10 ছেপ্তেম্বৰত বজাৰলৈ আহিব ৰিলায়েন্স-গুগলৰ 4জি হেণ্ডছেট

author img

By

Published : Jun 24, 2021, 8:17 PM IST

mukesh

কম মূল্যতে ম’বাইল এটা ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? অপেক্ষা কৰক 10 ছেপ্তেম্বৰলৈ । শীঘ্ৰেই বজাৰত উপলব্ধ হ'ব ৰিলায়েন্স আৰু গুগলৰ সুলভ মূল্যৰ 4G ম’বাইল হেণ্ডছেট । ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড(Reliance Industries Ltd)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে গুগল(Google)ৰ সৈতে অংশীদাৰিত্ব কৰি এটা নতুন 4G ম’বাইল হেণ্ডছেট উন্মোচন কৰাৰ কথা ঘোষণা কৰিছে ।

নিউজ ডেস্ক, ২৪ জুন : অতি কম মূল্যতে গ্ৰাহকৰ মাজলৈ 4G ম’বাইল হেণ্ডছেট আগবঢ়াই দিবলৈ সাজু হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড(Reliance Industries Ltd) আৰু গুগল । বৃহস্পতিবাৰে ৪৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত (AGM) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অংশীদাৰসকলক সম্বোধন কৰি কোম্পানীটোৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানী(Mukesh Ambani)য়ে কয় যে, পৰৱৰ্তী গণেশ চতুৰ্থী অৰ্থাৎ ১০ ছেপ্তেম্বৰত জিঅ' ফোন নেক্সট মুকলি কৰা হ'ব । তেওঁ কয় যে, জিঅ' ফোন নেক্সট এণ্ড্ৰইড অপাৰেটিং চিষ্টেমৰ এটা অত্যন্ত অপ্টিমাইজড সংস্কৰণৰ দ্বাৰা চালিত ম’বাইল হেণ্ডছেট ।

এই সুলভ মূল্যৰ হেণ্ডছেটটো জিঅ' আৰু গুগলে(Google) যুটীয়াভাৱে নিৰ্মাণ কৰিছে । বিশেষকৈ ভাৰতীয় বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই হেণ্ডছেটটো নিৰ্মাণ কৰিছে । আম্বানীয়ে লগতে কয় যে, জিঅ' ফোন নেক্সট ভাৰতৰ বাহিৰতো মুকলি কৰা হ'ব ।

এই হেণ্ডছেটটো কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আটাইতকৈ সুলভ মূল্যৰ স্মাৰ্টফোন হ'ব বুলি জানিবলৈ দিয়ে উদ্যোগপতি গৰাকীয়ে । প্ৰথমে এই হেণ্ডছেটটো ভাৰতত মুকলি কৰা হ'ব ৷ পৰৱৰ্তী সময়ত বিশ্বৰ আন আন দেশৰ বজাৰতো মুকলি কৰা হ'ব হেণ্ডছেটটো ।

জিঅ' ফোন নেক্সটত এটা ভইচ এচিষ্টেণ্ট, অগমেণ্টেড ৰিয়েলিটি ফিল্টাৰৰ সৈতে স্মাৰ্ট কেমেৰা, ভাষা অনুবাদৰ সুবিধা আৰু স্বয়ংক্ৰিয়ভাৱে পঢ়িব পৰা স্ক্ৰীন টেক্সট আদিৰ দৰে সুবিধা থাকিব । যোৱা জুলাই মাহত ৪৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ সময়ত আম্বানীয়ে ঘোষণা কৰিছিল যে, গুগল আৰু জিঅ'-ৱে এণ্ড্ৰইডভিত্তিক স্মাৰ্টফোন অপাৰেটিং চিষ্টেম নিৰ্মাণৰ বাবে গুগলৰ সৈতে অংশীদাৰ হৈছে । উল্লেখ্য যে, গুগলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৈতে ৭.৭ শতাংশ অংশীদাৰ হোৱাৰ বাবে ৩৩,৭৩৭ কোটি টকা বিনিয়োগ কৰিবলৈ আৰু সুলভ স্মাৰ্টফোনৰ নিৰ্মাণকে ধৰি প্ৰযুক্তিগত পদক্ষেপত সহযোগিতা কৰিবলৈ সন্মত হৈছিল ।

লগতে পঢ়ক: পুনৰ উৰা মাৰিবলৈ সাজু Jet Airways

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.