ETV Bharat / bharat

তামিলনাডুত চৰকাৰী চিকিৎসক সন্থাৰ ধৰ্মঘট

author img

By

Published : Oct 27, 2019, 10:38 PM IST

চৰকাৰৰ চৰম প্ৰতাৰণাৰ বাবে দুখিত চিকিৎসকলে এইবছৰৰ দীপাৱলি ‘কলা দীপাৱলি’ বুলি আখ্যা দিয়ে ৷ উল্লেখযোগ্য যে, ধৰ্মঘটকাৰী চিকিৎসকসকলৰে 5 জন চিকিৎসকে শুক্ৰবাৰৰ পৰা আমৰণ অনসনত বহিছে ৷ দৰমহা বৃদ্ধি, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সংৰক্ষণ আৰু আধিক চিকিৎসক নিযুক্তিৰ দাবীত এই ধৰ্মঘট কৰিছে চিকিৎসকসকলে ৷

চৰকাৰী চিকিৎসক সন্থাৰ ধৰ্মঘট তামিল নাডুত

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ: তামিলনাডুৰ চৰকাৰী চিকিৎসক সন্থায়ে অনিৰ্দিষ্ট কাললৈ ঘোষণা কৰা ধৰ্মঘটে দেওবাৰে তৃতীয় দিনত ভৰি দিয়ে ৷ চেন্নাইস্থিত ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়ৰ চৌহদত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ দৰমহা বৃদ্ধিৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে ৷ সন্থাৰ অহ্বায়ক এচ. বালাকৃষ্ণনে জানিবলৈ দিয়া মতে, ডাক্তৰসকলে বিগত দুবছৰ ধৰি দৰমহা বৃদ্ধিৰ দাবী জনাই আহিছে যদিও কোনো সঁহাৰি পোৱা নাই ৷ তেঁও কয় যে, চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যদিও প্ৰতিশ্ৰুতি সমূহ কাৰ্যকৰী কৰা নাই ৷ চৰকাৰৰ লগত বহুবাৰ আলোচনা কৰাৰ পিছতো কোনো ফল নধৰাত এই সিদ্ধান্ত লয় চিকিৎসকসকলে ৷ চৰকাৰৰ চৰম প্ৰতাৰণাৰ বাবে দুখিত চিকিৎসকলে এইবছৰৰ দীপাৱলি ‘কলা দীপাৱলি’ বুলি আখ্যা দিয়ে ৷
উল্লেখযোগ্য যে, ধৰ্মঘটকাৰী চিকিৎসকসকলৰে 5 জন চিকিৎসকে শুক্ৰবাৰৰ পৰা আমৰণ অনসনত বহিছে ৷ দৰমহা বৃদ্ধি, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সংৰক্ষণ আৰু আধিক চিকিৎসক নিযুক্তিৰ দাবীত এই ধৰ্মঘট কৰিছে চিকিৎসকসকলে ৷

চৰকাৰী চিকিৎসক সন্থাৰ ধৰ্মঘট তামিল নাডুত

লগতে পঢ়ক: মুখ্যমন্ত্ৰী আঠ নম্বৰৰ সন্তান, হিমন্ত চাৰি নম্বৰৰ: আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.