ETV Bharat / politics

অসমত অনুপ্ৰৱেশ জটিল সমস্যা, জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছোঁ : ড৹ হিমন্ত বিশ্ব শৰ্মা

বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰীৰ । অসম আৰু ত্ৰিপুৰা চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলেও পশ্চিমবংগক আক্ৰমণ মুখ্যমন্ত্ৰীৰ ।

Himanta Biswa Sarma and Tripura CM Manik Saha
অসমৰ মুখ্যমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণ (X@himantabiswasarma)
author img

By PTI

Published : January 16, 2026 at 8:06 AM IST

2 Min Read
Choose ETV Bharat

আগৰতলা (ত্ৰিপুৰা) : "অহা মাৰ্চ বা এপ্ৰিল মাহত অসমত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিব ।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ত্ৰিপুৰা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে । বৃহস্পতিবাৰে ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ দৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে । তাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে ফেব্ৰুৱাৰী মাহতে নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

তেওঁ কয় যে বিজেপি চৰকাৰে কৰা কাম আৰু দিয়া প্ৰতিশ্ৰুতিৰ ১০০ শতাংশ পূৰণ হোৱাটো বিবেচনা কৰিলে ১২৬ জনীয়া বিধানসভাত ব্যাপক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ ঘূৰি অহাৰ পথত আছে দলটো । উন্নয়ন আৰু পৰিচয়ক আহিলা হিচাপে লৈ নিৰ্বাচন খেলা হ'ব বুলি দৃঢ়তাৰে উল্লেখ কৰি তেওঁ কয় যে বিগত ৫ বছৰত প্ৰায় ১.৬ লাখ যুৱক-যুৱতীক স্বচ্ছভাৱে চৰকাৰী নিযুক্তি প্ৰদান কৰা হৈছে ।

ইফালে উত্তৰ-পূর্বাঞ্চলত বিশেষকৈ অসমত বাংলাদেশী অনুপ্রৱেশকাৰীৰ সমস্যাক লৈও মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্রকাশ কৰে ৷ তেওঁ কয়, "উত্তৰ-পূবৰ বিশেষকৈ অসমত অনুপ্ৰৱেশ এক জটিল সমস্যা । লোকপিয়লৰ পিছত অসমৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ মুছলমান জনসংখ্যা হ'ব বুলি ধাৰণা কৰা হৈছে । আমি জীয়াই থকাৰ বাবে সংগ্ৰাম কৰি আছোঁ ।"

অনুপ্ৰৱেশকাৰীৰ সমস্যা সন্দৰ্ভত পশ্চিমবংগ চৰকাৰক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ত্ৰিপুৰা আৰু অসম চৰকাৰে এই অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও পশ্চিমবংগ চৰকাৰে এই ক্ষেত্ৰত কাম কৰা নাই ।

তেওঁ কয়, "উত্তৰ-পূবত যদি আমি জীয়াই থাকিব বিচাৰো তেন্তে ভাৰত-বাংলা সীমান্তত আমি বহুত কাম কৰিব লাগিব । সেইবাবেই অসম আৰু ত্ৰিপুৰাত বিজেপি দল ক্ষমতাত থকাটো অতি গুৰুত্বপূৰ্ণ । পশ্চিমবংগৰ নিৰ্বাচনত গেৰুৱা দলৰ জয় সমানেই গুৰুত্বপূৰ্ণ ।"

লগতে পঢ়ক :খুদিগাঁৱত ৭০ মেগাৱাটৰ সৌৰ প্ৰকল্প উন্মোচন মুখ্যমন্ত্ৰীৰ