানুহৰ বাসোপযোগী হৈ আছে বুলিলেও অত্যুক্তি কৰা নহয় । তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে । য'ত এগৰাকী কেব চালকে দেখুৱাইছে মহানুভৱতা (Cab Driver Humanity) ।

Cab
Cab

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : বৰ্তমান সময়ত মানুহ আত্মকেন্দ্ৰিক তথা স্বাৰ্থপৰ হৈ উঠা বুলি প্ৰায়ে অভিযোগ উঠে । লগতে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আনৰ অন্যায় কৰিবলৈও কুণ্ঠাবোধ নকৰাৰ অভিযোগ । তাতে যদি কাৰোবাৰ কিবা মূল্যৱান হেৰোৱা সম্পদ কোনোৱে লাভ কৰে তেন্তে সেয়া গৰাকীক ঘূৰাই দিয়াৰ কথা চিন্তা-বিবেচনা কৰাৰ কথাও এচামে পাহৰি গৈছে । বিপদত পৰা মানুহক উদ্ধাৰ কৰাতো দূৰৈৰ কথা, তেওঁক বিপদত পেলাই থৈ ৰং চোৱা মানুহৰো উদাহৰণ আছে ।

কিন্তু তাৰ মাজতো এনে কিছু লোক আছে, যাৰ মহানুভৱতা আৰু মানৱতাৰ বাবে এতিয়াও পৃথিৱীখন মানুহৰ বাসোপযোগী হৈ আছে বুলিলেও অত্যুক্তি কৰা নহয় । তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে । য'ত এগৰাকী কেব চালকে দেখুৱাইছে মহানুভৱতা (Cab Driver Humanity) ।

পেহেলগামৰ এজন কেব চালকে ঘূৰাই দিলে হায়দৰাবাদৰ পৰ্যটকে হেৰুওৱা সোণ (Cab driver returns lost gold to tourist) । দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিখ্যাত পৰ্যটনস্থলী পেহেলগামত এজন হায়দৰাবাদৰ পৰ্যটকক ১০ লাখ টকাৰ সোণ ঘূৰাই দিয়ে উক্ত কেব চালকজনে (tourist destination of Kashmir) ।

পেহেলগামৰ মোভাৰা প্ৰেছিডেণ্ট টেক্সি ষ্টেণ্ডৰ আব্দুল ৰছিদ ৱানিয়ে ইটিভি ভাৰতক জনোৱা মতে, কুলকাৰ পাখগামৰ বাসিন্দা এগৰাকী টাভেৰা কেব চালক আকাশ ফাৰুক ৱানীয়ে পেহেলগাম ভ্ৰমণলৈ যোৱা হায়দৰাবাদৰ এজন পৰ্যটকক ১০ লাখ টকাৰ সোণ ঘূৰাই দিয়ে (Pahalgam of Kashmir) । উল্লেখ্য যে উক্ত পৰ্যটকগৰাকীয়ে আকাশৰ বাহনত উঠি ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ গাড়ীখনতে সোণখিনি পাহৰি এৰি থৈ যায় (president Taxi Stand Movera Pahalgam) ।

তেওঁ কয় যে পৰ্যটকজনেও ইতিমধ্যে তেওঁৰ সোণখিনি হেৰোৱাৰ কথাটো টেক্সি ষ্টেণ্ডটোত গৈ অৱগত কৰিছিল । তাৰ মাজত কেব চালকসকলে চালকজনক এই খবৰটো দিয়ে । তাৰ পিছত তেওঁ তেওঁৰ বাহনখন তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছত সোণখিনি উদ্ধাৰ কৰে আৰু পিছত সেইখিনি পৰ্যটকজনক ঘূৰাই দিয়ে ।

ৱানীয়ে লগতে কয় যে পিছত হায়দৰাবাদৰ পৰ্যটকজনে সোণখিনি সংগ্ৰহ কৰিবলৈ শ্ৰীনগৰ বিমানবন্দৰৰ (Srinagar airport) পৰা উভতি আহে । লগতে পৰ্যটকজনে হেৰুওৱা সোণখিনি ঘূৰাই দিয়াৰ বাবে চালকজনক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Man raped his wife: তিনি সন্তানৰ সন্মুখতে পত্নীক ধৰ্ষণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.