ETV Bharat / bharat

দিল্লীৰ কেইবাটাও প্ৰান্তৰ বায়ুমণ্ডলত অধিক অৱনতি

author img

By

Published : Oct 25, 2020, 10:49 PM IST

দিল্লীৰ কেইবাটাও প্ৰান্তৰ বায়ুমণ্ডলত অধিক অৱনতি ঘটিছে ৷ দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে জানিবলৈ দিয়ে এই কথা ৷

দিল্লীৰ কেইবাটাও প্ৰান্তৰ বায়ুমণ্ডলত অধিক অৱনতি
দিল্লীৰ কেইবাটাও প্ৰান্তৰ বায়ুমণ্ডলত অধিক অৱনতি

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ুমণ্ডলত অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷ দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে উল্লেখ কৰা অনুসৰি, বাৱানাত Air Quality Index হৈছেগৈ 422, মান্দকাত 423 আৰু জাহাংগীপুৰীত 416 ৷ এই তিনিও ক্ষেত্ৰত বায়ু প্ৰদূষণ অধিক বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে ৷

বিশেষজ্ঞ সকলৰ মতে, এনে প্ৰদুষণে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে আৰু সমসাময়িক ৰোগত গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে ৷

Air Quality Index 0-50 ৰ ভিতৰত হ'লে ভাল, 51-100ৰ ভিতৰত হ'লে সন্তুষজনক, 101-200 হৈছে মধ্যমীয়া, 201-300ৰ ভিতৰত বেয়া, 301-400 বহুত বেয়া আৰু 401-500য়ে গভীৰভাৱে বেয়া হোৱাতো বুজায় ৷

প্ৰদূষণ বৃদ্ধি ফলত ৰাইজে উশাহ-নিশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছে ৷ আনহাতে একাংশ শিশু দূষিত বায়ুৰ বাবে ডিঙিৰ ৰোগ আদি সমস্যাৰো সন্মুখীন হৈছে ৷

শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে দিল্লী উচ্চ ন্যাালয়ত উল্লেখ কৰিছে যে তেওঁলোকে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, নিৰ্মাণ সংস্থা, যান-বাহন আইন, পৌৰ সংস্থা, আৰু পৰিবহণ বিভাগক বায়ু প্ৰদূষণৰ কাৰক সমূহৰ গতি-বিধিত কঠোৰ নিজৰ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: মগ্ৰ বিহাৰেই মোৰ পৰিয়ালঃ নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.