ETV Bharat / bharat

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৱে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে তেওঁ বিশ্ব দৰবাৰত অসমক প্ৰতিনিধিত্ব কৰি ইতিহাস ৰচিছে ৷

HIMANTA SARMA ON WEF DEBUT
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো (PTI & Himanta Biswa Sarma FB Account)
author img

By PTI

Published : January 20, 2026 at 12:13 PM IST

2 Min Read
Choose ETV Bharat

অমৰাৱতী(অন্ধ্ৰপ্ৰদেশ): অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে সোমবাৰে ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিচিত ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰী নাইডুৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই কয় যে তেওঁ বিশ্ব দৰবাৰত অসমক প্ৰতিনিধিত্ব কৰি ইতিহাস সৃষ্টি কৰিছে ।

‘‘জুৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰো । ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ ইতিহাস ৰচনা কৰিছে । মই তেওঁক অভিনন্দন জনাইছো আৰু তেওঁৰ সফলতা কামনা কৰিছো’’ - সামাজিক মাধ্যম এক্সত প্ৰকাশিত এটা পোষ্টত এনেদৰে কয় অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

১৯-২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ ৱৰ্ল্ড ইকনমিক ফ’ৰাম(ডব্লিউ ই এফ) ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে চাৰিদিনীয়া ছুইজাৰলেণ্ড ভ্ৰমণ কাৰ্যসূচীৰে নাইডুৱে সোমবাৰে জুৰিখত উপস্থিত হয় ৷

এক্সত প্ৰকাশিত পোষ্টটোত তেওঁ লগতে কয়, ‘‘ডাভোছ-ক্লষ্টাৰছত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ বাৰ্ষিক বৈঠকৰ বাবে মই জুৰিখত উপস্থিত হৈছো । 'A Spirit of Dialogue' শীৰ্ষক এই বৈঠকখন মোৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ আন এক গৌৰৱময় সুযোগ ।’’

মুখ্য়মন্ত্ৰী নাইডুৱে ভৱিষ্যত গঢ় দিয়াৰ বাবে ব্যৱসায়, চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, নাগৰিক সমাজ আৰু শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি বিশ্বব্যাপী নেতাসকলৰ আগত অন্ধ্ৰপ্ৰদেশৰ সম্ভাৱনা প্ৰদৰ্শন কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

জুৰিখত উপস্থিত হোৱাৰ কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্রীগৰাকীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰ্মান শনমুগাৰত্নম আৰু বিশ্ব বেংকৰ সচিব অজয় ​​বাংগাক সাক্ষাৎ কৰে ৷ আনুষ্ঠানিক এই বৈঠকৰ অন্তত নাইডুৱে প্ৰবাসী তেলুগুসকলক সম্বোধন কৰিব ৷

লগতে পঢ়ক: ডাভোছৰ ৱৰ্ল্ড ইকনমিক ফ'ৰামত প্ৰথমগৰাকী অসমীয়া হিচাপে অংশ ল'ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই