ETV Bharat / state

খেৰকটীয়া নৈৰ ওপৰত নিৰ্মীয়মান দলং জানুৱাৰীত মুকলিৰ সম্ভাৱনা, পৰিদৰ্শন বিধায়ক ভুৱন গামৰ

২০২২ ৰ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল এইখন দলঙৰ ।

Bridge being constructed over the Kherkatia river in Majuli
খেৰকটীয়া নৈৰ ওপৰত নিৰ্মীয়মান দলং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 3:05 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ সময়ত দুখন বিশেষ দলঙৰ ওপৰেদি পাৰ হৈ যাব বুলি দুই লক্ষ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল । চাওঁতে চাওঁতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ো ওচৰ চাপি আহিবলৈ ধৰিলে । এই দুয়োখন দলঙৰ কাম ইতিমধ্য়ে দ্ৰুত গতিত চলিছে । প্ৰথম দলঙখনৰ ৯০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । আনখনৰ কাম প্ৰায় ৬০ শতাংশ সমাপ্ত হোৱাৰ দিশে আগবাঢ়িছে ।

কেইবছৰমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে মাজুলীবাসীক কৈছিল যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত মাজুলী-যোৰহাট দলঙৰে পাৰ হৈ আকৌ ধূনাগুৰি লখিমপুৰ সংযোগী দলঙৰে পাৰ হৈ লখিমপুৰলৈ যাব ৷ সেইমতেই দলঙৰ কাম শেষ হ'ব বুলি কৈছিল স্থানীয় বিধায়ক ভুৱন গামে । মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ বাবে ভাল খবৰ আহি পৰিছে । কিয়নো মাজুলীৰ পৰা উত্তৰ পাৰৰ লগত যোগাযোগ ব্যৱস্থালৈ আহিছে পৰিৱৰ্তন । জানুৱাৰীত মুকলি হোৱাৰ আশা খেৰকটীয়া নৈৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখন । এই দলংখনৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । মাজুলীৰ ৰাইজৰ উত্তৰ পাৰৰ লগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে নামনি মাজুলীৰ চেলেক গাঁৱত আৰু লখিমপুৰ জিলাৰ ধূনাগুৰিত দুখনকৈ দলঙৰ নিৰ্মাণকাৰ্য চলি আছে ।

খেৰকটীয়া নৈৰ ওপৰত নিৰ্মীয়মান দলং (ETV Bharat Assam)

উল্লেখ্য় যে ২০২২ ৰ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল এই দলঙৰ ৷ অসম মালা আঁচনিৰ অধীনত প্ৰায় ৭০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই দলং দুখনৰ কাম এতিয়া যুদ্ধকালীন প্ৰস্তুতিত চলিছে ৷ এই দুইখন দলঙৰ ভিতৰত খেৰকটীয়া নৈৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথম দলংখনৰ ৯০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইফালে, সোৱণশিৰিৰ ওপৰত হ'ব লগা আনখন দলঙৰ কামো আজিৰ তাৰিখত প্ৰায় ৬০ শতাংশ সম্পূৰ্ণ হৈছে ।

Bridge being constructed over the Kherkatia river in Majuli
খেৰকটীয়া নৈৰ ওপৰত নিৰ্মীয়মান দলং (ETV Bharat Assam)

এই দুয়োখন দলঙৰ ভিতৰত খেৰকটীয়া নৈৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন দলং অহা জানুৱাৰীত মুকলি হোৱাৰ পূৰ্ণ আশা আছে বুলি মাজুলীৰ বিধায়ক ভুৱন গামে কয় । নিৰ্মীয়মাণ দলঙৰ কাম শনিবাৰে পৰিদৰ্শন কৰি বিধায়ক ভূৱন গামে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে । এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, "খেৰকটীয়া নৈৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ কাম প্ৰায় ৯০ শতাংশ সমাপ্ত হৈছে । ডিচেম্বৰ মাহত সম্পূৰ্ণ হ'ব । সেইবাবে মই চাবলৈ আহিলো ।" দুয়োখন দলং হ'লেই ডেৰ ঘন্টাতে মাজুলীৰ পৰা অৰুণচল প্ৰদেশৰ মাজত যোগাযোগ সম্ভৱ হ'ব । ইফালে উত্তৰ পাৰৰ লগত যোগাযোগ ব্যৱস্থা সুচল হ'ব মাজুলীবাসীৰ ।

লগতে পঢ়ক:দলঙৰ নিবিদা মুকলি মাজুলীবাসীৰ বাবে আশাৰ খবৰ : জনাৰ্দন দেৱগোস্বামী

দলঙৰ আশা পূৰণ নহ'ব নেকি মাজুলীবাসীৰ ?