ETV Bharat / bharat

Accident in Chattisgarh: ছত্তীশগড়ত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ১১ গৰাকী লোকৰ মৃত্যু

author img

By

Published : Feb 24, 2023, 10:12 AM IST

ছত্তীশগড়ৰ ভাটাপাৰাৰ খামৰীয়াৰ সমীপত পিকআপ বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ (pickup truck collision in Chhattisgarh) ৷ ভয়াৱহ দুৰ্ঘটনাটোত ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হোৱা বুলি জানিব পৰা গৈছে (eleven killed in pickup truck collision)।

11 killed in Chattisgarh Accident
দুৰ্ঘটনাত ছত্তীশগড়ত ১১ জন লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী : ছত্তীশগড়ত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা (Accident in Chattisgarh)৷ শুকুৰবাৰে পুৱাই আহিল এই ভয়াৱহ দুৰ্ঘটনাটোৰ খবৰ ৷ ৰাজ্যখনৰ খামৰিয়াৰ সমীপৰ ভালোডা বজাৰত এখন ট্ৰাক আৰু এখন পিকআপ বাহনৰ মুখামুখি সংঘষৰ ফলত একেটা পৰিয়ালৰ চাৰিটা শিশুকে ধৰি কমেও ১১ গৰাকী লোকৰ মৃত্যু হয় (eleven people killed in accident in Chhattisgarh) ৷ ইয়াৰোপৰি কেইবাগৰাকী লোক আহত হোৱা বুলি জানিবলৈ পৰা গৈছে ।

বৃহস্পতিবাৰে মাজনিশা এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । সূত্ৰৰ পৰা জানিব পৰা মতে, পিকআপ বাহনখনত যাত্ৰা কৰা আটাইকেইগৰাকী লোক একেটা পৰিয়ালৰে আছিল ৷ পৰিয়ালটোৱে খিলোৰা গাঁৱৰ এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰ্জুনি গাঁৱলৈ উভতি গৈ থকা অৱস্থাতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো । ইফালে দুৰ্ঘটনাটোৰ ফলত ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ ওপৰিও তিনিগৰাকী লোক গুৰুতৰভাৱে হয় আৰু আহত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁলোকে কয় । দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে (pickup truck collision in Chhattisgarh) ।

11 killed in Chattisgarh Accident
দুৰ্ঘটনাত ছত্তীশগড়ত ১১ জন লোকৰ মৃত্যু

মৃত-জীৱিত আটাইকেইজন লোকক আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্থ পিকআপ ভানখনৰ পৰা উলিয়াই অনাৰ পিছত মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে । ভাটাপাৰা মহকুমা আৰক্ষী বিষয়া সিদ্ধাৰ্থ বাঘেলে দুৰ্ঘটনাটো সন্দৰ্ভত কয় যে যোৱা নিশা মাজৰাতি বালোদা বজাৰ- ভাটাপাৰা জিলাত পিকআপ গাড়ীখনে এখন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত ১১ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় । দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (eleven killed in pickup truck collision) ।

আৰক্ষীয়ে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই বুলি উল্লেখ কৰাৰ লগতে শোকাৱহ ঘটনাটো সন্দৰ্ভত জিলা উপায়ুক্ত ৰজত বংশাল আৰু আৰক্ষী অধীক্ষক দীপক কুমাৰ ঝাক ইতিমধ্যে অৱগত কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে (pickup truck collision in Chhattisgarh ) । জিলা দণ্ডাধীশ হিচাপে নিয়োজিত বংশালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালৰ বাবে সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিব পাৰে বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে ।

বৰ্তমান চৰকাৰী বিষয়াসকলে আহত লোকসকলক নিৰীক্ষণত ৰাখিছে । লগতে মৰণোত্তৰ পৰীক্ষা ক্ষিপ্ৰতাৰে সম্পন্ন কৰি মৃতদেহসমূহ পৰিয়ালক চমজাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : 62nd session of Bodo Sahitya Sabha: আকৰ্ষণীয় অনুষ্ঠানেৰে কোকৰাঝাৰত আৰম্ভ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.