মাজুলী : ২০২১ চনৰ ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট-মাজুলী সংযোগী দলঙৰ খুঁটাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল যদিও আজিলৈকে সম্পূৰ্ণ নহ'ল । মাজুলীৰ দুই লক্ষ জনতাৰ সপোন বাস্তৱত ৰূপায়িত কেতিয়া হ'ব সেইলৈ চৰ্চা হৈ থকাৰ মাজতেই আহিল এটা আশাৰ খবৰ ।
ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যোৱা বৃহস্পতিবাৰে যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে পুনৰ নিবিদা মুকলি কৰিছে । ৬০০.৫১ কোটি টকাৰ ব্যয়েৰে যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰস্তুত কৰিছে । যোৱা বৃহস্পতিবাৰে এই কথা ঘোষণা হোৱাৰ লগে লগেই এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে মাজুলীত । কিয়নো মাজুলীবাসীৰ সপোনৰ দলঙখনৰ কাম যোৱা ৬ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছিল ।
পৰৱৰ্তী সময়ত দলং নিৰ্মাণৰ লগত জড়িত থকা প্ৰতিষ্ঠানক নিৰ্মাণৰ পৰা অব্যহতি দিয়া হৈছিল । তেতিয়াৰ পৰা মাজুলীবাসীৰ মাজত চৰ্চা হৈছিল এই সপোনৰ দলঙখনৰ কাম পুনৰ আৰম্ভ হ'ব নে ?
ইয়াৰ মাজতে যোৱা বৃহস্পতিবাৰে আহিল মাজুলীবাসীৰ বাবে ভাল খবৰটো । মাজুলীৰ দাক্ষিণপাট গৃহাস্বামী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱগোস্বামীয়ে কয় যে এই ঘোষণা হোৱাৰ লগে লগে মাজুলীবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে ।
সত্ৰাধিকাৰগৰাকীয়ে কয়, "বহু আকাংক্ষিত যোৰহাট-মাজুলী সংযোগী দলঙৰ পুনৰ নিবিদাৰ কথা ওলোৱাৰ লগে লগে মাজুলীবাসীৰ মনত আশাৰ সঞ্চাৰ হৈছে । মাজুলীৰ এই দলঙখন সপোনৰ দলং বুলি ক'ব লাগিব । যিখন দলঙৰ ওপৰেদি শিক্ষা, স্বাস্থ্য়, বেপাৰ-বাণিজ্য়কে ধৰি সকলো কাৰ্য সাধিত হ'ব । এই সপোনৰ দলঙখনৰ যি স্থবিৰতা আহিছিল সেয়াই মাজুলীবাসীৰ মনত যথেষ্ঠ আঘাত কৰিছিল আৰু চৰকাৰৰ প্ৰতি এক আশংকাৰ ভাব জাগৰিত হৈছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনৰ লগে লগে ঘোষণা কৰিছিল ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বতাহ উৰুৱাই ৰণডংকা বজাবলৈ এই দলঙৰ ওপৰেদি আহিব । আজি মাজুলীবাসী আশ্বস্ত হৈছে ।"