দিল্লী-মুম্বাইত বজাৰ দখল ধুবুৰীৰ চৰাঞ্চলত নিৰ্মিত শিকিয়া-ঝুলনাৰ, উচিত মূল্যৰ পৰা বঞ্চিত উৎপাদনকাৰী
ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত এটা চৰ ৷ এই চৰটোৰ লোকসকলে বছৰ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে শিকিয়া, ঝুলনা আদি ৷

Published : May 8, 2026 at 4:42 PM IST
ধুবুৰী: নামনি অসমৰ এখন ইতিহাস প্ৰসিদ্ধ জিলা ধুবুৰী ৷ মূল চহৰৰ পৰা দক্ষিণে প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এটা অঞ্চল । ব্ৰহ্মপুত্ৰৰ বুকুৰ এই চৰ অঞ্চলটোত বাস কৰে প্ৰায় ১৫-১৬ টা পৰিয়ালে । তেওঁলোক মূলতঃ সংখ্যালঘু মুছলমান । কঠোৰ পৰিশ্ৰমেৰে এই চৰটোৰ লোকসকলে গঢ় দিছে এটি ক্ষুদ্ৰ উদ্যোগ । ব্ৰহ্মপুত্ৰৰ বুকুৰ এই চৰটোৰ পৰাই তেওঁলোকৰ সামগ্ৰী যায় ভাৰতৰ ভিন ভিন প্ৰান্তলৈ । অতি কষ্ট সহিষ্ণু এই অঞ্চলটোৰ লোকসকলে নিৰৱচ্ছিন্নভাৱে চলাই অহা এক সংগ্ৰামৰ কাহিনী ক’বলৈ লৈছোঁ এই প্ৰতিবেদনত ৷
ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত এই চৰটোৰ নাম চলাকুৰা চৰ ৷ এই চৰটোৰ লোকসকলে বছৰ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে শিকিয়া, ঝুলনা আদি ৷ যিকোনো সামগ্ৰী ওলোমাই ৰাখিবলৈ ব্যৱহাৰ কৰা হয় এইবিধ সামগ্ৰী ৷ শিকিয়াৰ দুয়োটা মূৰ একেই, ইয়াক লৈ অসমীয়াত আপ্তবাক্যও পোৱা যায় ৷ এই শিকিয়া নিৰ্মাণ কৰিয়েই নিজৰ জীৱিকা অৰ্জন কৰি আহিছে চলাকুৰা চৰৰ লোকসকলে ৷ অৱশ্যে কষ্ট অনুসৰি তেওঁলোকে লাভ কৰা মূল্য পৰ্যাপ্ত নহয় ৷
নিতৌ প্ৰতিঘৰ মানুহে শিকিয়া প্ৰস্তুত কৰি সেয়া বজাৰলৈ মোকলাই দিয়ে ৷ ধুবুৰীৰ চৰৰ পৰা সেই শিকিয়া যায় গুজৰাট, হায়দৰাবাদ, দিল্লী,মুম্বাই আদি মহানগৰীৰ বজাৰলৈ ৷ তেওঁলোকৰ উৎপাদিত সামগ্ৰীয়ে দেশৰ ভিন্ন প্ৰান্তত বজাৰ লাভ কৰিছে যদিও ইয়াৰ উপযুক্ত মূল্য লাভ নকৰে এইলোকসকলে ৷ শিকিয়াৰ লগতে তেওঁলোকে ঝুলনাও প্ৰস্তুত কৰে ৷ একো একোখন ঝুলনা প্ৰস্তুত কৰোঁতে তেওঁলোকৰ খৰচ হয় প্ৰায় ৫২ টকা ৷ সেই ঝুলনা মধ্যভোগীয়ে তেওঁলোকৰ পৰা ক্ৰয় কৰে ৫৫ টকাত । অৰ্থাৎ একোখন ঝুলনা বিক্ৰী কৰি মাত্ৰ ৩ টকা লাভ কৰিবলৈ সক্ষম হয় এই লোকসকলে । পূৰ্বে তেওঁলোকে প্ৰায় ৫ টকা লাভ কৰিছিল যদিও এতিয়া সেয়া ৩ টকালৈ হ্ৰাস পাইছে ৷
