ETV Bharat / bharat

ৱাছিংটনত CAA আৰু NRC ৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Dec 23, 2019, 7:00 PM IST

ভাৰতবৰ্ষৰ লগতে এতিয়া বিদেশতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে অসংখ্য লোক ৷ প্ৰচণ্ড শীতকো নেওচি ৱাছিংটনৰ ভাৰতীয় দূতাবাসৰ সন্মুখত দেওবাৰে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে লোকসকলে ৷

ৱাছিংটনত CAA আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ
ৱাছিংটনত CAA আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক, 23 ডিচেম্বৰ: ভাৰতবৰ্ষৰ লগতে এতিয়া বিদেশতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে অসংখ্য লোক ৷ প্ৰচণ্ড শীতকো নেওচি ৱাছিংটনৰ ভাৰতীয় দূতাবাসৰ সন্মুখত দেওবাৰে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে লোকসকলে ৷ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তীৰ সন্মুখত হোৱা এই বিশাল ৰেলীত অংশগ্ৰহণ কৰে প্ৰায় 500 জনতকৈও অধিক লোকে ৷

Etv Bharat Assam
ৱাছিংটনত CAA আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ

'আজাদি' এই শব্দটোৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে ৷ এখন ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰীক দেশৰ নাগৰিক হিচাপে আমাৰ মাত মতাৰ অধিকাৰ আছে ৷ আৰু কোনো কাৰণতেই আমি এই বিধেয়কখন মানি ল'ব নোৱাৰো বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

ধৰ্মৰ ভিত্তিত চৰকাৰে এনেদৰে বিভাজন কৰাটো উচিত হোৱা নাই ৷ সেয়েহে আইনখনৰ বিৰুদ্ধে আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছো বুলিও কয় প্ৰতিবাদকাৰীসকলে ৷ লগতে বহু বিদেশী লোকেও এই প্ৰতিবাদত শান্তিৰ বাৰ্তা বিয়পোৱাৰ উদ্দেশ্যে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.