ETV Bharat / bharat

Nipah virus: কেৰালাত বিয়পি পৰিছে নিপা ভাইৰাছ

author img

By ANI

Published : Sep 13, 2023, 8:51 AM IST

Updated : Sep 13, 2023, 10:02 AM IST

Nipah virus
কেৰেলাত ভয়াবহভাবে শিপাইছে নিপা ভাইৰাচ

কেৰালাত ভায়ৱহ ৰূপত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণ ৷ কেইবাখনো জিলাত জাৰি কৰা হৈছে সতৰ্কতা ৷

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : ক’ভিড-19ৰ পাচত ভাৰতত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণ ৷ বিশেষকৈ কেৰালাত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণ ৷ ৰাজ্যখনৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ লৈছে নিপা ভাইৰাছে ৷ কেৰালাৰ কোজিকোড জিলাত নিপা ভাইৰাছৰ সংক্ৰমণ ধৰা পেলাইছে স্বাস্থ্য বিভাগে ৷ তাৰ পাচতে কান্নুৰ, ৱায়ানাড আৰু মালাপ্পুৰম জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী ৷ এই কথা জানিবলৈ দিছে কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে ৷

ইতিমধ্যে কোজিকোড জিলাত জ্বৰৰ ফলত হোৱা দুজনকৈ লোকৰ মৃত্যুৰ পাচতে পোহৰলৈ আহিছে এই কথা ৷ লগে লগে জিলাখনত জাৰি কৰিছে সতৰ্কতা ৷ নিপা ভাইৰাছে যাতে অধিক ভয়াৱহ ৰূপ নলয় তাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ৷

চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়তো যাতে নিপাহ ৰোগীসকলৰ চিকিৎসাৰ বাবে মনোক্ল'নেল এণ্টিবডী উপলব্ধ হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাহ প্ৰদান কৰিছে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ৷ তেওঁ কয়, ‘‘কেৰালা স্বাস্থ্য বিভাগে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ অৰ্থাৎ আইচিএমআৰ সৈতে যোগাযোগ কৰা হৈছে ৷ ৰোগাৰ পৰা সংগ্ৰহ কৰা নমুনাবোৰ পুনে ইনষ্টিটিউট অৱ ভাইৰোলজীলৈ প্ৰেৰণ কৰা হৈছিল যাতে নিপা ভাইৰাছ হয় নে নহয় নিশ্চতৰ বাবে ৷’’

আনহাতে জিলাখনত এটা নিপাহ নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে ৷ 0495 2383100, 0495 2383101, 0495 2384100, 0495 2384101, 0495 2386100 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ সমান্তৰালভাৱে বিভিন্ন অঞ্চল স্বাস্থ্য বিভাগৰ পৰ্যবেক্ষণৰ লগতে সজাগতা সভা, বিভিন্ন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ৷ এই ক্ষেত্ৰত অধিক তৎপৰ হৈছে জিলা প্ৰশাসন ৷ এই কথা জানিবলৈ দিছে মন্ত্ৰী বীনা জৰ্জে ৷

লগতে পঢ়ক :Killing Two Tigers in Nilgiris:নীলগিৰিৰ দুটা বাঘক বিহ দি হত্যা, এজনক গ্ৰেপ্তাৰ

Last Updated :Sep 13, 2023, 10:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.