বিজেপি বিধায়কৰ সমষ্টিত মৰণত শৰণ দি বিদ্যালয়লৈ যাবলগীয়া হৈছে কণ কণ শিক্ষাৰ্থী
বিজেপি চৰকাৰে এফালে উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে যদিও আনফালে দলীয় বিধায়কৰেই সমষ্টিত দেখা গৈছে জনতাৰ দুৰ্দশা ৷

Published : June 12, 2026 at 3:28 PM IST
জোনাই: কৈ থাকিলেও যেন ওৰকে নপৰে বিজেপি বিধায়ক ভূৱন পেগুৱে প্ৰতিনিধিত্ব কৰা জোনাই সমষ্টিৰ কথা ৷ বিজেপি চৰকাৰৰ বিগত দুটাকৈ কাৰ্যকালত জোনাই সমষ্টিক প্ৰতিনিধিত্ব কৰা ভূৱন পেগু তৃতীয়বাৰৰ বাবেও বিধায়ক নিৰ্বাচিত হৈ আহিছে ৷ কিন্তু সমষ্টিটোৰ বিভিন্ন অঞ্চলত জনতাই ভুগি থকা সমস্যা যেন চকুত পৰা নাই বিধায়কগৰাকীৰ ৷
বাট-পথৰ দুৰৱস্থাৰ পৰা দলঙৰ অভাৱলৈকে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত জোনাই সমষ্টিৰ বহু অঞ্চল ৷ এই সন্দৰ্ভত বিগত সময়ছোৱাত বাতৰি প্ৰকাশ পাই আহিছে যদিও এইবোৰ সমস্যালৈ যেন কাণসাৰ নাই বিধায়ক পেগুৰ ৷
বিজেপি চৰকাৰে এফালে উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে যদিও আনফালে দলীয় বিধায়কৰেই সমষ্টিত দেখা গৈছে জনতাৰ দুৰ্দশা ৷ প্ৰতিদিনে নিজৰ জীৱন বিপদাপন্ন কৰি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে জোনাই সমষ্টিৰ এটা অঞ্চলৰ আলোকসন্ধানী একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰায় ২০ ফুট দ এটা খালৰ ওপৰেৰে এখন ভগ্নপ্ৰায় বাঁহৰ দলঙেৰে তেওঁলোক পাৰ হ’ব লাগে বিদ্যালয়লৈ যাবলৈ ৷ কিয়নো বিদ্যালয়লৈ যাবৰ বাবে তেওঁলোকৰ আন কোনো পথ নাই ৷
জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত গালী চিকাৰী গাঁও পঞ্চায়তৰ অধীনৰ পালুং শান্তিপুৰ গাঁৱত দেখা গৈছে ছাত্ৰ-ছাত্ৰীৰ এই বিপদসংকুল যাত্ৰা । বছৰৰ পিছত বছৰ ধৰি এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে কণ কণ শিক্ষাৰ্থীসকলৰ লগতে গাঁওখনৰ প্ৰায় সহস্ৰাধিক লোকে দৈনিক যাতায়ত অব্যাহত ৰাখিছে । বিভিন্ন সময়ত এই দলঙেৰে যাতায়াত কৰাৰ সময়ত কণ কণ শিক্ষাৰ্থীকে ধৰি বহু লোক দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰো শংকা থাকে । ইফালে বৰষুণৰ পৰিমাণ বৃদ্ধি পালে খালটোৰ পানী বাঢ়ে আৰু যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হয় । ইয়াৰ ফলত বহু শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাব নোৱাৰি বঞ্চিত হ'বলগীয়া হয় পাঠদানৰ পৰা ।
বিদ্যালয়ৰ এগৰাকী শিক্ষকে কয় এই সন্দৰ্ভত কয়, ‘‘পালুং প্ৰাথমিক বিদ্যালয়লৈ আহিবলগীয়া এই দলংখন বুৰ যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী আহিব নোৱৰা হৈছে ৷ যেতিয়া শিক্ষাৰ্থী আহে, তেওঁলোকক পাৰ কৰি দিবলগীয়া হয় ৷ প্ৰায় ২০-৩০ ঘৰ মানুহ আছে, যদি ৰাতি-বিয়লি কোনো মানুহ বেমাৰত পৰে তেন্তে চিকিৎসালয়লৈ নিবলৈও সমস্যা হয় ৷ সেয়ে বিধায়ক ভূৱন পেগুক এই সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছোঁ ৷ বাৰমাহে এইদৰেই চলি থাকে ৷ অতি সাৱধানে পাৰ নহ’লে ল’ৰা-ছোৱালী তলত পৰিবগৈ পাৰে ৷’’
ইফালে এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, ‘‘এইখন কলং গাঁও ৷ আমাৰ ল’ৰা-ছোৱালী বিদ্যালয়লৈ আহিলে সদায় আমি পাৰ কৰাবলৈ আহিব লাগে ৷ শিক্ষকজনে আগতেই আহি ল’ৰা-ছোৱালীক পাৰ কৰিব লাগে ৷ ২০১২ চনৰ পৰাই আমি প্ৰতি বছৰে দলংখন বনাব লাগে । সেয়ে আমি বিধায়কক দলংখন নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছোঁ । পানী বাঢ়িলে স্কুলখন বন্ধ কৰিবলগীয়া হ’ব ৷’’
লগতে পঢ়ক: খোজ দিবলৈ দহবাৰ ভাবিবলগীয়া এটা পথ, ধৰিবই নোৱাৰি বাট নে বননি

