ETV Bharat / state

বানপীড়িত শিক্ষাৰ্থীৰ বাবে বিশেষ পদক্ষেপৰ দাবী : শিক্ষামন্ত্ৰীলৈ আছুৰ পত্র

শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে ।

ASSAM FLOODS 2026
বানপীড়িত শিক্ষাৰ্থীৰ বাবে বিশেষ পদক্ষেপৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2026 at 10:36 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বানবিধ্বস্ত উজনি অসমৰ অৱস্থা এতিয়াও অতি শোচনীয় হৈ আছে । ইতিমধ্যে গৰম বন্ধ শেষ হোৱাৰ পিছত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে । শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে ।

এই সন্দৰ্ভত বুধবাৰে আছুৱে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুলৈ এখন দাবীপত্ৰ প্ৰেৰণ কৰে । ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত কয়, "শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্রান্ত লোকসকলে বর্ণনাতীত কষ্টৰে জীৱন-যাপন কৰি আছে । আনফালে, অসমৰ শিক্ষানুষ্ঠান সমূহত নিয়মীয়া পাঠদান আৰম্ভ হৈছে । বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনলৈ একপ্ৰকাৰ অনিশ্চয়তা নামি আহিছে । তেনে পৰিপ্ৰেক্ষিতত বন্যার্ত ছাত্র-ছাত্রীক সকাহ দিয়াৰ উদ্দেশ্যৰে ছাত্ৰ সন্থাই অসমৰ শিক্ষামন্ত্ৰীলৈ দাবীপত্ৰ প্ৰেৰণ কৰিছে ।’’

ASSAM FLOODS 2026
শিক্ষামন্ত্ৰীলৈ আছুৰ পত্র (ETV Bharat Assam)

পত্রযোগে ছাত্র সন্থাই উত্থাপন কৰা দাবীসমূহ হৈছে

১। চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাৰ বানপীড়িত ছাত্র-ছাত্রীসকলে বর্তমান পঢ়ি থকা পাঠ্যক্ৰমৰ পৰৱৰ্তী ষান্মাসিকসমূহৰ মাচুল চৰকাৰে বহন কৰক । যিসকল বানপীড়িত ছাত্র-ছাত্রী বর্তমান Fee Waiver Scheme ৰ অন্তৰ্ভুক্ত নহয়, তেওঁলোককো এই আঁচনিৰ অধীনলৈ আনক ।

২। শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ হৈছে । কিন্তু বানপীড়িত ছাত্র-ছাত্রীসকল শিক্ষানুষ্ঠানসমূহলৈ যাব পৰা পৰিৱেশ বর্তমান নাই । বানপীড়িত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্রয়োজনীয় শ্রেণীকোঠাত ৭৫ শতাংশ উপস্থিতিৰ নিয়ম এইবাৰলৈ ৰেহাই দিয়ক । প্রয়োজনত এইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে পাছত অতিৰিক্ত কিছু পাঠদানৰ ব্যৱস্থা কৰক ।

৩। শিক্ষানুষ্ঠানসমূহৰ আৱাস-নিৱাসৰ নামভৰ্তি আৰম্ভ হৈছে । তাৰ বাবে প্রয়োজনীয় প্রক্রিয়া সম্পূর্ণ কৰাটো এই মুহূৰ্তত বানপীড়িত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্ভৱ নহয় । আৱাস-নিৱাসৰ নামভৰ্তিৰ ক্ষেত্ৰত বানপীড়িত অঞ্চলৰ নামভৰ্তিৰ বাবে যোগ্য ছাত্র-ছাত্রীসকলক অতিৰিক্ত সময় প্ৰদান কৰক, তেওঁলোকৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰক ।

আছুৰ নেতাদ্বয়ে লগতে কয়, ‘‘বানৰ সংহাৰে জনসাধাৰণক জুৰুলা কৰিছে । বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে মাক-দেউতাকৰ সৈতে জীৱন-জীৱিকা আৰু বসতিৰ বাবে সংগ্ৰাম কৰি আছে । এই সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক সকাহ আৰু সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব । চৰকাৰে এই দায়িত্ব পালন কৰক ।’’

লগতে পঢ়ক: ১৯৫০ চনৰ বৰ ভূঁইকঁপে সলনি কৰিছিল নেকি অসমৰ বানৰ স্থিতি ?