মৰাপাট, কাপোৰ, নাইলন আদি ব্যৱহাৰ কৰি তেওঁলোকে এই ঝুলনা, শিকিয়া, মোনা আদি সামগ্ৰীসমূহ প্ৰস্তুত কৰে । কিন্তু উৎপাদন ব্যয়তকৈ মাত্ৰ দুই-এটকা লাভতেই সামগ্ৰীবোৰ বজাৰলৈ এৰি দিবলৈ তেওঁলোক বাধ্য ৷ কাৰণ মধ্যভোগীৰ দৰে তেওঁলোকে বহিঃৰাজ্যৰ বজাৰলৈ নিজেই সামগ্ৰীবোৰ লৈ যাবলৈ অপাৰগ ৷
এই সন্দৰ্ভত এজন হস্তশিল্পী জয়ধৰ আলীয়ে কয়, ‘‘আমি বহুদিনৰ পৰাই এই শিকিয়া, ঝুলনা আদি প্ৰস্তুত কৰি আহিছোঁ ৷ দিল্লী, মুম্বাই, গুজৰাট আদিত এইবোৰ বিক্ৰী হয় ৷ আমি এইবোৰ বনাই নাৱেৰে সিপাৰলৈ লৈ যাওঁ ৷ তাৰ পৰা আমাৰ কিছুমান মানুহে কিনি নিয়ে ৷ এখন ঝুলনা আমি ৫৫ টকাত বেচিব লাগে । আমাৰ বৰ বেছি লাভ নহয় । বাঁহ, মৰাপাট, নাইলন কাপোৰ আদি কিনাৰ উপৰিও নিজৰ কষ্ট আছে । কেৱল মৰাপাটেৰে শিকিয়াবোৰ বনালে কষ্ট বেছি হয় । কিন্তু সেই ধৰণে দাম নাপাওঁ ।’’
গাঁওখনৰ পুৰুষ-মহিলা সকলোৱেই এই কামত নিয়োজিত হয় ৷ আনকি তেওঁলোকৰ ল’ৰা-ছোৱালীয়েও স্কুলৰ পৰা আহি আজৰি সময়ত এই সামগ্ৰীসমূহ নিৰ্মাণত সহায় কৰে ৷ জয়ধৰ আলীয়ে জনোৱা মতে দিনটোত এজন মানুহে ১০ ৰ পৰা ১২ খন ঝুলনা বনাব পাৰে । পৰিয়ালটোৰ দহজন মানুহে সমানে বনালে এদিনত ৩০০ টকা মান লাভ হয় ।
এইবোৰ সামগ্ৰী নিৰ্মাণত যিমান কষ্ট হয়, সেই অনুযায়ী মূল্য লাভ নকৰে বুলি জনায় ব্যক্তিগৰাকীয়ে । কাৰণ যি সকল মধ্যভোগীয়ে এই সামগ্ৰীসমূহ চলাকুৰা চৰলৈ আহি ক্ৰয় কৰি লৈ যায়, সেই মধ্যভোগীয়ে তেওঁলোকক উচিত মূল্যখিনি প্ৰদান কৰিব পৰা নাই । এই ক্ষেত্ৰত জয়ধৰ আলীৰ দৰে আন বহুতেই মৰাপাটৰ ৰচী, নাইলনৰ কাপোৰৰে বনোৱা বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে সঠিক মূল্যৰ নিৰূপণ কৰি দিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷ তেওঁলোকৰ পৰিশ্ৰমৰ মূল্য সঠিকভাৱে পাব বুলি চৰকাৰৰ ওপৰত কৰা দেখা গৈছে চৰৰ এইসকল লোকে ।
লগতে পঢ়ক: মাজুলীৰ বুকুত প্ৰথমখন চাহ বাগিচা: দুশ বছৰে অসম্ভৱ বুলি থকা এটা ধাৰণাক সেউজীয়া ৰূপ দিলে দুই ভাতৃয়ে

