ETV Bharat / state

বানক ৰ‍াষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ লগতে বানপীড়িতক সাক্ষাতৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম সাহিত্য সভাৰ

ৰাজ্যৰ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি অসম সাহিত্য সভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বৃহস্পতিবাৰে এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে ।

ASSAM FLOOD
উজনিৰ বানৰ ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 30, 2026 at 4:22 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: উজনিৰ তিনিখন জিলাত হোৱা প্ৰলয়ংকাৰী বানপানীৰ সংহাৰক 'ৰাষ্ট্ৰীয় দুৰ্যোগ' হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে অসম সাহিত্য সভাই । লগতে উজনিৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক অসমলৈ অহাৰো আহ্বান জনাইছে ।

উল্লেখ্য যে উজনি অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও বানৰ পাছৰ পৰিৱেশ অত্যন্ত শোচনীয় । সকলো শেষ হৈ গ'ল বানপীড়িতৰ । ৰাজ্যৰ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি অসম সাহিত্য সভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বৃহস্পতিবাৰে এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে ।

Assam Flood
প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম সাহিত্য সভাৰ (ETV Bharat)

উক্ত পত্ৰখনৰ জৰিয়তে অসম সাহিত্য সভাই প্ৰধানমন্ত্ৰীগৰাকীক উজনি অসমৰ বানপীড়িত অঞ্চলসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনাইছে । লগতে অসম সাহিত্য সভাই ৰাজ্যৰ এই ভয়াৱহ দুৰ্যোগক 'ৰাষ্ট্ৰীয় দুৰ্যোগ' হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে ।

প্ৰধানমন্ত্রীলৈ প্ৰেৰণ কৰা সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ স্বাক্ষৰিত পত্ৰখনত কোৱা হৈছে যে, উজনি অসমত শেহতীয়াকৈ অহা সংহাৰী বানত এতিয়ালৈকে ৭৫ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ১০০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে । ইয়াৰ উপৰি বহু গাঁও, কৃষিভূমি, বাসস্থান, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা সম্পত্তি আৰু অঞ্চলটোৰ কৃষ্টি-সংস্কৃতিৰ অপূৰণীয় ক্ষতি হৈছে ।

এনেস্থলত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে বানপীড়িত ৰাইজক মানসিক আৰু নৈতিক শক্তি প্ৰদান কৰিব বুলি পত্রখনত কোৱা হৈছে । প্ৰধানমন্ত্রী আহিলে চৰকাৰে যে তেওঁলোকৰ দুৰ্দশাৰ বুজ লৈছে সেই বিশ্বাস অধিক দৃঢ় হ'ব বুলি সাহিত্য সভাই উল্লেখ কৰে ।

সাহিত্য সভাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলাই থকা সাহায্য, পুনৰসংস্থাপন আৰু বান নিয়ন্ত্ৰণৰ স্থায়ী ব্যৱস্থাক অধিক ক্ষিপ্ৰ আৰু শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰে । পত্রখনত কোৱা হৈছে যে, অসমৰ ৰাইজে সদায় ভাৰতবৰ্ষৰ বাকী অংশৰ সৈতে এক গভীৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে । এনে সংকটপূৰ্ণ মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ আগমনে অসমবাসীৰ সৈতে ৰাষ্ট্ৰীয় সংহতি আৰু সহমৰ্মিতাৰ নিদৰ্শন দাঙি ধৰিব বুলি সাহিত্য সভাই মত প্ৰকাশ কৰে ।

১৯১৭ চনত প্ৰতিষ্ঠিত ভাৰতৰ অন্যতম বৃহৎ সামাজিক-সাংস্কৃতিক আৰু সাহিত্যিক অনুষ্ঠান অসম সাহিত্য সভাই আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আবেদন গুৰুত্বসহকাৰে বিবেচনা কৰিব আৰু শীঘ্ৰেই উজনি অসমৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব ।

পত্রখনত কোৱা হৈছে যে, ৰাজ্যৰ শেহতীয়া বানত অগণন পৰিয়ালে অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হোৱাৰ লগতে অপৰিসীম কষ্ট সহ্য কৰিবলগীয়া হৈছে । বানপানীয়ে মানুহৰ জীৱন, ঘৰ-বাৰী, কৃষিভূমি, বিদ্যালয়, ৰাজহুৱা আন্তঃগাঁথনি আৰু অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্য নষ্ট কৰিছে । এই কঠিন সময়ত প্ৰধানমন্ত্রীৰ উপস্থিতিয়ে বানক্ৰান্ত লোকৰ মনোবল বৃদ্ধি কৰিব বুলি পত্রখনত কোৱা হয় ।

লগতে পঢ়ক: পানী লাহে-লাহে শুকাইছে, চকুলোহে শুকুৱা নাই...