ETV Bharat / state

উৰিয়ামঘাটত নগা দুৰ্বৃত্তই কাটিলে গছপুলি; নাগালেণ্ডৰ প্ৰশাসনৰ মুখত তলা

অসমৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰি থৈ গ'ল নগা দুৰ্বৃত্তই । উত্তৰ নাই প্ৰশাসনৰ ।

Naga Aggression
উৰিয়ামঘাটত নগা দুৰ্বৃত্তই কাটিলে গছপুলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 11:05 AM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা বৃদ্ধি । অসমৰ ভূমিত প্ৰৱেশ কৰি অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই বন বিভাগে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰাৰ পিছতে উৰিয়ামঘাটত উত্তেজনা বৃদ্ধি পাইছে । আৰক্ষী, জিলা প্ৰশাসন আৰু চি আৰ পি এফৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

উল্লেখ্য যে, অসম-নাগালেণ্ড সীমান্তৰ উৰিয়াঘাটত বুধবাৰে অসম চৰকাৰে ৰোপণ কৰা শ শ গছপুলি কাটি তহিলং কৰিলে নগা দুৰ্বৃত্তই । এই ঘটনাই পুনৰ এবাৰ শংকিত কৰি তুলিছে সীমান্তবাসীক । কিয়নো উচ্ছেদৰ পিছৰে পৰা সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে নগাৰ দপদপনি ।

উৰিয়ামঘাটত নগা দুৰ্বৃত্তই কাটিলে গছপুলি (ETV Bharat)

কেতিয়াবা যদি অসমীয়া ঘৰ জ্বলাই দিয়ে, কেতিয়াবা আকৌ অসমৰ ব্যৱসায়ীক অপহৰণৰ চেষ্টা চলাই নগা দুৰ্বৃত্তই । তাৰ মাজতে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত নগাই কাটি থৈ গ'ল গছপুলি আৰু বন বিভাগে স্থাপন কৰা বনানীকৰণৰ ফলকো ভাঙি থৈ গ'ল ।

জানিব পৰা মতে, চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ ক'ৰবস্তি, ৰোচান গাঁৱকে ধৰি বহুকেইখন নগা গাঁৱৰ ৬০ খনৰো অধিক গাড়ীৰে শতাধিক নগা লোকে আহি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সোণাৰিবিল, বিদ্যাপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি কেইবাটাও স্থানত উচ্ছেদৰ পাছত বন বিভাগে নতুনকৈ ৰোপণ কৰা গছপুলি কাটি থৈ যায় ।

আনহাতে অঞ্চলসমূহত থকা বহুকেইটা পৰিত্যক্ত গৃহত অগ্নি সংযোগ কৰে নগাই । অভিযোগ উত্থাপন হৈছে যে নগা লোকসকলক চি চেক্টৰৰ চি আৰ পি এফৰ কমাণ্ডেণ্ট এগৰাকীয়ে নিৰাপত্তা দি লৈ গৈছিল । কিন্তু সেই বিষয়ে নিমাত চি আৰ পি এফৰ শীৰ্ষ বিষয়া । এই সন্দৰ্ভত সাংবাদিকে উভতি ধৰে বিষয়াগৰাকীক । কিন্তু সাংবাদিকৰ সন্মুখত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিষয়াগৰাকী । ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতহে গা লৰিল সৰুপথাৰ সমজিলা প্ৰশাসন আৰু চি আৰ পি এফৰ । ঘটনাস্থলীত উপস্থিত হয় সৰুপথাৰ সমজিলা প্ৰশাসনৰ লোক ।

জানিব পৰা মতে, মঙলবাৰে উৰিয়ামঘাট চি চেক্টৰৰ চি আৰ পি এফ কেম্পত ৬০ খন গাঁৱৰ গাঁও প্ৰধানৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় । সেই সভাত বিভিন্ন বিষয়ত আলোচনা হয় । সূত্ৰৰ মতে ৪ জনতকৈ অধিক লোক উচ্ছেদিত অঞ্চলত গোট খালে গ্ৰেপ্তাৰ কৰাৰ কথাও কোৱা হৈছিল সভাত । কিন্তু সেই নিৰ্দেশনাৰ ২৪ ঘণ্টা সম্পূৰ্ণ নৌহওঁতেই শতাধিক নগা লোকে সীমান্তৰ পৰা ১৫ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি কেনেকৈ গছপুলি কাটি থৈ যাব পাৰিলে ! সেয়া সকলোৰে বাবে উদ্বেগৰ বিষয় । চি চেক্টৰত নিয়োজিত নগা চেক্টৰ কমাণ্ডেণ্টগৰাকীৰ সহযোগতে নগাই বাৰে বাৰে আগ্ৰাসী মনোভাৱ লোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ঘটনাটোৰ পিছতে চি আৰ পি এফৰ শীৰ্ষ বিষয়া আৰু নাগালেণ্ডৰ সীমান্তৰ দণ্ডাধীশে অঞ্চলটো পৰিদৰ্শন কৰিছে । এই সন্দৰ্ভত চি আৰ পি এফৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, "আলোচনাৰ পিছত সকলো স্পষ্টকৈ কোৱা হ'ব । আমি সকলো সঠিকভাৱে কৰি আছো । নিউট্ৰেল ফ'ৰ্চৰ ওপৰত কোনো ধৰণৰ সন্দেহ থাকিব নোৱাৰে । আৰক্ষী অধীক্ষকে সকলো তদন্ত কৰিব, এফ আই আৰ দিয়া হৈছে । সকলো তদন্তৰ পিছত আলোচনাৰ পিছত স্পষ্ট কৰি দিয়া যাব ।"

ইফালে নাগালেণ্ডৰ এগৰাকী দণ্ডাধীশক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কোনো ধৰণৰ মন্তব্য নিদিয়াকৈ অঞ্চলটোৰ পৰা পলায়ন কৰা দেখা যায় ।

লগতে পঢ়ক :অসমৰ ভূমিত নগাৰ দপদপনি; কাটি থৈ গ'ল বন বিভাগে ৰোপণ কৰা শ শ গছপুলি