ETV Bharat / bharat

Asian Games 2023: পুৰুষ হকীত ছিংগাপুৰক ঢোকেঢোকে পানী খুৱালে ভাৰতে

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 11:45 AM IST

Asian Games 2023
পুৰুষৰ হকী প্ৰতিযোগিতাত ভাৰতৰ পদক দখল

এছিয়ান গেমছত পুৰুষৰ হকী প্ৰতিযোগিতাত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শনত বিধ্বস্ত ছিংগাপুৰ । 16-1 ৰ ব্যৱধানত জয়ী ভাৰত ৷ হৰমনপ্ৰীত (24, 39, 40, 42 মিনিট) আৰু মনদ্বীপ (12, 30, 51), অভিষেক (51, 52), বৰুণ কুমাৰ (55, 55), ললিত কুমাৰ উপাধ্যায় (16), গুৰজন্ত সিং (22), বিবেক সাগৰ প্ৰসাদ (23), মনপ্ৰীত সিং (37), শমশ্বেৰ সিং (38) য়ে ভাৰতৰ হৈ গ’ল দিয়ে ।

স্পৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: মঙলবাৰে এছিয়ান গেমছত পুৰুষৰ হকী প্ৰতিযোগিতাত ভাৰতে ছিংগাপুৰক 16-1 গ’লত পৰাস্ত কৰে ৷ অধিনায়ক হৰমনপ্ৰীত সিং আৰু মনদ্বীপ সিঙে একোটাকৈ হেট্ৰিক সংগ্ৰহ কৰে । প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত উজবেকিস্তানক 16-0 গ’লত পৰাস্ত কৰাৰ পিছত ভাৰতীয় দলটোৱে ছিংগাপুৰৰ বিৰুদ্ধেও চমকপ্ৰদ জয়লাভ কৰে ।

অধিনায়ক হৰমনপ্ৰীত (24, 39, 40, 42 মিনিট) আৰু মনদ্বীপ (12, 30, 51), অভিষেক (51, 52), বৰুণ কুমাৰ (55, 55), ললিত কুমাৰ উপাধ্যায় (16), গুৰজন্ত সিং (22), বিবেক সাগৰ প্ৰসাদ (23), মনপ্ৰীত সিং (37), শমশ্বেৰ সিং (38) য়ে ভাৰতৰ হৈ গ’ল দিয়ে । ইয়াৰ পিছত ভাৰতে বৃহস্পতিবাৰে ডিফেণ্ডিং চেম্পিয়ন জাপানৰ বিৰুদ্ধে খেলিব ।

অভাৱনীয়ভাৱে ভাৰতীয় দলটোৱে যথেষ্ট শান্তিপূৰ্ণভাৱে আৰম্ভণি কৰিছিল যদিও বল দখলৰ সময়ৰ উত্তেজনা আছিল ৰোমাঞ্কৰ ৷ ভাৰতে আৰম্ভণিৰে পৰাই খেলখনত আধিপত্য বিস্তাৰ কৰিছিল । ষষ্ঠ মিনিটত ভাৰতৰ প্ৰথমটো সুযোগ আহিছিল যদিও সুখজিত সিঙৰ শ্বটটো ছিংগাপুৰৰ গ’লৰক্ষক ছেণ্ড্ৰান গুগানে ৰক্ষা কৰে ।

পৰৱৰ্তী সময়ত ভাৰতে প্ৰথমটো পেনাল্টি কৰ্ণাৰ নিশ্চিত কৰে যদিও অধিনায়ক হৰমনপ্ৰীত সিঙৰ ফ্লিকক ছিংগাপুৰৰ দলটোৱে কঠোৰভাৱে ৰক্ষা কৰে । ইয়াৰ দুই মিনিটৰ পাছত মনদীপ সিঙে ভাৰতৰ দ্বিতীয়টো পেনাল্টি কৰ্ণাৰ লাভ কৰে যদিও পুনৰ ছিংগাপুৰৰ গ’লৰক্ষক গুগানে বলটোক বাধা দিয়ে ।ভাৰতে আক্রমণ অব্যাহত ৰাখি অৱশেষত 12 মিনিটত গুৰজন্ত সিঙৰ ইঞ্চি পাৰফেক্ট পাছ গ’লত মনদীপে গ’ল শোধায় ।

প্ৰথম কোৱাৰ্টাৰৰ শেষৰ 2 মিনিটত ভাৰতে আৰু তিনিটা পেনাল্টি কৰ্ণাৰ নিশ্চিত কৰিছিল যদিও ৰক্ষা কৰিব নোৱাৰিলে । মুঠতে ভাৰতে প্ৰথম কোৱাৰ্টাৰত ৫ টা পেনাল্টি কৰ্ণাৰ নিশ্চিত কৰিছিল যদিও এটাও পেনাল্টি কৰ্ণাৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । দ্বিতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতে ললিতৰ জৰিয়তে ভাৰতে নিজৰ অগ্ৰগতি দুগুণ কৰিলে ।

21 মিনিটত গুৰজন্তৰ জৰিয়তে ভাৰতে অগ্ৰগতি বৃদ্ধি কৰে । উল্লেখ্য যে, মেচখনত নিশ্চিত হোৱা 22 টা পেনাল্টিৰ ভিতৰত মাত্ৰ 8 টাহে গ’ললৈ ৰূপান্তৰিত কৰিলে ।

ভাৰতে বৃহস্পতিবাৰে ডিফেণ্ডিং চেম্পিয়ন জাপানৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব ।

লগতে পঢ়ক: Asian Games 2023: এছিয়ান গেমছত ভাৰতে পুনৰ লাভ কৰিলে পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.