ETV Bharat / bharat

বিহাৰৰ চক ফাটেহ গাঁৱত অন্তিম সৎকাৰ সেনা জয় কিশোৰৰ

author img

By

Published : Jun 19, 2020, 3:11 PM IST

বিহাৰৰ পাটনাৰ বৈশালীৰ চক ফাটেহ গাঁৱত গালৱান ভেলীত হোৱা ভাৰত-চীনৰ সংঘৰ্ষত প্ৰাণ আহুতি দিয়া ২০ গৰাকী ভাৰতীয় সেনাৰ মাজৰ এগৰাকী জোৱান জয় কিশোৰৰ অন্তিম সৎকাৰৰ বাবে শুকুৰবাৰে সহস্ৰাধিক লোক উপস্থিত হয় ।

বিহাৰৰ চক ফাটেহ গাঁৱত অন্তিম সৎকাৰ সেনা জয় কিশোৰৰ
বিহাৰৰ চক ফাটেহ গাঁৱত অন্তিম সৎকাৰ সেনা জয় কিশোৰৰ

নেশ্যনেল ডেস্ক, ১৯ জুন : বিহাৰৰ পাটনাৰ বৈশালীৰ চক ফাটেহ গাঁৱত শুকুৰবাৰে ভাৰতীয় সেনা জয় কিশোৰক অন্তিম বিদায় দিবলৈ সহস্ৰাধিক লোকৰ আগমণ হয় । সেনা জোৱান জয় কিশোৰ ১৫ জুনত গালৱান ভেলীত হোৱা ভাৰত-চীনৰ সংঘৰ্ষত প্ৰাণ আহুতি দিয়া ২০ গৰাকী ভাৰতীয় সেনাৰ মাজৰ এগৰাকী জোৱান আছিল ।

বিহাৰৰ চক ফাটেহ গাঁৱত অন্তিম সৎকাৰ সেনা জয় কিশোৰৰ
বিহাৰৰ চক ফাটেহ গাঁৱত অন্তিম সৎকাৰ সেনা জয় কিশোৰৰ

চিপাহী জয় কিশোৰৰ বাসভৱন ‘ভাৰত মাতা কি জয়’ আৰু ‘জয় কিশোৰ অমৰ ৰহে’ ধ্বনিৰে গুঞ্জৰিত হৈ উঠে । কিয়নো কিশোৰৰ নশ্বৰদেহ শেষবাৰৰ বাবে নিজ বাসগৃহলৈ লৈ যোৱা হৈছিল ।

ইয়াৰ পূৰ্বে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গালৱান ভেলীত নিহত হোৱা বিহাৰৰ ৫ সৈনিকৰ আত্মীয়ক ৩৬ লাখ টকাৰ অনুদান আৰু এটা চাকৰি দিয়াৰ ঘোষণা কৰিছিল । বিহাৰৰ নিহত ৫ সৈনিক- চন্দন কুমাৰ, কুন্দন কুমাৰ, অমন কুমাৰ, জয় কিশোৰ সুনীল কুমাৰৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰত্যেককে ১১ লাখ টকা দিয়া হ'ব আৰু ২৫ লাখ টকা প্ৰত্যেককে মুখ্যমন্ত্ৰী পুজিৰ পৰা প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক : মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.