ETV Bharat / state

খোজ দিবলৈ দহবাৰ ভাবিবলগীয়া এটা পথ, ধৰিবই নোৱাৰি বাট নে বননি

বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা উদঙাই দিছে জোনাই সমষ্টিৰ অন্তৰ্গত এটা পথে ৷ বিধায়ক ভূৱন পেগুৰ যেন চকুত নপৰে সমষ্টিৰ ভিতৰত বিধ্বস্ত হৈ থকা বাট-পথ ৷

DILAPIDATED ROAD
খোজ দিবলৈ দহবাৰ ভাবিবলগীয়া এটা পথ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 4:46 PM IST

3 Min Read
Choose ETV Bharat

জোনাই: অসমৰ প্ৰতিটো প্ৰান্তৰে আমূল পৰিৱৰ্তন সাধন কৰা বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা উদঙাই দিছে জোনাই সমষ্টিৰ অন্তৰ্গত এটা পথে ৷ বিজেপি বিধায়ক ভূৱন পেগুৰ সমষ্টি জোনাই ৷ কিন্তু দুটাকৈ কাৰ্যকাল সমষ্টিটোৰ বিধায়ক হৈ থকা ভূৱন পেগুৰ যেন চকুত নপৰে সমষ্টিৰ ভিতৰত বিধ্বস্ত হৈ থকা বাট-পথ ৷ তাৰেই উদাহৰণ এই পথটো ৷

সাধাৰণতে বাটৰুৱাৰ খোজত বাটৰ বন মৰে বুলি কোৱা হয় ৷ কিন্তু এই পথটোৰ ক্ষেত্ৰত সেয়া সম্পূৰ্ণ ওলোটা ৷ বাটটোৰ যি অৱস্থা তাৰ বাবে মানুহে ইয়াৰে যাতায়ত কৰিবলৈ যেন বাদ দিলে ৷ ফলত এই বাটটো এতিয়া বননিলৈ পৰ্যবসিত হৈছে ৷ জোনাই চাৰিআলিৰ পৰা পবা বনাঞ্চলৰ তিনিমাইল বীটখণ্ডলৈ যোৱা প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটো যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ।

খোজ দিবলৈ দহবাৰ ভাবিবলগীয়া এটা পথ (ETV Bharat)

এই বাটটোৰে বহুকেইখন গাঁৱৰ ৰাইজে যাতায়ত কৰিব লাগে । কিন্তু বাটটোৰ অৱস্থা বিধ্বস্ত হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে । চিলে, ৰিগ'বি, শান্তিপুৰ, মালভোগ গাঁৱকে ধৰি প্ৰায় দহখনতকৈ অধিক গাঁৱৰ বাসিন্দাৰ বাবে স্কুল-কলেজ, অফিচ, হাস্পতাল তথা হাট-বজাৰলৈ যোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই পথটো । পূৰ্বে ৰাস্তাটো পকী আছিল যদিও এতিয়া শিলগুটি ওলাই যোৱাত এই পথেৰে এতিয়া বাইক বা চাইকেল চলোৱাতো দূৰৰে কথা খোজকাঢ়ি যাবলৈও এশবাৰ ভাবিব লাগে ৰাইজে ।

আনহাতে পথৰ দুৰৱস্থাৰ বাবে এই পথেৰে পবা বনাঞ্চললৈ পৰ্যটক অহাও প্ৰায় বন্ধ হৈ পৰিছে । যাৰ বাবে পৰ্যটকক কেন্দ্ৰ কৰি স্থানীয় লোকে চলায় অহা ক্ষুদ্ৰ ব্যৱসায়তো প্ৰভাৱ পৰিছে । পৰ্যটকৰ আগমন বন্ধ হোৱাৰ ফলত দোকান-পোহাৰত বিক্ৰী নোহোৱা হৈছে । বহুকেইজন বিক্ৰেতাই নিজৰ দোকান বন্ধ কৰিবলৈও বাধ্য হৈছে ।

এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, ‘‘ৰাস্তাটোৰ বাবে বহু অসুবিধা হৈছে । মানুহ নাহে, ফলত দোকানবোৰ বন্ধ কৰিবলগীয়া হৈছে । খোজকাঢ়িও যাব নোৱাৰি, চাইকেল চলাব নোৱাৰি । ল’ৰা-ছোৱালী স্কুললৈ যাবলৈও সমস্যা হয় ৷ বহুত অসুবিধা হৈছে এই ৰাস্তাটোৰ বাবে ৷ আগতে বহুতো মানুহ আহিছিল, ভাল বিক্ৰী হৈছিল ৷ কিন্তু এতিয়া মানুহেই নাহে ৷’’

আন এগৰাকী ব্যক্তিয়ে কয়, ‘‘মানুহ নহাৰ বাবে ৰাস্তাত বন গজিল ৷ ল’ৰা-ছোৱালী স্কুল যাব নোৱাৰে ৷ দুবছৰ পূৰ্বে পকী আছিল ৰাস্তাটো, কিন্তু এতিয়া শিলবোৰ ওলাই আছে ৷ ফলত মানুহ অহা-যোৱা কৰিব নোৱাৰে ৷ চৰকাৰক অনুৰোধ জনাইছোঁ ৰাস্তাটো বনাই দিবলৈ ৷’’

লগতে পঢ়ক: আদৰ্শ অংগনবাড়ী কেন্দ্ৰত নুঘূৰে ফেন: গৰমত হাহাকাৰ কণ কণ শিশুৰ