ETV Bharat / bharat

বিমানৰ সময় বিলম্বৰ বিষয়ে যাত্ৰীসকলক সঠিকভাৱে অৱগত কৰিবলৈ বিমান বন্দৰৰ কৰ্মচাৰীক নিৰ্দেশনা

author img

By PTI

Published : Jan 16, 2024, 8:14 AM IST

DGCA on Flight delay: অসামৰিক বিমান পৰিবহন সঞ্চালকালয়(ডিজিচিএ) ৰ নতুন SOP জাৰি ৷ SOP অনুযায়ী বিমান বন্দৰত কুঁৱলী সম্পৰ্কীয় ব্যাঘাতৰ সন্দৰ্ভত যাত্ৰীসকলৰ সৈতে সঠিককৈ যোগাযোগ কৰিবলৈ বিমানবন্দৰত কৰ্মচাৰীসকলক নিৰ্দেশনা ।

DGCA on Flight delay
বিমানৰ সময় বিলম্বৰ বিষয়ে যাত্ৰীসকলক সঠিকভাৱে অৱগত কৰিবলৈ বিমান বন্দৰৰ কৰ্মচাৰীক নিৰ্দেশনা

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : বিমান পৰিচালন নিৰীক্ষণকাৰী সংস্থা ডিজিচিএ-য়ে সোমবাৰে এয়াৰলাইনসমূহক বিমান বিলম্ব হোৱা সম্পৰ্কে সঠিক সময়ৰ তথ্য প্ৰকাশ কৰিবলৈ বিমান বন্দৰসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ লগতে বিমান বন্দৰত কুঁৱলী সম্পৰ্কীয় ব্যাঘাতৰ সন্দৰ্ভত যাত্ৰীসকলৰ সৈতে সঠিককৈ যোগাযোগ কৰিবলৈ বিমানবন্দৰত কৰ্মচাৰীসকলক নিৰ্দেশনা দিয়ে । শেহতীয়াকৈ ঘন কুঁৱলীৰ বাবে যথেষ্ট সংখ্যক বিমান বিলম্বিত আৰু বাতিল হোৱাৰ লগতে যাত্ৰীসকলে অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সন্দৰ্ভত এক SOP জাৰি কৰিছে ৷

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) এক বিবৃতিত জনোৱা অনুসৰি, এয়াৰলাইনসমূহে তেওঁলোকৰ বিমানত পলম হোৱা সম্পৰ্কে যাত্ৰীসকলক সঠিক তথা বাস্তৱ সময়ৰ তথ্য প্ৰকাশ কৰিব লাগে । বিমান বন্দৰত কৰ্মচাৰীসকলে সতৰ্ক তথা সজাগ হৈ থাকিব লাগে যাতে বিমানৰ বিলম্বৰ বিষয়ে যাত্ৰীসকলক উপযুক্তভাৱে যোগাযোগ কৰাৰ লগতে সঠিক সময় অৱগত কৰা হয় ৷

" দেশৰ কেইবাটাও প্ৰান্তত কুঁৱলীৰ লগতে প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, বিমান সেৱাসমূহে বিমানবন্দৰত ভিৰ হ্ৰাস কৰা আৰু যাত্ৰীৰ অসুবিধা হ্ৰাস কৰাৰ লক্ষ্যৰে 3 ঘণ্টাতকৈও অধিক সময়ৰ পিচত বিমান বিলম্ব কৰাৰ সম্ভাৱনা থাকে, অথবা বিমান বাতিল কৰিব পাৰে ৷" ডিজিচিএ-য়ে উল্লেখ কৰে ৷

এক চৰকাৰী বিবৃতিত উল্লেখ কৰে যে, "দিল্লীৰ বিমানবন্দৰকে ধৰি বিভিন্ন বিমানবন্দৰত কুঁৱলী আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমান বিলম্ব কৰা আৰু বিমান বাতিল কৰিব লগীয়া গৈছে ৷ যাৰ ফলত যাত্ৰীসকলে শেহতীয়াকৈ বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷"

অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বিমান পৰিচালনাত কুঁৱলী সম্পৰ্কীয় ব্যাঘাত হ্ৰাস কৰিবলৈ বিভাগীয় লোকসকলে 24 ঘণ্টাই চেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, দেওবাৰে ইণ্ডিগ’ বিমানৰ ভিতৰৰ দিল্লী বিমানবন্দৰত যাত্ৰা পলম হোৱাৰ কথা ঘোষণা কৰি থকাৰ সময়তে ইণ্ডিগ’ বিমানৰ পাইলটক এজন যাত্ৰীয়ে ঠেলা মৰাৰ এটা ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈছিল ৷

লগতে পঢ়ক: বিমান চালকক প্ৰহাৰ কৰাটো গ্ৰহণযোগ্য নহয়: জ্যোতিৰাদিত্য সিন্ধিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.