ETV Bharat / bharat

পুৱাই ডাঠ কুঁৱলীয়ে আগুৰি ধৰিলে দেশৰ ৰাজধানী দিল্লীক

author img

By

Published : Nov 21, 2020, 12:14 PM IST

বায়ুমণ্ডলৰ দুৰ্বল মানদণ্ডই ভয়ানক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে দেশৰ ৰাজধানী দিল্লীলৈ ৷ শনিবাৰে ৰাতিপুৱা দিল্লীৰ বায়ুমণ্ডলৰ সামগ্ৰীক মানদণ্ড Air Quality Index (AQI) ভিত্তিত 313 সূচাংক হয় ৷

with-low-visibility-and-thick-haze-delhis-air-quality-remains-very-poor
পুৱাই ডাঠ কুঁৱলীয়ে আগুৰি ধৰিলে দেশৰ ৰাজধানী দিল্লীক

নিউজ ডেস্ক, 21 নৱেম্বৰঃ প্ৰদুষিত বায়ুমণ্ডলৰ দুৰ্ৱল মানদণ্ডই ভয়ানক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে দেশৰ ৰাজধানী দিল্লীলৈ ৷ কিয়নো শনিবাৰৰ পূৱাই ডাঠ কুৱলীয়ে আৱৰি ধৰে ৰাজধানী চহৰ খনক ৷

বায়ুৰ মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালীয়ে চমুকৈ SAFAR-India ই সদৰি কৰা মতে,শনিবাৰে ৰাতিপুৱা দিল্লীৰ বায়ুমণ্ডলৰ সামগ্ৰিক মানদণ্ড Air Quality Index (AQI) ভিত্তিত 313 সুচাংক হয় ৷ SAFAR য়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি চহৰৰ খনৰ বেছি ভাগ অঞ্চলৰ বায়ু মণ্ডলৰ মানদণ্ড অতি নিম্নগামী হৈছে ৷

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্যৰ অনুসৰি AQI ভিত্তিত অতি নিম্নগামী বায়ুমণ্ডলৰ অঞ্চল কেইটা হ'ল আন্দ বিহাৰ (256),আৰ কে পুৰাম (290) আৰু পাটপাৰগঞ্জ (279) আদি ৷

লগতে পঢ়কঃ নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.