ETV Bharat / state

১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণৰ সম্ভাৱনা

মুখ্যমন্ত্ৰীয়ে এই খবৰ ৰাজহুৱা কৰা পাছতেই উৎফুল্লিত উজনিৰ ৰাইজ ৷ মৰাণত ৰাজপথ নিৰ্মাণ কৰা হৈছে যুঁজাৰু জেট বিমান অৱতৰণ কৰিব পৰাকৈ ৷

FIGHTER JETS ON ASSAM HIGHWA
১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণৰ সম্ভাৱনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 9:11 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : উজনিৰ ৰাইজে ৰাজপথতে দেখা পাব যুদ্ধ বিমান ৷ তাৰবাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বিমান অৱতৰণ কৰিব পৰাকৈ ৷ মৰাণত জৰুৰী যুদ্ধ বিমান অৱতৰণৰ বাবে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰাষ্ট্ৰীয় ঘাইপথ ৷ মৰাণৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অত্যাধুনিক উন্নতমানৰ জৰুৰীকালীন ৰানৱে'ৰ সুবিধা ৷ জৰুৰীকালীন ৰানৱে'ৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান অৱতৰণ কৰাৰ সম্ভাৱনা আছে ৷

মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ দিনা এই ৰাজপথতে বিমান অৱতৰণ কৰিবলৈ আহ্বান জনাব বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছে ৷ ইয়াৰ পিছতে উজনিৰ ৰাইজৰ মাজত আনন্দৰ জোঁৱাৰ উঠিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰানৱে' উদ্বোধন কৰা পাছতে মৰাণৰ ৰাজপথত দেখা যাব সুখই, ৰাফেল, মিগ, তেজস, হাৰকিউলিছ, AN-32 আদিৰ দৰে যুঁজাৰু জেট বিমান ৷ যুদ্ধকালীন পৰিস্থিতি অথবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই ৰাজপথ নিমিষতে পৰিণত কৰিব পৰা যাব ভাৰতীয় বায়ুসেনাৰ বিমান বন্দৰলৈ ৷

১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণৰ সম্ভাৱনা (ETV Bharat Assam)

NHIDCL ৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা ৰাজপথটোৰ ৪.৫ কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে এই অত‍্যাধুনিক উৰণপথ ৷ পথটোৰ বহল হৈছে ৩০ মিটাৰ ৷ উল্লেখ্য যে, ৰানৱে’টোৰ মাজত থকা ডিভাইডাৰ বিলাক ইতিমধ্যে উঠাই দিয়া হৈছে ৷ ৰানৱে’টোৱেদি বাহন চলাচল কৰি থকা হৈছে যদিও সম্পূৰ্ণ নিকা কৰি ৰখা হৈছে পথটো ৷ উক্ত সময়ত পথচোৱাৰ কাষত মানুহ, জীৱ জন্তু সোমাব নোৱৰাকৈ ফেঞ্চিং দিয়া হৈছে ৷ কাষৰ অস্থায়ী দোকানবিলাকো আঁ‌তৰাই দিয়া হৈছে ৷ এই বিলাকলৈ চাই মুখ্যমন্ত্ৰীৰ আহ্বান কাৰ্যকৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

ভাৰতবৰ্ষৰ ইতিহাসত নতুন দিগন্তৰ সূচনা হ'ব :

জৰুৰী যুদ্ধ বিমান অৱতৰণৰ বাবে নিৰ্মাণ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণ কৰা কথা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰা পাছতেই স্থানীয় এগৰাকী জ্যেষ্ঠ বিজেপি নেতা পৰাগ দত্তই কয়, "মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ পৰা জানিব পাৰিছো যে অহা ১৪ ফেব্ৰুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰাজপথত বিমানৰ সৈতে অৱতৰণ কৰিব ৷ এইটো আমাৰ বাবে সপোন ৷ মৰাণৰ ৰাজপথত বিমাণ অৱতৰণ কৰিব বুলি আমি শুনি আছিলোঁ কিন্তু ১৪ ফেব্ৰুৱাৰী তাৰিখে সেয়া বাস্তৱ হ'ব বুলি ভাবিছোঁ ৷ মৰাণৰ ৰাজপথত বিমাণ অৱতৰণ কৰাৰ লগে লগেই ভাৰতবৰ্ষৰ ইতিহাসত নতুন দিগন্তৰ সূচনা হ'ব ৷

ৰাজপথত বিমান অৱতৰণ বাস্তৱ হোৱাৰ দিশে :

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অত্যাধুনিক উন্নতমানৰ জৰুৰীকালীন ৰানৱে' প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বুলি অৱগত হোৱাৰ পাছতে চাহ জনগোষ্ঠী মৰ্চাৰ সাধাৰণ সম্পাদক শ্যামল ভূমিজে কয়, "মৰাণত নিৰ্মাণ হোৱা জৰুৰীকালীন ৰানৱে' উদ্বোধন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী আহিব ৷ আমাৰ সংগঠনৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাইছোঁ ৷ ৰাজপথত বিমাণ অৱতৰণ কথা সপোনত ভাবিছিলো কিন্তু অহা ১৪ তাৰিখে বাস্তৱ হৈ উঠিব ৷ বিমান অৱতৰণৰ দৃশ্য উপভোগ কৰিবলৈ মৰাণৰ লগতে অসমৰ ৰাইজ অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷‌

লগতে পঢ়ক : বিশ্বাস হোৱা নাই ! অসমৰ ৰাজপথত দৌৰিব ৰাফেল, মিগৰ দৰে যুঁজাৰু বিমান