ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ জে পি নড্ডা

author img

By

Published : Jan 9, 2021, 1:52 PM IST

নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ জে পি নড্ডা
নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ জে পি নড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগৰ বৰ্ধমানত কৃষক ৰাইজৰ মাজত উপস্থিত হ’ব । নিৰ্বাচনৰ প্ৰাকক্ষণত নড্ডাই দলৰ হৈ 'ঘৰে ঘৰে চাউল সংগ্ৰহ' নিৰ্বাচনী ৰণনীতি চলাব । বৰ্ধমানৰ ক্লক টাৱাৰৰ পৰা লৰ্ড কাৰ্জন গেটলৈ ৰোড শ্ব' কৰিব ।

নিউজ ডেস্ক, ৯ জানুৱাৰী: শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগৰ বৰ্ধমানত কৃষক ৰাইজৰ মাজত উপস্থিত হ'ব । নিৰ্বাচনৰ প্ৰাকক্ষণত নড্ডাই দলৰ হৈ 'ঘৰে ঘৰে চাউল সংগ্ৰহ' নিৰ্বাচনী ৰণনীতি চলাব । যাৰ উদ্দেশ্য কৃষকসকলৰ বিকাশ, প্ৰগতি আৰু সমৃদ্ধি । তাৰবাবে নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিব । নড্ডাই বৰ্ধমানৰ ক্লক টাৱাৰৰ পৰা লৰ্ড কাৰ্জন গেটলৈ ৰোড শ্ব' কৰি এক সংবাদমেলৰো সম্বোধন কৰিব ।

দলৰ মুখ্য প্ৰৱক্তা অনিল বালুনিয়ে কয় যে নড্ডাই ৰাজ্যখনৰ জগাদানপুৰ গাঁৱৰ কৃষক ৰাইজৰ সৈতে যাত্ৰাকালৰ অধিকাংশ সময় কটাব । ইয়াৰোপৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ তৰফৰ পৰা গাঁওখনত অধিক 'কৃষক সুৰক্ষা গ্ৰাম সভা' অনুষ্ঠিত কৰা হ'ব । এমুঠি চাউল সংগ্ৰহ কৰা যোঁজনাৰ অধীনত বিজেপিয়ে ৰাজ্যখনৰ ৭৩ লাখ গাঁওবাসীৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

মমতা বেনাৰ্জীৰ দহ বছৰীয়া শাসনক ওফৰাবলৈ এইবাৰ বিজেপিয়ে নিৰ্বাচনী ৰণনীতিৰ প্ৰস্তুতি তুংগত চলাইছে ।

ইফালে কেন্দ্ৰই কৃষকৰ স্বাৰ্থ বিৰোধী আইন প্ৰণয়ন কৰাত দিল্লীত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । তেনে সময়তে বিজেপিয়ে আকৌ কৃষকৰ হৈ এইবাৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । গেৰুৱা দলটোৰ এনে কাৰ্যত হয়তো বিমোৰত পৰাৰ আশংকা দেখা দিব পাৰে ।

লগতে পঢ়ক: বিৰোধীয়ে কৃষক আন্দোলনক ৰাজনীতিকৰণ কৰিছে : গজেন্দ্ৰ সিং শেখাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.