ETV Bharat / state

অসমৰ ভূমিত নগাৰ দপদপনি; কাটি থৈ গ'ল বন বিভাগে ৰোপণ কৰা শ শ গছপুলি

চৰকাৰে সপোন দেখিছিল উৰিয়ামঘাটত অৰণ্য হ'ব । কিন্তু বন বিভাগে ৰোপণ কৰা গছপুলি কাটিল দলে-বলে অহা নগাই ।

Naga aggression
উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই কাটি থৈ গ'ল গছপুলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 5:52 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : দিনক দিনে নগাৰ আগ্ৰাসন বৃদ্ধি পাইছে । অসমৰ ভূমি নিজৰ বুলি দাবী কৰাতে ক্ষান্ত থকা নাই নগাসকল । অসমৰ ভূমিত চৰকাৰে ৰোপণ কৰা গছপুলিবোৰৰ ওপৰতো চকু নগাৰ । শেহতীয়াকৈ অসমৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰিলে নগাই । অস্ত্ৰ-শস্ত্ৰ লৈ শতাধিক নগাই অসমৰ ভূমিত প্ৰৱেশ কৰি কাটি থৈ গ'ল শ শ গছপুলি ।

যাক লৈ উত্তপ্ত পৰিস্থিতি উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত । ৰেংমা বনাঞ্চলৰ উচ্ছেদস্থলীত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস দেখি আতংকিত হৈ পৰিছে সীমান্তবাসী । ঘটনাটো অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট সোণাৰীবিল অঞ্চলৰ । উচ্ছেদিত অঞ্চলটোত বন বিভাগে ৰোপণ কৰিছিল গছপুলি । কিন্তু শতাধিক নগা দুৰ্বৃত্তই এফালৰ পৰা এই গছপুলিবোৰ কাটি পেলাল । আচৰিত কথাটো হ'ল যে এই দৃশ্য দেখাৰ পিছতো নিৰ্বিকাৰ অসম চৰকাৰ । ঘটনাস্থলীত নিৰাপত্তা বাহিনী উপস্থিত থকাৰ পিছতো নগাই এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উঠিছে ।

অসমৰ ভূমিত প্ৰৱেশ কৰি অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই কাটি থৈ গ'ল গছপুলি (ETV Bharat)

উল্লেখ্য যে ২৯ জুলাইত আৰম্ভ হৈছিল সোণাৰীবিলৰ উচ্ছেদ আৰু ৯ আগষ্টত আৰম্ভ হৈছিল বনানীকৰণৰ কাম । প্ৰথম পৰ্যায়ত ১০০০ বিঘা ভূমিত গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিছিল বন বিভাগে । সমগ্ৰ অঞ্চলটোত বনানীকৰণ কৰা হ'ব বুলিও জানিবলৈ দিছিল বন বিভাগে । বন বিভাগে জনোৱা মতে বনানীকৰণৰ লগে লগে সোণাৰীবিলক কেন্দ্ৰ কৰি গঢ়ি তোলা হ'ব এক আকৰ্ষণীয় পৰ্যটনক্ষেত্ৰ । এই সপোন দেখিছিল চৰকাৰে । প্ৰথম দিনাই ৬০ হেক্টৰ ভূমিত কেৱল উৰিয়াম পুলি ৰোপণ কৰা হৈছিল । বুলড'জাৰে ধ্বংসস্তূপত পৰিণত কৰা ৰেংমা সংৰক্ষিত বনাঞ্চল সেউজীয়া কৰাৰ লক্ষ্য আছিল চৰকাৰৰ ।

অসম চৰকাৰৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উপস্থিতিত ৰোপণ কৰা হৈছিল গছপুলি । পিছে এই আশাত চেঁচাপানী পেলালে নগাই । নগাই আহি এফালৰ পৰা কাটি গ'ল লহপহকৈ বাঢ়ি অহা গছপুলিবোৰ । কেৱল এয়াই নহয় সেই সময়ত উক্ত স্থানত উপস্থিত থকা একাংশ অসমীয়াক ভাবুকিও প্ৰদান কৰিলে অস্ত্ৰ-শস্ত্ৰ লৈ অহা নগা দুৰ্বৃত্তই ।

Naga aggression
নগাই কাটি থৈ যোৱা গছপুলি সংগ্ৰহ কৰিছে স্থানীয় লোকে (ETV Bharat)

ঘটনা সন্দৰ্ভত এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "নগাই আহি ৰোপণ কৰা পুলিবোৰ কাটি থৈ গ'ল । ১০০ৰো অধিক নগা গাড়ী লৈ আহিছিল । হাতত মাৰণাস্ত্ৰ আছিল । গছপুলি ৰোপণ কৰা স্থানত থকা ফলকো ফালি দিছে ।"

আন এজন লোকে কয়, "২০০ৰো অধিক নগা আছিল । দাৰে এফালৰ পৰা গছ কাটি থৈ গ'ল । নগাই আমাক কৈছে ইয়াত পুনৰ গছপুলি ৰোপণ কৰিলে আমি সন্ধিয়া পুনৰ আহিম । পুনৰ ইয়াত গছপুলি ৰোপণ কৰিবলৈ নাহিবি বুলিও ভাবুকি প্ৰদান কৰিছে । তেতিয়া চিআৰপিএফ আছিল । কিন্তু একো নকৰিলে ।"

লগতে পঢ়ক :কাৰ ছত্ৰছায়াত বন বিভাগৰ নাকৰ তলেদি সৰবৰাহ উৰিয়ামঘাটৰ তামোল ?