ETV Bharat / state

আহি আছে আৰু এজাক কলহৰ কাণে ঢলা বৰষুণ ! গুৱাহাটীবাসী জৰুৰী কাম নহ’লে বাহিৰলৈ নোলাব

গুৱাহাটী মহানগৰীত পৰৱৰ্তী দুদিনলৈকে অব্যাহত থাকিব প্ৰতিকূল বতৰ ৷ বতৰ বিজ্ঞান কেন্দ্ৰই দিলে আগজাননী ৷

RAIN FORECAST IN GUWAHATI
বৰষুণৰ সম্ভাৱনা জাৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 8:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: আগন্তুক দুদিনলৈ গুৱাহাটীত হ’ব ধাৰাসাৰ বৰষুণ ৷ মহানগৰী তথা পাৰ্শ্বৱৰ্তী অঞ্চলবোৰত আগন্তুক দুদিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

আগন্তুক দুদিনত বজ্ৰপাত আৰু ধুমুহাৰ সৈতে মজলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । কেন্দ্ৰটোৱে প্ৰকাশ কৰা আগজাননী অনুসৰি, পৰৱৰ্তী ২৪ ঘণ্টাত গুৱাহাটী আৰু উপকণ্ঠৰ অঞ্চলত বজ্ৰপাত আৰু ধুমুহাৰ সৈতে ২৪ ঘণ্টাত ২-৬ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ।

RAIN FORECAST IN GUWAHATI
পৰৱৰ্তী দুদিনত আহিব বৰষুণ (ETV Bharat Assam)

আনহাতে, বতৰ বিজ্ঞান বিভাগে(IMD) বৰ্তমানৰ বতৰৰ অৱস্থা আৰু ৰাজ্যৰ মৌচুমী বায়ুৰ প্ৰবাহৰ বাবে সোমবাৰে গুৱাহাটী মহানগৰী তথা ইয়াৰ কাষৰীয়া অঞ্চলৰৰ কিছুমান ঠাইত বিজুলী-ঢেৰেকণিৰ সৈতে মজলীয়াৰ পৰা প্ৰবল বৰষুণ হ’ব বুলি কৰা আগজাননীৰ পিছতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে জাননী জাৰি কৰিছে । তেওঁলোকে উল্লেখ কৰিছে যে বৰষুণৰ ফলত কিছুমান স্পৰ্শকাতৰ অঞ্চলত জলমগ্নতা, বান, হঠাতে অহা বান, যান-জঁট আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে ।

জিলা কৰ্তৃপক্ষ আৰু অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ(ASDMA)ই পৰিস্থিতি তীক্ষ্ণভাবে পৰ্যবেক্ষণ কৰি আছে আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাসমূহ সষ্টম কৰি ৰাখিছে বুলি উল্লেখ কৰে ।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে(ASDMA) গুৱাহাটী মহানগৰীৰ ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে । দৈনিক যাতায়াতকাৰী আৰু দূৰৈৰ ভ্ৰমণকাৰীসকলক সেই অনুসৰি নিজৰ সময়সূচী তৈয়াৰ কৰিবলৈ আৰু প্ৰবল বৰষুণৰ সময়ত প্ৰয়োজন নহ’লে বাহিৰলৈ নোলাবলৈ অনুৰোধ কৰাৰ লগতে নামনি অঞ্চল আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক বান বা ভূমিস্খলনৰ যিকোনো লক্ষণৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: নীপকোৰ পিছত এইবাৰ এনএইচপিচি ! বানত বুৰ গ'ল লখিমপুৰৰ বহু গাঁও