ETV Bharat / state

উজনিৰ প্ৰলয়ংকাৰী বানৰ উৎস বিচাৰি তদন্ত আয়োগ গঠনৰ দাবী : কেন্দ্ৰ, ৰাজ্য আৰু নাগালেণ্ড চৰকাৰলৈ অসম সাহিত্য সভাৰ স্মাৰকপত্ৰ

চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত মথাউৰি, পথ-দলং, জলনিষ্কাশন ব্যৱস্থা, নদীপথ আদি অতি শীঘ্ৰে পুনৰ নিৰ্মাণ আৰু শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সাহিত্য সভাৰ দাবী৷

ASSAM FLOODS 2026
উজনিৰ প্ৰলয়ংকাৰী বানৰ উৎস বিচাৰি অসম সাহিত্য সভাৰ স্মাৰকপত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2026 at 10:50 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত হোৱা প্রলয়ংকৰী বানৰ উৎস বিচাৰি উলিয়াই ইয়াৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে অসম সাহিত্য সভাই । এই সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই গ্ৰহণ কৰা এক প্রস্তাৱযোগে কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ ওচৰত একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

এই স্মাৰকপত্রৰ যোগেদি অসম সাহিত্য সভাই উজনিৰ বানৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে দিখৌ জলবিদ্যুৎ প্রকল্প, উজনি অঞ্চলৰ বান্ধ, কয়লা খনন, পাহাৰ খনন আৰু অন্যান্য সম্ভাব্য কাৰকৰ বিষয়ে স্বতন্ত্র ন্যায়িক, বৈজ্ঞানিক আৰু আন্তঃৰাজ্যিক তদন্ত আয়োগ গঠন কৰাৰ দাবী উত্থাপন কৰে ।

ASSAM FLOODS 2026
অসম সাহিত্য সভা(ফাইল ফটো) (ETV Bharat Assam)

এই সন্দৰ্ভত অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই কয়, ‘‘অসম-নাগালেণ্ড যৌথ নদী অৱবাহিকা ব্যৱস্থাপনা কর্তৃপক্ষ গঠন কৰি বান্ধ পৰিচালনা, নদী ব্যৱস্থাপনা, আগতীয়া সতৰ্কীকৰণ আৰু বাস্তৱ সময়ৰ তথ্য বিনিময় ব্যৱস্থা বাধ্যতামূলক কৰাৰ দাবী জনোৱা হৈছে । সাহিত্য সভাই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত মথাউৰি, পথ-দলং, জলনিষ্কাশন ব্যৱস্থা, নদীপথ আৰু অন্যান্য আন্তঃগাঁথনি বিজ্ঞানসন্মতভাৱে অতি শীঘ্ৰে পুনৰ নিৰ্মাণ আৰু শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছে ।’’

বৰাই লগতে কয়, ‘‘ইয়াৰোপৰি বানত নিহত ব্যক্তিৰ পৰিয়ালৰ এজনকৈ যোগ্য সদস্যক চৰকাৰী চাকৰিৰে সংস্থাপন কৰা, সংস্থাপনৰ বাবে এককালীন ক্ষতিপূৰণ প্ৰদান কৰা আৰু সন্ধানহীন ব্যক্তিসকলৰ অনুসন্ধান সম্পূর্ণ নোহোৱালৈকে বিশেষ অভিযান অব্যাহত ৰখাৰ দাবী জনোৱা হৈছে । স্মাৰকপত্ৰত গৃহহীন পৰিয়ালসমূহ, ক্ষুদ্র ব্যৱসায়ী, কৃষক, সাংবাদিক, চিকিৎসক আৰু বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালসমূহৰ বাবে বিশেষ অর্থনৈতিক পুনর্বাসন পেকেজ, স্থায়ী গৃহ আৰু জীৱিকা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰা হৈছে । সাহিত্য সভাই একে সময়তে গৰু, ছাগলী, হাঁহ, কুকুৰা আদি গৃহপালিত পশুধনৰ ক্ষতিৰ পূৰ্ণ ক্ষতিপূৰ্ণ, পশু চিকিৎসা, পশুখাদ্য, আশ্ৰয় কেন্দ্ৰ আৰু পুনৰ পশুধন বিতৰণৰ বিশেষ আঁচনি ৰূপায়ণৰ দাবী জনাইছে ।’’

ASSAM FLOODS 2026
বানত ককবকাইছে অসম (ETV Bharat Assam)

‘‘আনহাতে, কৃষিভূমি, শস্য, চাহ খেতি, মীন পালন আৰু গ্ৰাম্য অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে শস্য ক্ষতিপূৰণ, কৃষি বীমা, সুদমুক্ত ঋণ, উন্নত বীজ, কৃষি সঁজুলি আৰু বিশেষ উন্নয়ন পেকেজ প্ৰদানৰ আহ্বান জনোৱা হৈছে । লগতে বানপীড়িত অঞ্চলত স্থায়ী বান আশ্রয় কেন্দ্র, আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, উদ্ধাৰ সঁজুলি, চিকিৎসা কেন্দ্র, বিশুদ্ধ খোৱাপানী আৰু দুর্যোগ ব্যৱস্থাপনা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত দুর্যোগ প্রশমন বিভাগটো অধিক কার্যক্ষম কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে অসম সাহিত্য সভাই’’ - বৰাই কয় ৷

সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে পুনৰ কয়, ‘‘বানপীড়িত অঞ্চলৰ সাংবাদিক, স্বেচ্ছাসেৱক, উদ্ধাৰকাৰী আৰু অন্যান্য জনসেৱামূলক কৰ্মত নিয়োজিত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ বাবে বিশেষ সুৰক্ষা আৰু সাহায্য পেকেজ ঘোষণা কৰাৰ দাবী জনোৱা হৈছে । লগতে কৃষকসকলৰ কৃষি ঋণ মাফ আৰু বানত ক্ষতিগ্ৰস্ত ভূমিৰ মাটিৰ খাজনা ৰেহাই দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে । অসম সাহিত্য সভাই ভাৰত চৰকাৰৰ ওচৰত অসমৰ ভয়াবহ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বিজ্ঞানভিত্তিক স্থায়ী বান নিয়ন্ত্রণ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনর্গঠনৰ বাবে বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰাৰ দাবী জনাইছে ।’’

লগতে পঢ়ক: বানপীড়িত শিক্ষাৰ্থীৰ বাবে বিশেষ পদক্ষেপৰ দাবী : শিক্ষামন্ত্ৰীলৈ আছুৰ পত্র