ETV Bharat / state

অসমীয়া গ’ বেক ধ্বনি; দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান অসম সাহিত্য সভাৰ

আবেগ-অনুভূতিত আঘাত দিয়াৰ অধিকাৰ কাৰো নাই:ড৹ বসন্ত কুমাৰ গোস্বামী

President of Asam Sahitya sabha
অসমীয়া গ’ বেক ধ্বনি; দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান অসম সাহিত্য সভাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 8, 2026 at 6:07 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : অনা-অসমীয়াই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অসমীয়া গ’ বেক ধ্বনি দিয়াৰ লগতে সাংবাদিকক প্ৰহাৰ কৰা ঘটনাত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । দেওবাৰে মহানগৰীৰ আৰ্য নগৰত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি কয়, " আবেগ-অনুভূতিত আঘাত দিয়াৰ অধিকাৰ কাৰো নাই, সি বিদেশীয়েই হওক বা অসমৰ বাহিৰৰ কোনো সম্প্ৰদায়ৰ লোকেই নহওক কিয়, সেইটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো । গুৱাহাটীৰ আৰ্য নগৰৰ যিটো ঘটনা, সেই ঘটনাটোৰ এগৰাকী সাংবাদিকে ঘটনাৰ বিৱৰণ দিবলৈ যাওঁতে তেওঁক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাটো এটা সভ্য জাতিৰ বাবে গৰিহণাযোগ্য ।"

অসমীয়া গ’ বেক ধ্বনি; দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান অসম সাহিত্য সভাৰ (ETV Bharat Assam)

সাংবাদিকৰ সুৰক্ষা প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয়, "সাংবাদিকৰ সুৰক্ষা আজি সমগ্ৰ ভাৰততে নাইকিয়া হোৱা যেন অনুভৱ হৈছে । গতিকে যিসকল লোকে এনে কাৰ্য কৰিছে, সেইসকলক ততাতৈয়াকৈ ধৰি আনি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে,যাতে ভৱিষ্যতে আমাৰ গুৱাহাটীৰ নিচিনা ঠাইৰ লগতে সমগ্ৰ অসমত আমি সকলোৱে শান্তি সম্প্ৰীতিৰে বাস কৰি থাকিব পাৰো ।"

অসমৰ ৰাইজক অৰ্থনৈতিকভাৱে সৱল হোৱাৰ আহ্বান জনাই অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয়, "অৰ্থনৈতিকভাৱে সৱল নহ'লে পৃথিবীত কোনো জাতি তিষ্ঠি থাকিব নোৱাৰে । সেয়েহে অসমীয়া জাতিও অৰ্থনৈতিকভাৱে সৱল হ'বলৈ যত্ন কৰা উচিত । লগতে এনেধৰণৰ যিবিলাক আৱৰ্জনা আছে সেই আৱৰ্জনাবিলাকক আমি যথাযোগ্যভাৱে নাইকিয়া কৰি অসমখনক শান্তি আৰু সম্প্ৰীতিৰে বাস কৰাৰ এক পৰিৱেশ চৰকাৰে সৃষ্টি কৰিব লাগে ।"

লগতে পঢ়ক: ৰাজধানী চহৰত অসমীয়া গ’ বেক ধ্বনি, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি