ETV Bharat / state

নীপকোৰ পিছত এইবাৰ এনএইচপিচি ! বানত বুৰ গ'ল লখিমপুৰৰ বহু গাঁও

এনএইচপিচিয়ে সোৱণশিৰি বান্ধৰ পানী এৰাৰ লগে লগে লখিমপুৰত ভয়ংকৰ বান পৰিস্থিতি । ঘণ্টাৰ ভিতৰতে জলমগ্ন হৈ পৰিছে জিলাখনৰ বহু গাঁও ।

flood in Lakhimpur
এনএইচপিচিয়ে বান্ধৰ পানী এৰাৰ পিছতে বানত বুৰ গ'ল লখিমপুৰৰ বহু গাঁও (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 7:34 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: নীপকোৰ পাছত এইবাৰ এনএইচপিচিয়ে সোৱণশিৰি বান্ধৰ পানী এৰি দিলে । যাৰ ফলত লখিমপুৰত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে । হঠাৎ অহা বানে ৰাইজক সমস্যাত পেলাইছে ।

কিছুদিন পূৰ্বে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । সোমবাৰে পুনৰ তেনে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনএইচপিচিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী মোকলাই দিলে ।

লখিমপুৰ ভয়ংকৰ বান পৰিস্থিতি (ETV Bharat)

সোমবাৰে পুৱাৰে পৰা প্ৰকল্পটোৰ পৰা অত্যধিক পৰিমাণে পানী মোকলাই দিয়াৰ ফলত লখিমপুৰত বানৰ বিভীষিকা আৰম্ভ হৈছে । বহু গাঁও, কৃষিভূমি, বাট-পথ বুৰ গৈছে । চাৰিওফালে কেৱল সাগৰসদৃশ পৰিস্থিতি । পুৱা হঠাৎ অহা বানে বিস্তৰ ক্ষতি কৰিছে । হঠাৎ অহা বানৰ বাবে পথাৰৰ পৰা হাল এৰি ঢপলিয়াই আহিবলগীয়া হৈছে খেতিয়ক । বহু অঞ্চলত যাতায়াত বিচ্ছিন্ন হৈ পৰিছে । লখিমপুৰ নগৰ এলেকাৰ সমীপৰ মহাইজানৰ বিস্তৃত অঞ্চল বুৰাই পেলাইছে ।

flood in Lakhimpur
বানত বুৰ গ'ল লখিমপুৰৰ বহু গাঁও (ETV Bharat)

অঞ্চলটোৰ বহু কেইখন গাঁও বুৰ গৈছে । মহাইজান, ঘাগৰ, এলেঙী, কলাখোৱা, পতিয়া, ফেচুচাপৰি, কুহিমাৰি, বালিচাপৰি, ২ নং কুহিমাৰি, বালিভেটা আদিকে ধৰি বিভিন্ন গাঁও জলমগ্ন হৈ পৰিছে । একেদৰে বানৰ কবলত পৰিছে ঘূণাসুঁতিৰ মিচিং উৰিয়ামতলা, বালিভেটা, মাধৱপুৰ গাঁও । সোৱণশিৰিৰ নৈপৰীয়া অঞ্চলসমূহো এতিয়া বানৰ কবলত পৰিছে ।

অঞ্চলটোৰ এগৰাকী মহিলাই কয়, "আমি গোটৰ মিটিঙলৈ আহিছিলোঁ । বহুত পানী বাঢ়িছে । কাপোৰ কানি তিতি গৈছে ।" আন এজন কৃষকে কৈছে, "কালি নিশাৰ পৰাই অলপ অলপ পানী আহিছিল কিন্তু পুৱাৰ পৰা বহুত পানী বাঢ়িছে । মই হাল লৈ গৈছিলোঁ কিন্তু হঠাৎ পানী আহিল । ঘৰৰ চোতালত যি বস্তু আছিল সকলো উটুৱাই লৈ গ'ল ।"

উল্লেখ্য যে জিলা প্ৰশাসনে পুৱাই এনএইচপিচিয়ে প্ৰকল্পৰ পৰা পানী এৰাৰ জাননী জাৰি কৰে । কিন্তু সেই খবৰ পোৱাৰ আগতেই জিলাখনৰ নৈপৰীয়া বিভিন্ন অঞ্চল বানত বুৰ যায় । এই বানত বহু পৰিয়ালৰ সা-সম্পত্তি, পোহনীয়া জীৱ-জন্তুৰো বিস্তৰ ক্ষতি হয় । ইফালে নীপকোৱে প্ৰকল্পৰ পানী এৰি নিদিলেও ধাৰাসাৰ বৰষুণৰ ফলত ৰঙানদীয়েও প্ৰবল বান পৰিস্থিতিৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে ।

লগতে পঢ়ক :

বঢ়মপুৰত বান নহয়, খৰাঙৰ কোপত কৃষি