ETV Bharat / bharat

বিভক্ত বিশ্ব ইছলামিক নেতৃত্বৰ যুঁজৰ মাজত কাশ্মীৰ ওলমি ৰৈছে নেকি ?

author img

By

Published : Jan 20, 2020, 3:25 PM IST

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ লগতে সম্পূৰ্ণ অঞ্চলটোক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰ কৰা কাৰ্যই পাকিস্তানক ভাৰতৰ বিষয়ে কিছু মিছা অপবাদ দিয়াৰ কাৰণে সুবিধা মোকলাই দিলে। সকলোৱে জনা কথা যে পাকিস্তানে যিমান পাৰে কাশ্মীৰৰ কথা বাৰে বাৰে বিশ্বৰ আগত দোহাৰিবলৈ বিচাৰে, লগতে দোহাৰে কাশ্মীৰীসকলৰ স্বাধীনতা সংগ্ৰামত ৰাজনৈতিক,কূটনৈতিক তথা নৈতিক সমৰ্থনৰ কথা ।

বিভক্ত বিশ্ব ইছলামিক নেতৃত্বৰ যুঁজৰ মাজত কাশ্মীৰ ওলমি ৰৈছে নেকি ?
বিভক্ত বিশ্ব ইছলামিক নেতৃত্বৰ যুঁজৰ মাজত কাশ্মীৰ ওলমি ৰৈছে নেকি ?

বৰ্তমানৰ ইছলামিক দেশৰ সংস্থাৰ মহা সচিব চৌদি আৰৱে কাশ্মীৰত পৰিস্থিতিৰ আলোচনা কৰিবলৈ ইছলামিক দেশৰ সংস্থাৰ এক বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে পাকিস্তানৰ পৰামৰ্শ গ্ৰহণ কৰা বুলি খবৰ পোৱা গৈছে।যদিও একাংশ ভাৰতীয় সংবাদ মাধ্যমে এই বৈঠক ২০২০ বৰ্ষৰ এপ্ৰিল মাহত ইছলামাবাদত হ'ব বুলি প্ৰকাশ কৰিছে, এতিয়লৈকে স্থান,তাৰিখ বা অংশগ্ৰহণক লৈ কোনো আনুষ্ঠানিক বাতৰি ওলোৱা নাই। ২০১৯ বৰ্ষৰ ২৬ ডিচেম্বৰত হোৱা এখন বৈঠকত চৌদি আৰৱে তেওঁলোকৰ সিদ্ধান্ত বৈদেশিক মন্ত্ৰীৰ জৰিয়তে পাকিস্তানক সদৰী কৰে।

Kashmir : Caught Between the Tug of War For Leadership of Divided Global  Islam ?
কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু ৰাজনীতি
পাকিস্তান বৈদেশিক কাৰ্যালয়ৰ ভাষ্য অনুসৰি দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীয়ে কাশ্মীৰৰ উন্নয়নৰ ক্ষেত্ৰত ইছলামিক দেশৰ সংস্থাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰত অধিকৃত জম্মু আৰু কাশ্মীৰত যোৱা বছৰৰ ৫ আগষ্টত হোৱা ৩৭০ অনুচ্ছেদ ব্যবস্থা প্ৰত্যাহাৰৰ পিছৰ পৰিস্থিতি বৰ্ণনা কৰে । পাকিস্তানী বৈদেশিক মন্ত্ৰীজনে লগতে সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা উল্লেখ কৰি ভাৰতত ইছলাম ধৰ্মাৱলম্বী লোকসকল 'লক্ষ্য' হোৱাৰ কথা কয়।কাশ্মীৰক লৈ থকা পাকিস্তানৰ দুৰ্বলতাৰ কথা সমগ্ৰ বিশ্বই জানে। চৌদি আৰৱৰ শেহতীয়া সিদ্ধান্ত তথা কিছু শেহতীয়া পৰিস্থিতিৰ কথা তলত বিস্তৃতভাৱে আলোচনা কৰা হৈছে।

যোৱা বছৰৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ লগতে সম্পূৰ্ণ অঞ্চলটোক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰ কৰা কাৰ্যই পাকিস্তানক ভাৰতৰ বিষয়ে কিছু মিছা অপবাদ দিয়াৰ কাৰণে সুবিধা মোকলাই দিলে। সকলোৱে জনা কথা যে পাকিস্তানে যিমান পাৰে কাশ্মীৰৰ কথা বাৰে বাৰে বিশ্বৰ আগত দোহাৰিবলৈ বিচাৰে, লগতে দোহাৰে কাশ্মীৰি সকলৰ স্বাধীনতা সংগ্ৰামত ৰাজনৈতিক,কূটনৈতিক তথা নৈতিক সমৰ্থনৰ কথা । ভাৰতবিৰোধী কিছু বক্তব্য ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই যোৱা বছৰৰ চেপ্তেম্বৰ মাহত পাক প্ৰধানমন্ত্ৰী ইমৰান খান ইউ এন জি এ গৈছিল। ভাৰতত এক আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগৰ সূচনা কৰিব বিচৰা সেই উদ্দেশ্যত ভবাধৰণে সঁহাৰি নাপায় তেওঁ যেন অসন্তুষ্ট হৈছিল।

