ETV Bharat / bharat

মাওবাদীৰ আক্ৰমণৰ প্ৰচেষ্টা ব্যৰ্থ কৰিলে বিএছএফে

author img

By

Published : Feb 23, 2021, 1:15 PM IST

মঙলবাৰে ওড়িশাৰ মাল্কানগিৰিৰ কাদালিবান্ধা বনাঞ্চলত সীমা সুৰক্ষা বলৰ অভিযানত বহু পৰিমাণৰ বিস্ফোৰক পদাৰ্থ জব্দ । সীমা সুৰক্ষা বলৰ নিয়মীয়া অভিযানত উদ্ধাৰ হয় বিস্ফোৰক পদাৰ্থসহ ৫ কেজি টিফিন বোমা, ২ টা আইইডি, তাঁৰ, বেটাৰী আৰু মাওবাদীৰ এযোৰ পোছাক ।

মাল্কানগিৰিত মাওবাদীৰ আক্ৰমণৰ প্ৰচেষ্টা ব্যৰ্থ কৰিলে বিএছএফে
মাল্কানগিৰিত মাওবাদীৰ আক্ৰমণৰ প্ৰচেষ্টা ব্যৰ্থ কৰিলে বিএছএফে

নেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী: ওড়িশাত মাওবাদীৰ আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ প্ৰতিপন্ন কৰিলে সীমা সুৰক্ষা বলে । মঙলবাৰে ওড়িশাৰ মাল্কানগিৰিৰ কাদালিবান্ধা বনাঞ্চলত সীমা সুৰক্ষা বলৰ নিয়মীয়া অভিযানত উদ্ধাৰ হ'ল বহু পৰিমাণৰ বিস্ফোৰক পদাৰ্থৰ লগতে ৫ কেজি টিফিন বোমা, ২টা আইইডি, তাঁৰ, বেটাৰী আৰু মাওবাদীৰ এযোৰ পোছাক । সীমা সুৰক্ষা বলে পিছত টিফিন বোমা, আইইডি দুটা নিষ্ক্ৰিয় কৰে ।

কাদালিবান্ধা বনাঞ্চলৰ নিৰাপত্তাৰক্ষীক আক্ৰমণৰ বাবে যো-জা চলাইছিল মাওবাদীয়ে । পূৰ্বে ওড়িশাৰ গোগপডাৰ গাঁৱত হোৱা বিস্ফোৰণত সীমা সুৰক্ষা বলৰ এগৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছিল । এই ঘটনা মথিলি খণ্ডৰ মাল্কানগিৰিত সংঘটিত হৈছিল । নিৰপত্তাৰক্ষী সকলে নিয়মীয়া অভিযান চলাই উভতি অহাৰ সময়তে আইইডি বিস্ফোৰণ হৈছিল । এক বিশেষ সূত্ৰই জনোৱা মতে, মাওবাদীয়ে এই আইইডি বিস্ফোৰণ সংঘটিত কৰিছিল ।

লগতে পঢ়ক: বাংলাদেশত উপস্থিত ভাৰতীয় বায়ুসেনা প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.