ETV Bharat / bharat

Adani Group shares continue to fall: শ্বেয়াৰ বজাৰত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন আদানি গ্ৰুপ

author img

By

Published : Jan 27, 2023, 1:20 PM IST

Updated : Feb 2, 2023, 12:44 PM IST

আমেৰিকাৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ পাছতে আদানি গ্ৰুপৰ সন্মুখত বৃহৎ সমস্যা (Adani Group in trouble)। কোম্পানীবোৰৰ শ্বেয়াৰ নিৰন্তৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে । কিন্তু আদানি গ্ৰুপৰ বিৰুদ্ধে কি আছে এই প্ৰতিবেদনত ?

শ্বেয়াৰ বজাৰত প্ৰত্যাহ্বানৰ সন্মুখীন আদানি গ্ৰুপ
শ্বেয়াৰ বজাৰত প্ৰত্যাহ্বানৰ সন্মুখীন আদানি গ্ৰুপ

নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী : শ্বেয়াৰ বজাৰত আদানি গ্ৰুপৰ মুখ থেকেচা । শুকুৰবাৰে আদানি গ্ৰুপৰ শ্বেয়াৰ প্ৰাৰম্ভিক লেনদেনত ২০ শতাংশ হ্ৰাস পাইছে (Adani Group shares fell heavily)। আমেৰিকান বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন অনুসৰি উদ্যোগপতি গৌতম আদানিৰ নেতৃত্বৰ গ্ৰুপটোক "মুকলিকৈ ষ্টক জালিয়াতি আৰু একাউণ্টিং জালিয়াতিত লিপ্ত" বুলি অভিযোগ কৰিছে (Hindenburg Research report on Adani Group)। কোম্পানীটোৰ এই অভিযোগৰ পাছতে বিশাল ব্যৱসায়ৰ সৈতে জড়িত আদানি গ্ৰুপৰ কোম্পানীবোৰৰ শ্বেয়াৰত যথেষ্ট হ্ৰাস হৈছে ।

জানিব পৰা মতে আদানি টোটল গেছৰ শ্বেয়াৰ ১৯.৬৫ শতাংশ, আদানি ট্ৰেন্সমিচনৰ ১৯ শতাংশ, আদানি গ্ৰীণ এনাৰ্জিৰ ১৫.৫০ শতাংশ আৰু আদানি এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ ৬.১৯ শতাংশ হ্ৰাস পাইছে । আদানি বন্দৰ আৰু বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ শ্বেয়াৰ ৫.৩১ শতাংশ, আদানি ৱিলমাৰ ৫ শতাংশ আৰু আদানি পাৱাৰৰ শ্ৱেয়াৰ ৪.৯৯ শতাংশ হ্ৰাস পাইছে ।

আদানি কোম্পানীৰ নামষ্টকত হ্ৰাস (শতাংশত)
আদানি টোটল গেছ কোম্পানী ১৯.৬৫
আদানি ট্ৰেন্সমিচন ১৯
আদানি গ্ৰীণ এনাৰ্জি ১৫.৫০
আদানি এণ্টাৰপ্ৰাইজেছ ৬.১৯
আদানি বন্দৰ আৰু বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ ৫.৩১
আদানি ৱিলমাৰ
আদানি পাৱাৰ ৪.৯৯

আদানি গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস হোৱাৰ মাজতে কোম্পানীটোৱে কয় যে ই হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ বিৰুদ্ধে তেওঁলোকে "শাস্তিমূলক ব্যৱস্থা" ল'ব । ইয়াৰ বাবে আইনী ব্যৱস্থা লোৱাৰো যো-জা চলাইছে কোম্পানীটোৱে । আদানি গ্ৰুপৰ মতে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে শ্বেয়াৰ বিক্ৰীৰ ক্ষতি কৰাৰ ক্ষেত্ৰত অবিবেচকভাৱে কাম কৰি আছে । একে সময়তে, আমেৰিকাৰ বিত্তীয় গৱেষণা কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে কয় যে তেওঁলোক নিজৰ প্ৰতিবেদনৰ স্থিতিত অটল আছে ।

আদানি গ্ৰুপে উল্লেখ কৰা মতে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ২০২৩ চনৰ ২৪ জানুৱাৰীত কোনো গৱেষণা আৰু সঠিক তথ্য অবিহনে গ্ৰুপটোৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰকাশ কৰিছে । এই প্ৰতিবেদনে আদানি গ্ৰুপ, শ্বেয়াৰ হ'ল্ডাৰ আৰু বিনিয়োগকাৰীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । প্ৰতিবেদনৰ জৰিয়তে ভাৰতীয় শ্বেয়াৰ বজাৰৰ অস্থিৰতা যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে বুলিও আদানি গ্ৰুপে উল্লেখ কৰে (Hindenburg Research vs Adani Group)।

আদানি গ্ৰুপে উল্লেখ কৰা মতে এই প্ৰতিবেদন ভিত্তিহীন আৰু ই কেৱল আদানি গ্ৰুপৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্যক ক্ষতি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে (Hindenburg report impacts Adani Groups shares)।

আদানি গ্ৰুপৰ মতে এটা বিদেশী সংস্থাই ইচ্ছাকৃতভাৱে আৰু কোনো চিন্তা নকৰাকৈ বিনিয়োগকাৰী সম্প্ৰদায় আৰু সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে । ই আদানি গ্ৰুপৰ নেতৃত্বৰ বিশ্বাস যোগ্যতাক ক্ষতিগ্ৰস্ত কৰিছে আৰু ফ্লেগশ্বিপ কোম্পানী আদানি এণ্টাৰপ্ৰাইজেছ এফপিঅ'ৰ বিক্ৰী ক্ষতিগ্ৰস্ত কৰিছে । আদানি গ্ৰুপে লগতে কয় যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতীয় আইনৰ অধীনত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ সৈতে যোগাযোগ কৰিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰি আছে ।

ইয়াৰ পূৰ্বে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে কৈছিল যে দুবছৰৰ গৱেষণাৰ পিছত দেখা গৈছে যে আদানি গ্ৰুপে কেইবা দশক ধৰি "মুকলিকৈ শ্বেয়াৰ আৰু একাউণ্টিং জালিয়াতি" কৰাত জড়িত হৈ আছে ।

লগতে পঢ়ক :Pakistan Crisis : ১৯৯৯ চনৰ পাছত পাকিস্তানী মুদ্ৰাৰ সৰ্বাধিক পতন

Last Updated : Feb 2, 2023, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.