Kashmir : Caught Between the Tug of War For Leadership of Divided Global  Islam ?
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান
তুৰ্কী আৰু মালেচিয়াৰ বাহিৰে অন্য কোনো দেশে পাকিস্তানৰ দৃষ্টিভংগীক সমৰ্থন কৰা নাছিল।নিউয়ৰ্কত হোৱা পাকিস্তান,তুৰ্কী আৰু মালয়েছিয়াৰ এই বৈঠকত ইছলামিক টি ভিৰ আৰম্ভণি কৰাৰ লগতে ইছলামিক সন্মিলন এখনৰো কথা উল্লেখ হয় যিয়ে সমগ্ৰ বিশ্বজুৰি ইছলামৰ প্ৰধান বিষয়সমূহৰ ওপৰত আলোকপাত কৰিব। এই সন্মিলনখনিৰ উদ্ধোধন কৰিবলৈ মালয়েছিয়া আগবাঢ়ি আহিল। আৰৱীয়ান দেশবোৰৰ বাহিৰেও পাকিস্তান,তুৰ্কী,মালয়েছিয়া,ইৰানৰ লগতে কাটাৰো আগবাঢ়ি আহিল Iএইখিনিতে এটা কথা উপস্থাপন কৰা উচিত যে তুৰ্কী,ইৰাণ আৰু মালয়েছিয়াৰ দৰে ৰাষ্ট্ৰই চৌদি আৰৱৰ লগত প্ৰতিযোগিতামূলক মনোবৃত্তি গ্ৰহণ কৰিলেও,আৰৱ আৰু সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ তথা অন্য ৰাষ্ট্ৰই কাটাৰৰ লগত সংযোগ বিচ্ছিন্ন কৰিছিল ২০১৭ চনৰ জুন মাহত। কে এল ইছলামিক সন্মিলন বিশ্বজুৰি ইছলাম সম্প্ৰদায়ৰ নেতৃত্ব সলনি কৰা এক প্ৰচেষ্টা হিচাপে বিবেচিত হোৱাৰ লগতে ইছলামিক দেশৰ সংস্থাৰ সমান্তৰাল এক সংস্থা জন্ম হোৱাৰ কথা চৰ্চা হৈছিল। অৱশেষত ২০১৯ বৰ্ষৰ ডিচেম্বৰৰ মাজভাগত কুৱালালামপুৰত অনুষ্ঠিত ইছলামিক সন্মিলনত এঘাৰ নম্বৰ ঘণ্টাত পাকিস্তানক ওলাই যাবলৈ হেঁচা প্ৰয়োগ কৰা হ'ল। পাকিস্তানেও চৌদি আৰৱৰ হেঁচা মানি লৈছে অৰ্থনৈতিক নিৰ্ভৰশীলতা তথা যি সাতশ হাজাৰ পাকিস্তানী কৰ্মচাৰী চৌদি আৰৱত কৰ্মৰত হৈ আছে এই কাৰণবোৰ আৰু আচলতে নিজৰ অৰ্থনীতিক বচাবৰ কাৰণে । সমান্তৰালভাৱে কাশ্মীৰৰ বিষয়টো ইছলামিক দেশৰ সংস্থাৰ মঞ্চত আলোচনা কৰাৰ বাবে চৌদি আৰৱ সন্মত হৈছে। এই কথাবোৰৰ ভিতৰত কাশ্মীৰ মাজত ওলমি ৰৈছে। এতিয়া,চৌদি আৰৱৰ সিদ্ধান্তই ভাৰত আৰু চৌদি আৰৱৰ কৌশলগত সম্পৰ্কৰ মাজত প্ৰভাৱ পেলাব নেকি?
Kashmir : Caught Between the Tug of War For Leadership of Divided Global  Islam ?
কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ স্থিতি অটল
ভাৰতে কেনেধৰণে বহিঃপ্ৰকাশ কৰে তাৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব। ইছলামিক দেশৰ সংস্থাৰ বিভিন্ন বৈঠকত কাশ্মীৰৰ বিষয়টো আলোচনা হৈছে যদিও কোনো সমাধান ওলোৱা নাই বা ভাৰতৰ কাশ্মীৰ পলিচি অথবা সমগ্ৰ বিশ্বৰ মতামতৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই। মোৰ মতা মতেদি,যদিও ভাৰতে অসন্তুষ্টিৰ মুক্ত প্ৰচাৰণ কৰাতো ঠিকেই, কিন্ত ৰাজনীতিবিদৰ মতে ভাৰতে এনেকুৱা বিষয়ক অৰিহণা দিয়াটো অনুচিত কাৰণ আৰৱৰ যিকোনো সিদ্ধান্ত আভ্যন্তৰীণ মুছলমান ৰাষ্ট্ৰ ৰাজনীতিৰ লগত জৰিত আৰু সেয়েহে ভাৰতে আৰৱৰ লগত অংশীদাৰী বিপদৰ আশংকা কৰাটো একেবাৰে অপ্ৰয়োজনীয়।
Intro:Body:

