ETV Bharat / state

চিচি টিভিত বন্দী ভয়াবহ ৪০ মিনিট, তাৰপিছতেই সকলো চাফা...

আজিৰ তাৰিখত কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী ? নিজৰ ঘৰত কিমান সুৰক্ষিত আপুনি, মই ? চিচি টিভিত বন্দী লোমহৰ্ষক ডকাইতি কাণ্ডৰ দৃশ্যই ভবাই তুলিব আপোনাকো ৷

GANESHPARA ROBBERY
ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 2:37 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: কঠোৰ নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰী গুৱাহাটীত সোমবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ মহানগৰীৰ গণেশপাৰাত থকা এজন ব্যৱসায়ীৰ বাসগৃহত চাৰিজনীয়া ডকাইতৰ এটা দলে প্ৰৱেশ কৰি চিনেমাৰ কায়দাৰে ডকাইতি কাণ্ড সংঘটিত কৰি অনায়াসে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ সমগ্ৰ কাণ্ডৰ দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত ৷

গণেশপাৰাৰ চম্পক নগৰৰ স্নেহাশ্ৰয় নামৰ অট্টালিকাটো হৈছে ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহ ৷ ডকাইতৰ দলটোৱে ব্যৱসায়ীজন নথকাৰ সুযোগতে ঘৰটোত প্ৰৱেশ কৰি পত্নী কবিতা ডেকা আৰু গাড়ীচালক মনোজক ডেগাৰেৰে আক্ৰমণ কৰাৰ লগতে পিস্তল দেখুৱাই ভীতি প্ৰদৰ্শন কৰি লুটপাত চলায় ৷ প্ৰায় ৪০ মিনিটৰ ভিতৰতে ধন-সোণকে ধৰি কেতবোৰ মূল্যবান সামগ্ৰী লুটি অনায়াসে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডকাইতৰ দলটো ৷

মহানগৰী গুৱাহাটীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড (ETV Bharat Assam)

প্ৰাপ্ত তথ্য অনুসৰি, গ্ৰেট বৃটেইনত অধ্যয়নৰত জীয়ৰীক থবলৈ দিল্লীলৈ গৈছিল ব্যৱসায়ীজন ৷ সোমবাৰে নিশা মুখত ক’লা কাপোৰ বান্ধি এখন বগা ৰঙৰ বিলাসী ছুইফট বাহনৰে ব্যৱসায়ীজনৰ ঘৰলৈ আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো ৷

এই ভয়াবহ ডকাইতি কাণ্ডটো সম্পৰ্কে অনিল ডেকাৰ পত্নী কৰবী ডেকাই এনেদৰে কয়, ‘‘নিশা ৯ মান বজাত কলিং বেল বাজিছিল । মই দুৱাৰ খুলি দিলো । চাৰিজন ল’ৰা সোমাই আহি মোক পিস্তল দেখুৱাই, ডেগাৰ দেখুৱাই মাৰপিট কৰি কয় পইচা দে নহ’লে মাৰি পেলাম । দুই লাখ টকা দিয়ক নহ’লে মাৰি পেলাম বুলি হিন্দীতে কৈ আছিল । দুই লাখ টকা নাই বুলি কোৱাত যি আছে সেইখিনি দিয়ক বুলি কয় । ৫০ হাজাৰ টকা দিয়াৰ পিছত আৰু পইচা লাগে‌ নহ’লে ড্ৰাইভাৰজনক মাৰিম বুলি কোৱাত মোৰ তাত ছ’চাইটিৰ একলাখ মান টকা আছিলে, সেইখিনি দিও আৰু মই পিন্ধি থকা সোণৰ খাৰু আৰু আঙুঠিও ডকাইতৰ দলে লৈ যায় ৷’’

এই ডকাইতি কাণ্ড সম্পৰ্কে সোমবাৰে নিশাৰ ভাগতে কৰবী ডেকাই ফটাশিল আমবাৰী থানাত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি ফটাশিল আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ প্ৰাথমিক তদন্তৰ খাতিৰত নিশা ব্যৱসায়ীজনৰ ঘৰত উপস্থিত হয় আৰক্ষী ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী