ETV Bharat / bharat

ভাৰতবৰ্ষৰ গালৱান ভেলি চীনৰ অংশ বুলি দাবী চীনা চৰকাৰৰ

author img

By

Published : Jun 17, 2020, 9:27 PM IST

ভাৰতীয় ২০ জন সেনা জোৱানসহ এজন কৰ্নেল শ্বহীদ হব লগীয়া হয় চীনা সেনাৰ গুলিত সোমবাৰে নিশা গালৱান ভেলিত ।

চীনৰ গালৱাম ভেলিত সাৰ্বভেীত্ব দাবী
চীনৰ গালৱাম ভেলিত সাৰ্বভেীত্ব দাবী

নিউজ ডেস্ক,১৭জুনঃ ভাৰতবৰ্ষৰ গালৱান ভেলি চীনৰ অংশ বুলি দাবী জনাই আহিছে চীনা চৰকাৰে।তাৰ বাবে দুয়োখন দেশৰ মাজত সংঘাত অব্যাহত আছিল বহু দিনৰ পৰাই। চীনৰ বৈদেশিক বিভাগে মঙলবাৰে উল্লেখ কৰে যে ভাৰতীয় সেনাই নিজৰ সীমান্তত নাথাকি চীনৰ ভূমিত প্ৰবেশ কৰাৰ ফলত চীনা সৈন্যই বাধা প্ৰদান কৰাৰ বাবে দুয়ো দেশৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল আৰু কেইবা জনো সেনা জোৱান শ্বহীদ হব লগা হৈছিল ।

আনহাতে চীন দেশৰ বৈদেশিক বিভাগৰ মুখপাত্ৰ জাহা লি জি সোমবাৰে নিশা গালৱান ভেলিত ৪৩ জন চীনা সেনা নিহত হোৱাৰ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য নকৰিলে। ইফালে লি জি আনে কয় যে সম্প্ৰতি ভাৰত চীনৰ সীমান্তই যোগাযোগ, বৈদেশিক সম্পৰ্ক সকলো বন্ধ কৰি দিয়া হৈছে যেতিয়া লৈকে বিবাদ অবশান নঘটে ।

লগতে পঢকঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.