প্ৰয়োজন সাপেক্ষে দহ লাখৰো অধিক টকা দিম বানত ক্ষতিগ্ৰস্ত লোকক : মুখ্যমন্ত্ৰী
শিৱসাগৰৰ পলাশনিত থকা আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী ৷ বন্যাৰ্তক অধিক সহায়ৰ আশ্বাস ৷

Published : August 4, 2026 at 3:19 PM IST
শিৱসাগৰ : বানৰ বাবে আশ্ৰয় শিবিৰত থকা শিৱসাগৰৰ বন্যাৰ্তসকলক মঙলবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শিৱসাগৰৰ পলাশনিত থকা অসম এনাৰ্জী ইনষ্টিটিউটৰ আশ্ৰয় শিৱিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই ৰাইজৰ সৈতে মত-বিনিময় কৰে ৷
মুখ্যমন্ত্ৰী শৰ্মাই উক্ত শিৱিৰ পৰিদৰ্শন কৰাৰ লগতে শিৱসাগৰৰ বানত মৃত্যু হোৱা দহগৰাকী লোকৰ আত্মীয়ক ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷
বন্যাৰ্তক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে বুলি বিধায়ক অখিল গগৈয়ে দাবী কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "প্ৰয়োজন হ'লে বন্যাৰ্তক দহ লাখতকৈ বেছিকৈ দিম । কিন্তু আমি অখিল গগৈৰ দৰে বান সাহাৰ্য দিবলৈ গৈ সামাজিক মাধ্যমত ৰীল বনাই থাকিব নোৱাৰো । আমি চৰকাৰ হয়, চৰকাৰৰ দায়বদ্ধতা আমি পালন কৰিব লাগিব ৷"
বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা অসমলৈ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "৯ আগষ্টৰ পৰা জৰীপৰ কাম আৰম্ভ কৰিম আৰু শীঘ্ৰে যাতে বানত ক্ষতিগ্ৰস্ত লোকে সাহাৰ্য পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷"
বানাক্ৰান্ত আৰু বান সাহাৰ্যৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাইজক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা সকলো সহায়-সহযোগিতাৰ কথা অৱগত কৰে । আনহাতে নাগালেণ্ডৰ অবৈধ কয়লা আৰু শিল খনন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"নগালেণ্ডত হোৱা খননৰ বাবে অসম চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই ।"
তেওঁ লগতে কয়, "কিন্তু ইয়াৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰি প্ৰয়োজন সাপেক্ষে নগালেণ্ড চৰকাৰৰ সৈতে যোগাযোগ কৰা হ'ব ৷ বিহুবৰৰ অবৈধ শিল খননক লৈ ৰাইজৰ আপত্তি আছে ৷ সেয়ে ৰাইজে ব্যৱস্থা গ্ৰহণৰ কৰাটো বিচাৰিছে যিহেতু তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"
লগতে পঢ়ক : ৰজাঘৰীয়ালৈ বাট নাচাই জীয়াঢলৰ খহনীয়া ৰোধৰ বাবে হাতে-কামে লাগিছে স্থানীয় ৰাইজ

