ডিব্ৰুগড় : ৰাষ্ট্ৰীয় ৰাজপথ বা ঘাইপথত আমি সদায় গাড়ী মটৰ চলি থকা দেখিবলৈ পাওঁ ৷ সেয়া এটা সাধাৰণ কথা ৷ কিন্তু আমি যদি আপোনাক কওঁ যে, এতিয়াৰে পৰা ৰাজপথত তাকো অসমৰ ৰাজপথত চলাচল কৰিব বিমানে ৷ কথাষাৰ হয়তো অসাধাৰণ আৰু অবিশ্বাস্য যেন লাগিব ৷
এই দৃশ্য অসমৰ ৰাইজৰ বাবে এতিয়াৰে পৰা হৈ পৰিব সুলভ ৷ বিমান বন্দৰত নহয় ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বিমান । অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বিমান অৱতৰণ কৰিব পৰাকৈ । ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাক লৈ অসম ৰাইজৰ খং, অসন্তুষ্টি আছিল দীৰ্ঘদিনৰ পৰা । তেনে সময়ত এইখন অসমতে জৰুৰী যুদ্ধ বিমান অৱতৰণৰ বাবে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰাষ্ট্ৰীয় ঘাইপথ । অতি সোনকালে মৰাণৰ ৰাজপথত দেখা যাব ৰাফেল, মিগ, তেজছ, হাৰকিউলিছ, AN-32 আদিৰ দৰে যুঁজাৰু জেট বিমান ।
ডিব্ৰুগড় জিলাৰ মৰাণৰ নিৰ্মীয়মান ৪ লেনযুক্ত পূৰ্বৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰ্তমান ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অত্যাধুনিক উন্নতমানৰ জৰুৰীকালীন ৰানৱেৰ সুবিধা (ELF) । যুদ্ধকালীন পৰিস্থিতি অথবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই ৰাজপথ নিমিষতে পৰিণত কৰিব পৰা যাব ভাৰতীয় বায়ুসেনাৰ বিমান বন্দৰলৈ । NHIDCL ৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা ৰাজপথটোৰ মৰাণৰ চেপন প‘ল‘ ক্লাৱৰ পৰা গজপুৰীয়ালৈ ৪.৫ কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক উৰণপথ । পথটোৰ বহল হৈছে ৩০ মিটাৰ ।
বিমান অৱতৰণৰ সময়ত পথছোৱাৰ কাষত মানুহ, জীৱ-জন্তু সোমাব নোৱৰাকৈ ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰা হৈছে । লগতে নিৰ্মাণ কৰা হ'ব এটা এয়াৰ ট্ৰেফিক কন্ট্ৰল টাৱাৰ (ATC) । জৰুৰীকালীন পৰিস্থিতিতহে ব্যৱহাৰ হ’ব এই উৰণপথটো । ইয়াৰ বিপৰীতে সকলো সময়তে পথছোৱা খোলা থাকিব যাতায়তৰ বাবে । প্ৰায় ১৫০ কোটি টকাৰ খৰচ কৰি নিৰ্মাণ কৰা হৈছে পথছোৱা । সকলো ঠিকে থাকে থাকিলে অহা ৩০ মে’ৰ ভিতৰত ঠিকাদাৰী প্ৰতিষ্ঠান এম এল জৈনে NHIDCL ৰ কৰ্তৃপক্ষক পথছোৱা গতাই দিব । ইয়াৰ পাছতে বায়ু সেনাৰ কৰ্তৃপক্ষই কৰিব জৰুৰীকালীন পৰিস্থিতিত বিমান অৱতৰণৰ পৰীক্ষামূলক কাৰ্যসূচী ।

বিমান অৱতৰণৰ পৰীক্ষামূলক কাৰ্যসূচী সফল হ'লেই মৰাণৰ ৰাজপথটো হৈ পৰিব উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ জৰুৰীকালীন পৰিস্থিতিত বিমান অৱতৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ । উল্লেখ্য যে, ইতিমধ্যে পহিলা এপ্ৰিলৰ পৰা মৰাণ টাউন নোসোমোৱাকৈ যাতায়তৰ বাবে মুকলি কৰা হৈছে নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথটো ।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আৰু NHIDCLৰ যৌথ প্ৰচেষ্টাত এই পথটো নিৰ্মাণ:
যাত্ৰাৰ বাবে পথটো মুকলি কৰি দিয়া হৈছে যদিও উক্ত স্থানত ৰানৱেৰ কিছু কাম দিনে নিশাই চলাই থকা হৈছে । সকলো কাম তদাৰক কৰিছে বায়ুসেনা বিশেষজ্ঞসকলে । এই সম্পৰ্কত আমি জানিবলৈ চেষ্টা কৰাত ঠিকাদাৰী প্ৰতিষ্ঠান এম এল জৈনৰ বিষয়া দয়ানন্দ ফুকনে কয়, "NHIDCLয়ে মৰাণত নিৰ্মাণ কৰা চাৰি লাইন পথত জৰুৰীকালীন অৱস্থাত বিমান অৱতৰণৰ ব্যৱস্থা কৰা হৈছে । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু NHIDCLৰ যৌথ প্ৰচেষ্টাত এই পথটো নিৰ্মাণ কৰা হৈছে । প্ৰায় এটা বছৰ লাগিছে পথটোত বিমান অৱতৰণ কৰিব পৰা কৰি তুলিবলৈ । ইতিমধ্যে যাতায়তৰ বাবে পথটো খুলি দিয়া হৈছে । সকলো ঠিকে থাকিলে ৩০ মে’ৰ ভিতৰত NHIDCLক নিৰ্মাণ সম্পূৰ্ণ কৰি গটাই দিম ।"
উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে এই ৰানৱে নিৰ্মাণ কৰা হৈছে :
ঠিকা প্ৰতিষ্ঠানৰ বিষয়াগৰাকীয়ে লগতে কয়, "সামৰিক দৃষ্টিকোণৰ পৰা উত্তৰ-পূৰ্বাঞ্চল একমাত্ৰ সংবেদনশীল অঞ্চল । তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই পথটো নিৰ্মাণ কৰিছে । অতি সোনকালে বিমান অৱতৰণৰ বাবে পথছোৱা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব । এই পথটোত বিমান অৱতৰণ কৰিব পৰা সকলো সুবিধা থাকিব যদিও যাতায়তৰ বাবে খোলা থাকিব । জৰুৰীকালীন অৱস্থাত বিমান অৱতৰণৰ সময়ত যাতে কোনো সমস্যা নহয়, তাৰবাবে পথৰ দুই কাষে ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে । লগতে এই পথত সংযোগ থকা গাঁৱৰ পথসমূহত বিশেষভাৱে গেট নিৰ্মাণ কৰা হৈছে । জৰুৰীকালীন সময়ত এই গেটসমূহ বন্ধ কৰি পথটো সম্পূৰ্ণ ৰানৱে হিচাপে ব্যৱহাৰ কৰা হ'ব ।

বিমান অৱতৰণৰ সময়ত যাতায়তৰ বাবে নিৰ্মাণ কৰা হৈছে বিকল্প পথ :
প্ৰায় ১৫০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই অত্যধুনিক পথটো নিৰ্মাণ কৰিছে এম এল জৈন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে । বিষয়াগৰাকীয়ে কয়, "ৰানৱে হিচাপে নিৰ্মাণ হোৱা পথছোৱা ৪.৫ কিলোমিটাৰ আৰু পথটোৰ বহল হৈছে ৩০ মিটাৰ । যেতিয়া জৰুৰীকালীন অৱস্থাত বিমান অৱতৰণ কৰিব তেতিয়া বাহনসমূহ পুনৰ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰিব লাগিব । লগতে আন এটা বিকল্প পথো নিৰ্মাণ কৰা হৈছে । অহা মাহতেই বিমান অৱতৰণৰ পৰীক্ষামূলক কাম আৰম্ভ হ'ব ।
বিমান অৱতৰণৰ পথ নিৰ্মাণ হ'লে অঞ্চলটো অৰ্থনৈতিকভাৱে আগবাঢ়িব :
যুদ্ধ বিমান অৱতৰণ কৰিব পৰাকৈ অতি অত্যাধুনিকভাৱে নিৰ্মাণ কৰা পথছোৱাক লৈ অঞ্চলৰ ৰাইজৰ ব্যাপক উচাহ । এজন স্থানীয় সচেতন ৰাইজে কয়, "এই পথটো নিৰ্মাণ হ'লে অঞ্চলটোৰ ৰাইজ অৰ্থনৈতিকভাৱে আগবাঢ়িব পাৰিব । কিন্তু ৰাইজৰ অসুবিধা আছে । পথৰ দুই কাষে কৃষি পথাৰ আছিল । এই পথটো নিৰ্মাণ কৰি পথৰ কাষত ফেঞ্চিং লগাই দিয়াত ৰাইজ সমস্যাত পৰিছে । কিন্তু যুদ্ধ বিমান অৱতৰণৰ দৃশ্য ওচৰৰ পৰা চাবলৈ অতি আগ্ৰহী অঞ্চলটোৰ ৰাইজ ।"
লগতে পঢ়ক : ভাৰতৰ সৰ্ববৃহৎ যুঁজাৰু বিমান চুক্তি, নৌ-সেনাৰ বাবে ২৬খন ৰাফেল মেৰিন জেট