ETV Bharat / state

অৱশেষত বিজেপিৰ আশ্ৰয়লৈ আহিল প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা

আছু, আছা, আটছাকে ধৰি বিভিন্ন সাংগঠনৰ বহু সংখ্যক নেতাৰ বিজেপিত যোগদান । বাজপেয়ী ভৱনত বিশাল যোগদান কাৰ্যসূচী ।

Former AASU General Secretary Shankarjyoti Baruah formally joined the BJP
বিজেপিৰ আশ্ৰয়লৈ আহিল প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 24, 2026 at 9:57 PM IST

|

Updated : January 25, 2026 at 3:03 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । লগতে আন বহু কেইজন প্ৰাক্তন আছু নেতাই গেৰুৱা দলটোৰ আশ্ৰয়লৈ আহে ।

কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই আছুৰ পৰা অব্যাহতি লোৱা শংকৰজ্যোতি বৰুৱাৰ ৰাজনীতিত প্ৰৱেশৰ বিষয়টো দীৰ্ঘদিন ধৰি চৰ্চাত আছিল । শেহতীয়াকৈ এই চৰ্চা অধিক তীব্ৰতৰ হৈ পৰিছিল । চৰ্চালৈ আহিছিল কংগ্ৰেছত যোগদান কৰাৰ প্ৰসংগও । কিন্তু অৱশেষত সকলো চৰ্চাৰ অৱসান ঘটাই শনিবাৰে শংকৰজ্যোতি বৰুৱাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

অৱশেষত বিজেপিৰ আশ্ৰয়লৈ আহিল প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা (ETV Bharat Assam)

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজন কৰা এক অনুষ্ঠানত শংকৰজ্যোতি বৰুৱাৰ সৈতে আন কেইবাজনো প্ৰাক্তন আছু নেতাই বিজেপি দলত যোগদান কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই তেওঁলোকক দলত আদৰণি জনাই আনুষ্ঠানিকভাৱে দলীয় পৰম্পৰাৰে দলত যোগদান কৰায় ।

Former AASU General Secretary joined BJP
বিজেপিত যোগদান শংকৰজ্যোতি বৰুৱাৰ (ETV Bharat Assam)

শনিবাৰে শংকৰজ্যোতি বৰুৱাৰ লগতে বিজেপিত যোগদান কৰে আছুৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য কনক গগৈ, অৰ্জুন চেত্ৰী, ৰাজীৱ গগৈ আৰু ৰক্তিম বৰা, জিলা সমিতিৰ প্ৰাক্তন সভাপতি সত্য বৰগোঁহাই আৰু প্ৰাণজিৎ হাজৰিকা আৰু ডিব্ৰুগড় জিলাৰ আছুৰ প্ৰাক্তন উপ সভাপতি দীপজ্যোতি দিহিংগীয়াকে ধৰি কেইবাজনো নেতাই ।

Former AASU General Secretary joined BJP
আছু, আছা, আটছাকে ধৰি বিভিন্ন সাংগঠনৰ বহু সংখ্যক নেতাৰ বিজেপিত যোগদান (ETV Bharat Assam)

অনুষ্ঠানত আপ আৰু অগপকে ধৰি কেইবাটাও দল-সংগঠনৰ ভালেসংখ্যক নেতাই বিজেপি দলত যোগদান কৰে । সকলোকে দলত আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে । আজি বিজেপিৰ ১৪.৫০ কোটি প্ৰাথমিক সদস্য আছে আৰু ১২ লাখ সক্ৰিয় সদস্য আছে । আমাৰ দলটোৱে ৰাইজৰ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছে । বিজেপি আজি দেশৰ ৭১ শতাংশ অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । সুশাসন ব্যৱস্থাৰে আজি দলটো আগুৱাই গৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে আজি বিশ্বৰ বুকুত প্ৰতিষ্ঠা হৈছে । অসমত হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত সৰ্বাংগীন বিকাশ হৈছে ।"

Former AASU General Secretary joined BJP
আছু, আছা, আটছাকে ধৰি বিভিন্ন সাংগঠনৰ বহু সংখ্যক নেতাৰ বিজেপিত যোগদান (ETV Bharat Assam)

তেওঁ লগতে কয়, "আপোনালোকে আজি সেৱাৰ বাবে যোগদান কৰিবলৈ আহিছে । আমাৰ এই যাত্রাত সহযোগী হিচাপে আহিছে । আমাৰ দলটোৰ প্ৰতি সকলোৰে উৎসুকতা বৃদ্ধি পাইছে । খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত বিজেপিৰ বাহিৰে বিকল্প নাই । সকলোকে আদৰণি জনাইছো । শংকৰজ্যোতি বৰুৱাৰ লগত বহুদিনৰ পৰা যোগাযোগ চলি আছিল। আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে । আমি উষ্ম আদৰণি জনাইছো । বহু নেতাই যোগদান কৰিবলৈ আহিছে । সকলোৰে সহযোগ আমি কামনা কৰিছো । সকলোৱে কাম কৰাৰ সুবিধা পাব ।"

