অসম সাহিত্য সভাৰ গীতৰত্ন নগেন বৰা স্মাৰক সন্মান ২০২৬ ঘোষণা
অসমীয়া গীতি সাহিত্যলৈ অনৱদ্য অৱদান আগবঢ়োৱা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতিত প্ৰদান কৰা হ'ব এই সন্মান ।

Published : June 10, 2026 at 2:51 PM IST
যোৰহাট : অসমৰ ৩ গৰাকী বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞলৈ আগৱঢ়োৱা হৈছে অসম সাহিত্য সভাৰ গীতৰত্ন নগেন বৰা স্মাৰক সন্মান ২০২৬ । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই জানিবলৈ দিয়া মতে বৰ্ষীয়ান গীতিকাৰ সন্ধ্যা দেৱী; বিশিষ্ট শিল্পী, গীতিকাৰ, সুৰকাৰ, পৰিচালক জয়ন্ত নাথ আৰু সাংবাদিক, গীতিকাৰ জেতৱন বৰুৱাক এই সন্মান প্ৰদান কৰা হ'ব ।
এই সন্মান অসমীয়া গীতি সাহিত্যলৈ অনৱদ্য অৱদান আগবঢ়োৱা বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সাংবাদিক তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতিত প্ৰদান কৰা হ'ব এই সন্মান । অহা ১১ জুনত যোৰহাট ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাগৃহত আয়োজন হ'বলগীয়া এক অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ'ব । সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰা সন্মানিত গীতৰত্ন উপাধিৰে বিভূষিত নগেন বৰাৰ মৃত্যু দিৱসৰ দিনাই যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত আয়োজন হ'ব লগা স্মৃতি দিৱসত এই সন্মান প্ৰদান কৰা হ'ব বুলি সাহিত্য সভাই জনাইছে ।
অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰদান কৰিব এই সন্মান । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সভাৰ উপ সভাপতি পদুম ৰাজখোৱা আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্ব'নৰ সচিব ৰঞ্জন কুমাৰ দত্ত ।
উল্লেখ্য যে উক্ত অনুষ্ঠানতেই ড৹ জ্যোতিৰেখা হাজৰিকাৰ সংকলন-সম্পাদনাত অসম সাহিত্য সভাই প্ৰকাশ কৰা নগেন বৰাৰ নিৰ্বাচিত গীত নামৰ এখন সংকলনো উন্মোচন কৰা হ'ব । আনহাতে উক্ত সভাতেই বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী প্ৰসেনজিত লাহনে সুৰ কৰা নগেন বৰাৰ 'সৰাফুল' নামৰ গীতটোৰ বাণীবদ্ধৰূপ মুকলি কৰা হ'ব ।
লগতে পঢ়ক :
ৰাইজে বেয়া পোৱা কাম মোৰ ক্ষতি নহয়, এয়া বিজেপি দলৰ ক্ষতি : নীলিমা দেৱী

