ETV Bharat / state

অসমৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক গতি প্ৰদানৰ বাবে যুৱ উদ্যোগীক সমৰ্থনৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

অসমত এক উজ্জীৱিত ষ্টাৰ্টআপ ইক'ছিষ্টেমক গঢ় দিয়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ থকা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফাইল ফটো (X@HimantaBiswaSarma)
author img

By PTI

Published : January 16, 2026 at 1:44 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম চৰকাৰ এক উজ্জীৱিত ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবৰ বাবে দৃঢ় সংকল্পবদ্ধ । শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে এই কথা কয় । তেওঁ লগতে কয় যে চৰকাৰ এক উজ্জীৱিত ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ প্ৰতি দায়বদ্ধ আৰু যুৱ উদ্যোগীসকলক নিজৰ উদ্ভাৱনী ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব ।

আনহাতে, ৰাজ্যৰ ষ্টাৰ্টআপ খণ্ডক উৎসাহিত কৰিবলৈ ৰাজ্য চৰকাৰে আঁচনি গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে ।

"ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসত আমি ভাৰতৰ ভৱিষ্যতক আকাৰ দি অহা উদ্ভাৱন আৰু উদ্যমিতাৰ মনোভাবক উদযাপন কৰো । অসমত আমি এক উজ্জীৱিত ষ্টাৰ্টআপ ইক'ছিষ্টেমক গঢ় দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো, যাতে যুৱ উদ্যোগীসকলক সঠিক সমৰ্থন, সুযোগ আৰু উদ্ভাৱন কৰিবলৈ আৰু ইয়াৰ প্ৰভাৱ সৃষ্টি কৰিবৰ বাবে এক উপযুক্ত বাতাৱৰণ লাভ কৰে ।" তেওঁ কয় ৷

তেওঁ লগতে কয় যে ২০২১ চনৰ পৰা এতিয়ালৈকে অসম ষ্টাৰ্টআপ আঁচনিৰ অধীনত ৬১৫ গৰাকী উদ্যোগীয়ে সংস্থাপন লাভ কৰিছে । আনহাতে, যুৱ ষ্টাৰ্টআপক সহায় কৰিবলৈ ২০০ কোটি টকাৰ কৰ্পাছ পুঁজিৰে অসম ভেন্সাৰ কেপিটেল ফাণ্ড গঠন কৰা হৈছে । আনহাতে, ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান’ৰ জৰিয়তে যুৱ উদ্যোগীসকলক সাহায্য প্ৰদান কৰা হৈছে বুলিও তেওঁ লগতে কয় ।

উল্লেখ্য যে, সমগ্ৰ দেশতে এক শক্তিশালী আৰু সৰ্বাংগীণ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ দৃষ্টিভংগীৰে ২০১৬ চনৰ ১৬ জানুৱাৰীত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল । ই হৈছে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ অধীনত ভাৰত চৰকাৰৰ এক ধ্বজাবাহী আঁচনি । বিগত দশকত এই পদক্ষেপে উদ্যোগীসকলক সহায় কৰিবলৈ, উদ্ভাৱনক উৎসাহিত কৰিবলৈ আৰু ষ্টাৰ্টআপসমূহক বিকাশ আৰু মাত্ৰা প্ৰদান কৰিব পৰাকৈ সক্ষম কৰি তুলিবলৈ মূল কাৰ্যসূচী আৰু নীতিগত ব্যৱস্থাসমূহ প্ৰৱৰ্তন কৰিছে । এই অভিযান আৰম্ভ হোৱা দিনটোতে অৰ্থাৎ ১৬ জানুৱাৰীত ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উদযাপন কৰা হৈ আহিছে ।

এই বছৰ ষ্টাৰ্টআপ ইণ্ডিয়াই ১০ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস, ২০২৬ ভাৰতৰ উদ্যোগীকৰণ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । এই অনুষ্ঠানত বিগত দশকত হোৱা অগ্ৰগতিক আলোকপাত কৰা হয়, অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ অৱদানক স্বীকৃতি প্ৰদান কৰা হয় আৰু উদ্ভাৱন-নেতৃত্বাধীন বিকাশক আগবঢ়াই নিয়াৰ বাবে চৰকাৰ যে দায়বদ্ধ তাক পুনৰ দৃঢ়তাৰে উচ্চাৰণ কৰা হয় ।

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ উদ্দেশ্য হৈছে ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ আৰু বিকশিত ভাৰত ২০৪৭ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভৱিষ্যতৰ বাবে সাজু হোৱা, আত্মনিৰ্ভৰশীল দেশ গঢ়ি তোলাত ইয়াৰ ভূমিকা প্ৰকাশ কৰা ।

লগতে পঢ়ক :অসমত অনুপ্ৰৱেশ জটিল সমস্যা, জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছোঁ : ড৹ হিমন্ত বিশ্ব শৰ্মা
লগতে পঢ়ক :বাগৰুম্বা নাচৰ ঐতিহাসিক পৰিৱেশনে ইয়াক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠা কৰিব : মন্ত্ৰী বিমল বড়া