Former AASU General Secretary joined BJP
বিজেপিত যোগদান শংকৰজ্যোতি বৰুৱাৰ (ETV Bharat Assam)

বিজেপিত যোগদান কৰি শংকৰজ্যোতি বৰুৱাই কয়, "ছাত্র সন্থাত দীঘলীয়া সময় অতিবাহিত কৰিছো । বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে জীৱনটো অতিবাহিত কৰি ৰাইজৰ হকে কাম কৰিবৰ বাবে হেঁপাহ পুহি ৰাখিছো । বিজেপিৰ এই মঞ্চখনৰ যোগেদি ৰাইজৰ সেৱক হিচাপে কাম কাজ কৰি যোৱাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো । বৰ্তমান সময়ত বিজেপিয়ে সৰ্বত্র উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে । বিজেপিৰ সেই উন্নয়নৰ সাৰথি হোৱাৰ বাবে যোগদান কৰিছো ।"

Former AASU General Secretary joined BJP
বিজেপিত যোগদান শংকৰজ্যোতি বৰুৱাৰ (ETV Bharat Assam)

আনহাতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শংকৰজ্যোতি বৰুৱাই কয়, "ছাত্র সন্থাৰ মজিয়াৰ পৰা দীৰ্ঘদিন ৰাইজৰ সেৱা আগবঢ়ালো । এতিয়া ৰাজনৈতিক ক্ষেত্রখনৰ যোগেদি ৰাইজৰ সেৱা আগবঢ়াবলৈ আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলো । অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন সদায় জাতীয়তাবাদী । কিন্তু ৰাষ্ট্ৰীয়বাদী দলত থাকিও আমি জাতীয়তাবাদী চিন্তা চৰ্চাৰে অসমখনৰ বাবে কাম কৰি যাব লাগিব । আৰ এছ এছে বহু অসমীয়া বিদ্যালয় স্থাপন কৰিছে । নিজৰ চিন্তা চৰ্চাৰে ৰাইজৰ বাবে কাম কৰিবলৈ বিজেপি দললৈ আহিছো ।"

Former AASU General Secretary joined BJP
অৱশেষত বিজেপিৰ আশ্ৰয়লৈ আহিল প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা (ETV Bharat Assam)

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "ৰাজহুৱা ব্যক্তি হিচাপে ইতিবাচক-নেতিবাচক দুয়োটাই কয় । মানুহে যাক ভাল পাই তাকহে সমালোচনা কৰে । মানুহৰ কথাক মই যোগাত্মকভাৱে লওঁ । আছুত থাকোতে 'কা' আন্দোলনখন আমি উচ্চতম ন্যায়ালয়ৰ মজিয়াত পাইছিলো আৰু বিষয়টো এতিয়াও ন্যায়ালয়ৰ বিচাৰধীন হৈ আছে । গতিকে ন্যায়ালয়ে যি ৰায় দিব সেই ৰায় সকলোৱে মানি ল'ব । মোৰ মনটো চাফা । মই কোনো ষড়যন্ত্র দেখা নাপাওঁ । মই সকলো বিষয় ধনাত্মক দৃষ্টিভংগীৰে লওঁ । মোৰ যোগদানকলৈ চৰ্চা হৈ আহিছিল । এতিয়া মই বিজেপি দলত যোগদান কৰিছো । দলে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তকলৈ মই আগবাঢ়ি যাম ।"

আজিৰ যোগদান কাৰ্যসূচীত প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ মনোজ কুমাৰ মহন্ত, যুৱ গায়িকা তৃণ শৰ্মা, যুৱনেতা দীপাংকৰ ওজা, অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দেউৰী, আটছাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক শিবু কৰ্মকাৰ, দুলীয়াজান আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বাবলু ভূমিজ, গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা কমিটীৰ সহঃ সাধাৰণ সম্পাদক দামোদৰ শৰ্মা, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদ কমিটিৰ সদস্য সমীৰঞ্জন বৰশইকীয়া, আছাৰ ডিব্ৰুগড় জিলা কমিটীৰ প্ৰাক্তন মুখ্য উপদেষ্টা ৰমেশ গঢ়, অৱসৰপ্ৰাপ্ত উপ বন-সংৰক্ষক খৰ্গ সিং ডেকাৰজা, মৰিগাঁও জিলা নাথ যোগী সন্মিলনৰ সভাপতি নৱকান্ত নাথ, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দুলেন পাটৰকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ ভালেসংখ্যক ব্যক্তিয়ে বিজেপিত যোগদান কৰে ।

অনুষ্ঠানত বিজেপিৰ অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক : গেৰুৱা বসন পিন্ধিব শংকৰজ্যোতি বৰুৱাই, কিন্তু শংকৰে নাপায় টিকট, মুখ্যমন্ত্ৰীয়ে কৰিলে স্পষ্ট
Last Updated : January 25, 2026 at 3:03 PM IST