বিভক্ত বিশ্ব ইছলামিক নেতৃত্বৰ যুঁজৰ মাজত কাশ্মীৰ ওলমি ৰৈছে নেকি?



বৰ্তমানৰ ইছলামিক দেশৰ সংস্থাৰ মহা সচিব 

চৌদি আৰৱে কাশ্মীৰত পৰিস্থিতিৰ আলোচনা কৰিবলৈ ইছলামিক দেশৰ সংস্থাৰ এক বৈঠক অনুস্থিত কৰাৰ কাৰনে পাকিস্তানৰ পৰামৰ্শ গ্ৰহণ কৰা বুলি খবৰ পোৱা গৈছে।যদিও একাংশ ভাৰতীয় সংবাদ মাধ্যমে এই বৈঠক ২০২০ বৰ্ষৰ এপ্ৰিল মাহত ইছলামাবাদত হব বুলি প্ৰকাশ কৰিছে, এতিয়লৈকে স্থান, তাৰিখ বা অংশগ্ৰহনক লৈ কোনো আনুষ্ঠানিক বাতৰি ওলোৱা নাই। ২০১৯ বৰ্ষৰ ২৬ ডিচেম্বৰত হোৱা এখন  বৈঠকত চৌদি আৰৱে তেওঁলোকৰ সিদ্ধান্ত বৈদেশিক মন্ত্ৰীৰ জৰিয়তে পাকিস্তানক সদৰী কৰে। 

পাকিস্তান বৈদেশিক কাৰ্যালয়ৰ ভাষ্য অনুসৰি দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীয়ে কাশ্মীৰৰ উন্নয়নৰ ক্ষেত্ৰত  ইছলামিক দেশৰ সংস্থাৰ ভুমিকাৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰত অধিকৃত জম্মু আৰু কাশ্মীৰত যোৱা বছৰৰ ৫ আগষ্টত হোৱা ৩৭০ অনুচ্ছেদ ব্যবস্থা প্ৰত্যাহাৰৰ পিছৰ পৰিস্থিতি বৰ্নণা কৰে।

পাকিস্তানী বৈদেশিক মন্ত্ৰীজনে লগতে সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা উল্লেখ কৰি ভাৰতত ইছলাম ধৰ্মাৱলম্বী লোকসকল 'তাৰ্গেট' হোৱাৰ কথা কয়।



কাশ্মীৰক লৈ থকা পাকিস্তানৰ দুৰ্বলতাৰ কথা সমগ্ৰ বিস্বই জানে।চৌদি আৰৱৰ শেহতীয়া সিদ্ধান্ত তথা কিছু শেহতীয়া পৰিস্থিতিৰ কথা তলত বিস্তৃতভাৱে আলোচনা কৰা হৈছে।

যোৱা বছৰৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যহাৰৰ লগতে সম্পূৰ্ন অঞ্চলটোক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰ কৰা কাৰ্যই পাকিস্তানক ভাৰতৰ বিষয়ে কিছু মিছা অপবাদ দিয়াৰ কাৰণে সুবিধা মোকলাই দিলে। 

সকলোৱে জনা কথা যে পাকিস্তানে যিমান পাৰে কাশ্মীৰৰ কথা বাৰে বাৰে বিশ্বৰ আগত দোহাৰিবলৈ বিচাৰে, লগতে দোহাৰে কাশ্মীৰীসকলৰ স্বাধীনতা সংগ্ৰামত ৰাজনৈতিক, কুটনৈতিক তথা নৈতিক সমৰ্থনৰ কথা।



ভাৰতবিৰোধী কিছু বক্তব্য ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই যোৱা বছৰৰ চেপ্তেম্বৰ মাহত পাক প্ৰধানমন্ত্ৰী ইমৰান খান ইউ এন জি এ গৈছিল।  ভাৰতত এক আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগৰ সুচনা কৰিব বিচৰা সেই উদ্দেশ্যত ভবাধৰণে সহাঁৰি নাপায় তেওঁ যেন অসন্তুষ্ট হৈছিল।

