সন্দীপন, অমৃতপ্রভা, নন্দেশ্বৰ আৰু পৰেশৰ জামিন আবেদন নাকচ, জুবিনে ন্যায় পাব বুলি দাবী সাক্ষ্যদানকাৰীৰ
আদালতত সাক্ষ্যদান কৰি অধিবক্তা ৰাতুলৰ দাবী, জুবিন গাৰ্গে ন্য়ায় পাব ৷

Published : June 8, 2026 at 7:50 PM IST
গুৱাহাটী: সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । সোমবাৰে আদালতত উপস্থিত হৈ সাক্ষ্যদান দৰে ৪ গৰাকী সাক্ষীয়ে । সাক্ষ্যদান কৰা লোকসকলৰ ভিতৰত আছিল, জুবিন গাৰ্গৰ হত্যাৰ প্ৰথমখন এজাহাৰ দাখিল কৰা মৰিগাঁৱৰ অধিবক্তা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মন, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ আৰু এছআই প্ৰণৱ শইকীয়া ৷
উল্লেখ্য যে, চাৰ্জফ্ৰেমৰ পাছতেই ফাষ্টট্ৰেক আদালতত ৮ জুন অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে বিচাৰ প্ৰক্ৰিয়া । এতিয়াৰে পৰা প্ৰতিদিনে বিভিন্নজনৰ পৰা সাক্ষ্য গ্ৰহণ কৰিব আদালতে । মুঠ ৩৯৪ গৰাকী লোকে সাক্ষ্যদান কৰিব ফাষ্ট ট্ৰেক আদালতত । সোমবাৰৰ পৰা ২০ জুনলৈকে হত্যাৰ সন্দৰ্ভত গোচৰ দিয়াসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব । ৩৯৪ গৰাকীৰ সাক্ষ্যদানকাৰীৰ তালিকাত আছে চিংগাপুৰৰ প্ৰৱাসী অসমীয়াও ।
আদালতত সাক্ষ্য প্ৰদান কৰি সংবাদ মাধ্যমৰ সন্মুখত জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত প্ৰথমখন এজাহাৰ দাখিল কৰা অধিবক্তা ৰাতুল বৰাই কয়,"দোষীয়ে শাস্তি পাবই । মই যিহেতু প্ৰথমখন এজাহাৰ দাখিল কৰিছিলো আৰু আইন অনুসৰি প্ৰথমখন এজাহাৰ ৰেজিষ্ট্ৰাৰ কৰিব লাগে । মই সাক্ষ্য প্ৰদান কৰিলো, ভৱিষ্যতে যদি আৰু প্ৰয়োজন হয় মই আকৌ আহিম ।"
তেওঁ লগতে কয়,"বিপক্ষই যুক্তি দিছিল আবেগৰ বশৱৰ্তী হৈ আৰু ভুৱা কথাৰে এজাহাৰ দিয়া হৈছিল ৷ কিন্তু মই জুবিন গাৰ্গৰ অসুখৰ সন্দৰ্ভত চিকিৎসকৰ সৈতে কথা পাতিছিলো ৷ জুবিন গাৰ্গৰ অসুখৰ কথা গম পোৱাৰ পাছতো তেওঁলোকে কিয় সুৰাপান কৰিবলৈ দি সাগৰত সাঁতুৰিবলৈ জুবিন গাৰ্গক লৈ গৈছিল তাৰ সঠিক উত্তৰ দিব পৰা নাছিল বিৰোধী পক্ষই ৷ যাৰ বাবে জুবিন গাৰ্গে ন্যায় পাব বুলি মই বিশ্বাসী ৷"
আনহাতে, সোমবাৰে ফাষ্টট্রেক আদালতে জামিন নাকচ কৰে সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো যিহেতু ফাষ্টট্রেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে সেয়ে জামিন বিচাৰি আৱেদন কৰিছিল চাৰিওজনে ।ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে চাৰিওজনৰে জামিন আবেদন নাকচ কৰে ৷
লগতে পঢ়ক:ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ আৰম্ভ

