ETV Bharat / state

সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘চোতাল’ সম্পন্ন

নৱাগত কবি প্ৰীতম নাথৰ কাব্যগ্ৰন্থ ‘মনৰ প্ৰিয়াক্ষী তুমি’ উন্মোচন ৷

All Assam Poets Association
কাব্যগ্ৰন্থ মনৰ প্ৰিয়াক্ষী তুমি উন্মোচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2026 at 9:50 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: অসমৰ সাহিত্য-সংস্কৃতিৰ পথাৰখনৰ অন্যতম অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ অংশস্বৰূপ চোতাল অনুষ্ঠানটি শেহতীয়াকৈ মৰিগাঁও জিলাৰ কপাহেৰাত অত্যন্ত উলহ-মালহেৰে সম্পন্ন হৈ যায় । মৰিগাঁও জিলা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক তথা কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সম্পাদক দীপাংকৰ নাথৰ বাসগৃহৰ প্ৰাকৃতিক আৰু মুকলি চোতালত এই কাব্যিক সমাৱেশৰ আয়োজন কৰা হয় ।

কবিতাৰ ছন্দেৰে জিপাল হ’ল চোতাল

মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি ভৱেন চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত এই বৰ্ণিল অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক আবুল হাচেম আল আমানে ।

উদ্বোধনী ভাষণত তেখেতে বৰ্তমানৰ যান্ত্ৰিক যুগত কবিতাৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰি কয় - ‘‘কবিতা কেৱল শব্দৰ সমষ্টি নহয়, ই সমাজ সংস্কাৰ আৰু মানৱীয় প্ৰমূল্যবোধ জাগ্ৰত কৰাৰ এক শক্তিশালী মাধ্যম । চোতালৰ দৰে অনুষ্ঠানে আমাৰ সাহিত্যৰ শিপাডালক পুনৰ জীয়াই তুলিব ।’’

নতুন পুথিৰ উন্মোচন

এই অনুষ্ঠানৰ এক অন্যতম বিশেষত্ব আছিল নৱাগত কবি প্ৰীতম নাথৰ প্ৰথমখন কবিতা পুথি 'মনৰ প্ৰিয়াক্ষী তুমি' ৰ শুভ উন্মোচন । গ্ৰন্থখন উন্মোচন কৰি জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি অনিৰুদ্ধ ডেকাই নৱপ্ৰজন্মৰ সাহিত্য চৰ্চাক উৎসাহিত কৰি কয় যে, এনেধৰণৰ সৃষ্টিশীল যাত্ৰাই অসমীয়া কাব্যজগতক অধিক সমৃদ্ধ কৰিব ।

৩৫ গৰাকী কবিৰ কাব্য পাঠ

মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ভূৱন চন্দ্ৰ ডেকাই সুন্দৰকৈ আঁত ধৰা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩৫ গৰাকী কবিয়ে নিজৰ স্ব-ৰচিত কবিতা পাঠ কৰে । বসন্তৰ নিৰিবিলি পৰিৱেশত কবিসকলৰ কবিতাৰ ঝংকাৰে উপস্থিত সাহিত্যপ্ৰেমীসকলক মুগ্ধ কৰি তোলে । গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটো কেৱল কবিতা পাঠৰ মাজতে সীমাবদ্ধ নাথাকি এক বৌদ্ধিক মিলনভূমিত পৰিণত হয় ।

উল্লেখ্য যে, কপাহেৰাৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক স্থানীয় ৰাইজে একেমুখে শলাগ লৈছে । অনুষ্ঠানটোত জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু সাহিত্য অনুৰাগী উপস্থিত থাকি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

লগতে পঢ়ক: ‘মই নেপোলিয়ন নহয় মই ৰণজিৎ হে’ : চিপৰাং ৰাজনীতিক লৈ বিস্ফোৰক পোষ্ট ৰণজিৎ কুমাৰ দাসৰ