তুৰ্কী আৰু মালেচিয়াৰ বাহিৰে অন্য কোনো দেশে পাকিস্তানৰ দৃষ্টিভংগীক সমৰ্থন কৰা নাছিল।

নিউয়ৰ্কত হোৱা পাকিস্তান, তুৰ্কী আৰু মালেচিয়াৰ এই বৈঠকত ইছলামিক টি ভিৰ আৰম্ভণি কৰাৰ লগতে ইছলামিক সন্মিলন এখনৰো কথা উল্লেখ হয় যিয়ে সমগ্ৰ বিশ্বজুৰি ইছলামৰ প্ৰধান বিষয়সমূহৰ ওপৰত আলোকপাত কৰিব।



এই সন্মিলনখনিৰ উদ্ধোধন কৰিবলৈ মালয়েচিয়া আগবাঢ়ি আহিল।.

আৰৱীয়ান দেশবোৰৰ বাহিৰেও পাকিস্তান, তুৰ্কী,মালেচিয়া, ইৰানৰ লগতে কাটাৰো আগবাঢ়ি আহিল Iএইখিনিতে এটা কথা উপস্থাপন কৰা উচিত যে তুৰ্কী, ইৰাণ আৰু মালেচিয়া ৰ দৰে ৰাষ্ট্ৰই  চৌদি আৰৱ লগত প্ৰতিযোগিতামূলক মনোবৃত্তি গ্ৰহণ কৰিলেও, আৰৱ আৰু সংযুক্ত আৰৱ এমিৰাত তথা অন্য ৰাষ্ট্ৰয়ে কাতাৰৰ লগত সংযোগ বিচ্ছিন্ন কৰিছিল ২০১৭ চনৰ জুন মাহত।



কে এল ইছলামিক সন্মিলন বিশ্বজুৰি ইছলাম সম্প্ৰদায়ৰ নেতৃত্ব সলনি কৰা এক প্ৰচেষ্টা হিচাপে বিবেচিত হোৱাৰ লগতে ইছলামিক দেশৰ সংস্থাৰ সমান্তৰাল এক সংস্থা জন্ম হোৱাৰ কথা চৰ্চা হৈছিল।



অৱশেষত ২০১৯ বৰ্ষৰ ডিচেম্বৰৰ মাজভাগত কুৱালা-লাম্পুৰত অনুস্থিত ইছলামিক সন্মিলনত এঘাৰ নম্বৰ ঘণ্টাত পাকিস্তানক ওলাই যাবলৈ হেঁচা প্ৰয়োগ কৰা হ'ল। পাকিস্তানেও চৌদি আৰৱৰ হেঁচা মানি লৈছে অৰ্থনৈতিক নিৰ্ভৰশীলতা তথা যি সাতশ হাজাৰ পাকিস্তানী কৰ্মচাৰী চৌদি আৰৱত কৰ্মৰত হৈ আছে এই কাৰণবোৰ আৰু আচলতে নিজৰ অৰ্থনীতিক বচাবৰ কাৰণে।সমান্তৰালভাৱে কাশ্মীৰৰ বিষয়টো ইছলামিক দেশৰ সংস্থাৰ মঞ্চত আলোচনা কৰাৰ বাবে চৌদি আৰৱ সন্মত হৈছে। এই কথাবোৰৰ ভিতৰত কাশ্মীৰ মাজত ওলমি ৰৈছে। এতিয়া,চৌদি আৰৱৰ সিদ্ধান্তই ভাৰত আৰু চৌদি আৰৱৰ কৌশলগত সম্পৰ্কৰ মাজত প্ৰভাৱ পেলাব নেকি?

ভাৰতে কেনেধৰনে বহিপ্ৰকাশ কৰে তাৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব। ইছলামিক দেশৰ সংস্থাৰ বিভিন্ন বৈঠকত কাশ্মীৰৰ বিষয়টো আলোচনা হৈছে যদিও কোনো সমাধান ওলোৱা নাই বা ভাৰতৰ কাশ্মীৰ পলিচি অথবা সমগ্ৰ বিশ্বৰ মতামতৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই।

মোৰ মতামতেদি, যদিও ভাৰতে অসন্তুষ্টিৰ মুক্তপ্ৰচাৰণ কৰাতো ঠিকেই, কিন্ত ৰাজনীতিবাদৰ মতে ভাৰতে এনেকুৱা বিষয়ক অৰিহণা দিয়াটো অনুচিত কাৰণ আৰৱৰ যিকোনো সিদ্ধান্ত আভ্যন্তৰীণ মুচলমান ৰাষ্ট্ৰ ৰাজনীতিৰ লগত জৰিত আৰু সেয়েহে ভাৰতে আৰৱৰ লগত  অংশীদাৰী বিপদাশঙ্কা কৰাটো একেবাৰে অপ্ৰয়োজনীয়।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.