ETV Bharat / state

'অপ্সৰা'ই হাঁহি বিৰিঙাইছে: এটা পৰিত্যক্ত চৰকাৰী ভৱন ৰূপান্তৰিত হ'ল বিবাহ ভৱনলৈ

এসময়ৰ এটা অৱহেলিত, পৰিত্যক্ত ভৱনে এতিয়া বহুতৰে মুখলৈ হাঁহি আনিছে । প্ৰশাসনো লাভাৱান্বিত হৈছে ।

Apsara wedding hall and guest house
অপ্সৰা বিবাহ ভৱন আৰু অতিথিশালা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 15, 2026 at 2:41 PM IST

5 Min Read
Choose ETV Bharat

লাহৰীঘাট: চৰকাৰী সম্পদৰ সঠিক ব্যৱহাৰ আৰু সুদূৰপ্ৰসাৰী পৰিকল্পনাই কেনেদৰে এটা অঞ্চলৰ উন্নয়নৰ নতুন দিশ উন্মোচন কৰিব পাৰে, তাৰ এক উৎকৃষ্ট উদাহৰণ হিচাপে দেখা গৈছে মৰিগাঁও চহৰৰ অপ্সৰা বিবাহ ভৱন আৰু অতিথিশালা । বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা এটা চৰকাৰী ভৱন আজি আধুনিক সুবিধাৰে সমৃদ্ধ এক আকৰ্ষণীয় বিবাহ ভৱন আৰু অতিথিশালালৈ ৰূপান্তৰিত হোৱাত মৰিগাঁওবাসী আনন্দিত হৈ পৰিছে ।

প্ৰায় ১০ বছৰ পূৰ্বে ৭৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল চৰকাৰী ভৱনটো । কিন্তু নিৰ্মাণৰ পিছত উপযুক্ত পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ অভাৱত ভৱনটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছিল । পানী যোগান, বিদ্যুৎ সংযোগ, আচবাব আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাৰ অভাৱত ভৱনটো লাহে লাহে এক পৰিত্যক্ত সম্পদলৈ পৰিণত হৈছিল । সময়ৰ লগে লগে ভৱনটোৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰে আৰু ৰাজহুৱা সম্পদটো ধ্বংসৰ পিনে গতি কৰে ।

Apsara wedding hall and guest house
পৰিত্যক্ত চৰকাৰী গৃহক বিবাহ ভৱন আৰু অতিথিশালালৈ ৰূপান্তৰ (ETV Bharat)

কিন্তু ২০২৫ চনত মৰিগাঁও জিলা পৰিষদে এই ভৱনটোক লৈ নতুন পৰিকল্পনা কৰে । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈৰ নেতৃত্বত ভৱনটোক এক আধুনিক বিবাহ ভৱন আৰু অতিথিশালালৈ ৰূপান্তৰ কৰাৰ সাহসী আৰু দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰা হয় । ২০২৫ চনৰ এপ্ৰিল মাহত ২৫ লাখ টকাৰ প্ৰাৰম্ভিক বিনিয়োগেৰে এই বৃহৎ ৰূপান্তৰ যাত্ৰাৰ সূচনা হয় । পৰৱৰ্তী সময়ত প্ৰকল্পটোৰ পৰিসৰ বৃদ্ধি কৰা হয় । একমহলীয়া ভৱনটোক উন্নীত কৰি তিনিমহলীয়া আধুনিক ভৱনলৈ ৰূপান্তৰ কৰা হয় । ইয়াৰ বাবে জিলা পৰিষদৰ নিজা ৰাজহ শিতানৰ পৰা অতিৰিক্ত ৩৬ লাখ টকা মঞ্জুৰ কৰা হয় ।

ফলস্বৰূপে পৰিত্যক্ত ভৱনটোৱে নতুন ৰূপ, নতুন পৰিচয় আৰু নতুন প্ৰত্যাশা লাভ কৰে । নৱনিৰ্মিত 'অপ্সৰা বিবাহ ভৱন আৰু অতিথিশালা'ৰ প্ৰতিটো অংশ সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছে । প্ৰথম মহলাত অতিথিসকলৰ বাবে বহাৰ ব্যৱস্থাৰ লগতে তিনিটা বিশেষ কক্ষ নিৰ্মাণ কৰা হৈছে । ইয়াৰ ভিতৰত এটা কইনাৰ সাজ-পোচাক পিন্ধিবলৈ আৰু বিশ্ৰাম কক্ষ, এটা ভিআইপি অতিথিৰ বাবে সংৰক্ষিত কক্ষ আৰু আন এটা আয়োজক পৰিয়াল তথা বয়োজ্যেষ্ঠ সদস্যসকলৰ বাবে বিশ্ৰাম কক্ষ হিচাপে নিৰ্মাণ কৰা হৈছে ।

