ETV Bharat / bharat

বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে 5 জনে

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 10:22 PM IST

Tragic road mishap: বনভোজেই কাল মাতিলে 7 জন লোকৰ জীৱনলৈ ৷ ট্ৰাক আৰু অট’ ৰিক্সাৰ মুখামুখি সংঘৰ্ষত 5 গৰাকী লোক নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয় ৷

Etv Bharat tragic road mishap
Etv Bharatট্ৰাক আৰু অট’ ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ, ৫ জন নিহত, ২ জন আহত

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : ওড়িশাৰ সুন্দৰগড় জিলাত শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ বনভোজেই কাল মাতিলে 7 জন লোকৰ জীৱনলৈ ৷ দেওবাৰে সুন্দৰগড় জিলাত এখন হাইভা ট্ৰাকে অট’ ৰিক্সাত খুন্দা মাৰে ৷ এই দুৰ্ঘটনাত পাঁচজন লোক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । অট’খনত যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷

সুন্দৰগড় সদৰ আৰক্ষী থানাৰ অন্তৰ্গত তেলেন্দিহীত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । ঘটনাৰ বিৱৰণী অনুসৰি, বাগিচাপাদাৰ পৰা ৭ জন ব্যক্তিয়ে বনভোজৰ বাবে অট’ ৰিক্সাত যাত্ৰা কৰি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এখন হাইভা ট্ৰাকে অট’খনক খুন্দিয়াই লৈ ধানৰ পথাৰত বগৰাই দিছিল ৷

এই দুৰ্ঘটনা পৰিলক্ষিত কৰিয়েই স্থানীয় লোকৰ মাজত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ লগে লগে স্থানীয় লোকে আহত দুজনক উদ্ধাৰ কৰিছিল আৰু সুন্দৰগড় জিলা চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইফালে এই ঘটনাত থিতাতে ৫ জন লোকৰ মৃত্যু হয় ।

জানিব পৰামতে, আহতসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰিছে ৷ আটাইকেইজন যাত্ৰী বাগিচাপাদাৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, লোককেইজনে বনভোজ খাবলৈ গৈছিল ৷ বনভোজ খাই ঘৰলৈ ঘূৰি অহাৰ পথতে এই দুৰ্ঘটনাত পতিত হয় ৷ আৰক্ষীয়ে ইতিমধ্যে মৃত লোককেইজনৰ পৰিয়ালৰ লগত যোগাযোগ কৰি ঘটনাৰ সন্দৰ্ভত খবৰ দিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচতে ঘৰলৈ প্ৰেৰণ কৰা হ’ব মৃতদেহকেইটা ৷

লগতে পঢ়ক: বাৰাণসীত এম্বুলেন্সক বাট দিলে প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.