ETV Bharat / state

বিদ্য়ালয়ৰ শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীৰ লগত একেখন বেঞ্চত বহি নষ্টালজিক নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালা

পূৰ্বতে শিক্ষা ব্যৱস্থাত থকা অনুশাসন আৰু মৰমে কিদৰে সফলতা দিশলৈ লৈ গৈছিল তাকো শিক্ষাৰ্থী আৰু শিক্ষক উপস্থিতত সোঁৱৰণ কৰে নৱ নিৰ্বাচিত বিধায়কগৰাকীয়ে ৷

MLA Dhiraj Gowala
তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 19, 2026 at 6:40 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : অসম বিধানসভালৈ নৱনিৰ্বাচিত তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই বিধায়ক হিচাপে ২১ মে’ত শপতগ্ৰহণ পূৰ্বে মঙলবাৰে নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনত উপস্থিত হয় ৷ তিতাবৰ তিনিআলিস্থিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ আৱেগিক হৈ পৰে বিধায়কগৰাকী ৷ শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীৰ লগত একেখন বেঞ্চত বহি নষ্টালজিক হৈ পৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিগৰাকী ৷ স্মৰণ কৰে শৈশৱৰ সেই সোণোৱালী দিনৰ ৷

গোৱালাই কয়, "অষ্টম শ্ৰেণীৰ পৰা মই ইয়াতে অধ্যয়ন কৰিছিলো ৷ ঘৰৰ পৰা চাইকেল লৈ সেইটো সময়ত স্কুললৈ আহিছিলো ৷ আজি আচলতে অত্যন্ত সুখী ৷ যিসকল শিক্ষাগুৰুৱে আচলতে আমাক পঢ়ুৱাইছিল, তেওঁলোকৰ বহুতেই অৱসৰ ল’লে ৷ তথাপিও বহুকেইগৰাকী আছে, লগ পালো ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলোকে লগ পাই নষ্টালজিক হৈছো, সেই সময়ৰ কথা মনত পৰিছে ৷"

তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালা (ETV Bharat Assam)

শ্ৰেণীকোঠাৰ ছেকেণ্ড বেঞ্চত বহা ধীৰাজ গোৱালাই শিক্ষাগুৰু পৰা চেকনি কোব খাই শিক্ষা জীৱনত আগুৱাই যোৱা বিষয়ে আলোকপাত কৰা লগতে সেই শিক্ষাগুৰুৰ অনুশাসন আৰু মৰমে কেনেদৰে জীৱনত আগবাঢ়ি অনুপ্ৰাণিত কৰিছিল সেই বিষয়ে উল্লেখ কৰে ৷ তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰা লগতে শিক্ষাগুৰুৰ আশিস লয় ।

তেওঁ লগতে কয়, "খুব কৃতজ্ঞতাৰে মই এইটো কথা ক’বই লাগিব, বিদ্যালয়খনৰ সেইটো সময়ৰ যি শিক্ষা ব্যৱস্থা আছিলে, যি অনুশাসন আছিলে, সেইটো মানে আমি কেতিয়াও পাহৰিব নোৱাৰো ৷ তেওঁলোকৰ বেতৰ কোব খাইয়ে জীবনৰ বহু কথা শিকিছিলো, সেইটো মই স্বীকাৰ কৰিবই লাগিব ৷ বহুত মৰমো কৰিছিল ৷ সেই বিদ্যালয়খনৰ প্ৰতি মই দায়বদ্ধ থাকিম ৷"

MLA Dhiraj Gowala
তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)

উল্লেখ্য যে পাণবাৰী চাহ বাগিচাৰ কাষৰীয়া ৰতনপুৰ গাঁৱৰ সন্তান ধীৰাজ গোৱালাই ১৯৯৯ চনত তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । বিদ্যালয়খনত অষ্টম শ্ৰেণীত নামভৰ্তি কৰা গোৱালাই উচ্চতৰ মাধ্যমিক পৰীক্ষাতো এই বিদ্যালয়খনৰ পৰাই অৱতীৰ্ণ হয় ৷

ইফালে ছাত্ৰ ৰাজনীতিৰ পৰা বৰ্তমান বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত ধীৰাজ গোৱালাক কাষতে পাই উৎফুল্লিত হৈ পৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল ৷ তেওঁ বিদ্যালয় কৰ্তৃপক্ষক বিদ্যালয়খনৰ শৈক্ষিক উন্নয়নৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ কথাও ব্যক্ত কৰে ৷

লগতে পঢ়ক : আছে নেকি নতুন অংক ? কিয় দলৰ সকলো পদৰ পৰা অব্যাহতি ল’লে ৰাজেন গোহাঁয়ে ?