দ্বিতীয় মহলাত স্থাপন কৰা হৈছে এক আধুনিক পাকঘৰ, ভঁৰাল ঘৰ, বিশাল ভোজনালয়, শৌচাগাৰ আৰু মুক্ত আকাশৰ তলত ভোজনৰ বিশেষ ব্যৱস্থা । এই মুকলি ডাইনিং এলেকাই অনুষ্ঠানসমূহক এক অনন্য সৌন্দৰ্য প্ৰদান কৰাৰ লগতে অতিথিসকলৰ বাবে এক বিশেষ অভিজ্ঞতা সৃষ্টি কৰে । ইয়াৰ উপৰিও সমগ্ৰ ভৱনটোত দুটা সুসজ্জিত বিলাসী কক্ষসহ মুঠ ৭ টা অতিথি কক্ষ আছে । যিবোৰক অতিথিশালা হিচাপে ব্যৱহাৰ কৰা হ'ব । আধুনিক সা-সুবিধাৰে সজ্জিত এই কক্ষসমূহে বাহিৰৰ পৰা অহা অতিথিসকলৰ বাবে আৰামদায়ক বাসস্থানৰ সুবিধা প্ৰদান কৰিব ।

Apsara wedding hall and guest house
মৰিগাঁৱৰ অপ্সৰা বিবাহ ভৱন আৰু অতিথিশালা (ETV Bharat)

২০২৫ চনৰ অক্টোবৰ মাহত সম্পূৰ্ণ হোৱা এই প্ৰকল্পটো অপ্সৰা বিবাহ ভৱন আৰু অতিথিশালা হিচাপে নামকৰণ কৰা হয় । একে বছৰৰ ২২ অক্টোবৰত মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে ভৱনটো উদ্বোধন কৰে । উদ্বোধনৰ লগে লগে বহু বছৰ ধৰি অৱহেলিত হৈ থকা এই চৰকাৰী সম্পদে পুনৰ জীৱন লাভ কৰে ।

প্ৰকল্পটোৰ আন এক উল্লেখযোগ্য দিশ হৈছে পৰিৱেশ সংৰক্ষণৰ প্ৰতি ইয়াৰ বিশেষ গুৰুত্ব । সমগ্ৰ চৌহদত বিভিন্ন প্ৰজাতিৰ গছ-গছনি ৰোপণ কৰি এক সেউজীয়া পৰিৱেশ সৃষ্টি কৰা হৈছে । লগতে সুন্দৰকৈ পৰিকল্পনা কৰা ফুলনি বাগিচাই সমগ্ৰ এলেকাটোক অধিক মনোমোহা আৰু আকৰ্ষণীয় কৰি তুলিছে । অনুষ্ঠানলৈ অহা অতিথিসকলৰ বাবে এই পৰিৱেশ এক বিশেষ আকৰ্ষণ হিচাপে পৰিগণিত হৈছে ।

Apsara wedding hall and guest house
অত্যাধুনিক সা-সুবিধা আছে বিবাহ ভৱনটোত (ETV Bharat)

সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো অপ্সৰা বিবাহ ভৱন আৰু অতিথিশালাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সুবিধাৰ্থে প্ৰতিমাহে ৫ দিনকৈ এই বিবাহ ভৱন সংৰক্ষিত ৰখাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহেও সন্মানজনকভাৱে বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ সুযোগ লাভ কৰিব ।

আৰ্থিকভাৱেও এই প্ৰকল্পটো জিলা পৰিষদৰ বাবে লাভজনক হোৱাৰ সম্ভাৱনা অধিক । বিবাহ ভৱনৰ অংশটো ইতিমধ্যে ৫ বছৰৰ বাবে বছৰি ১০ লাখ ৫০ হাজাৰ টকাত ভাড়ালৈ দিয়া হৈছে । লগতে অতিথিশালা অংশৰ পৰাও নিয়মীয়া ৰাজহ আহৰণৰ সম্ভাৱনা আছে । অৰ্থাৎ যি সম্পদ এসময়ত চৰকাৰৰ বাবে বোজা হৈ পৰিছিল, সেয়া এতিয়া আয়ৰ উৎসলৈ পৰিণত হৈছে । মৰিগাঁও জিলাৰ তদানীন্তন আয়ুক্ত দেৱাশীষ শৰ্মা আৰু বৰ্তমান আয়ুক্ত অনামিকা তিৱাৰী, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ আৰু অভিযন্তা হিতেশ ডেকাৰ দূৰদৰ্শী নেতৃত্ব, সুস্পষ্ট পৰিকল্পনা আৰু আন্তৰিক সহযোগিতাৰ ফলত এই প্ৰকল্পটোৰ সফল ৰূপায়ণ সম্ভৱ হৈছে ।

Apsara wedding hall and guest house
'অপ্সৰা' বিবাহ ভৱন (ETV Bharat)

ই কেৱল বিবাহ ভৱন বা অতিথিশালাই নহয় ই হৈছে পৰিত্যক্ত ৰাজহুৱা সম্পদৰ সফল পুনৰুজ্জীৱনৰ এক জীৱন্ত উদাহৰণ । সঠিক পৰিকল্পনা, উন্নয়নমুখী চিন্তাধাৰা, পৰিৱেশ সচেতনতা আৰু সম্পদৰ দক্ষ ব্যৱহাৰে কেনেদৰে এক অৱহেলিত সম্পদক সমাজৰ উপকাৰী আৰু আৰ্থিকভাৱে লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰে এই প্ৰকল্পই তাৰেই এক অনন্য নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক :

আমাৰ দলংখন ভাগি থাকিল, এতিয়া স্কুললৈ যাব পৰা নাই... ! দলং বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান কণমানি ভাগিনৰ