ETV Bharat / sports

মাতৃশোকত দ্বগ্ধ হৈও দেশৰ হকে খেলত অংশগ্ৰহণ : অধিনায়কে মুকেশ চৌধুৰীক দিলে জয়ৰ কৃতিত্ব

কিছুদিন পূৰ্বে মাতৃক হেৰুওৱা মুকেশ চৌধুৰীয়ে নিজ কৰ্তব্যক আগত ৰাখি বৃহস্পতিবাৰে আইপিএলৰ খেলত অংশগ্ৰহণ কৰে ৷

IPL 2026
চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈ মুকেশ চৌধুৰীৰ ফাইল ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 5:33 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মাতৃহাৰা হোৱাৰ পিছতো নিজ কৰ্তব্য পালন ৷ কোনো খেলুৱৈ, জৰুৰীকালীন সেৱাত কৰ্মৰত লোক, অভিনেতা আদিৰ ক্ষেত্ৰত আমি বহুসময়ত এই দৃশ্য দেখিবলৈ পাইছো ৷ সেই একে দৃশ্য আইপিএলৰ খেলত দেখিবলৈ পাইছো ৷

বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ১০৩ ৰাণত পৰাস্ত কৰে । বিগত ২১ এপ্ৰিলত মাতৃ প্ৰেম দেৱীৰ মৃত্যু ঘটাৰ পিছতো এই খেলখনত চেন্নাইৰ হৈ অংশগ্ৰহণ কৰি মুকেশ চৌধুৰীয়ে ৩১ ৰাণ ব্যয় কৰি এটা উইকেট দখল কৰে ।

বাওঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ৰাজস্থানলৈ যোৱাৰ পিছত খেলখনৰ কিছু সময়ৰ পূৰ্বে পুনৰ উভতি আহি দলত যোগদান কৰি অপৰিসীম সাহস প্ৰদৰ্শন কৰে ।

মেচখনৰ বাবে চৌধুৰীক মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ এই ফ্ৰেঞ্চাইজিটোৱে মুকেশৰ মাতৃৰ স্মৃতিত অন্যান্য খেলুৱৈসকলে খেলৰ সময়ত ক’লা বেজ পৰিধান কৰিব বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল ৷

চেন্নাই চুপাৰ কিংছৰ অভিলেখসংখ্যক এই জয় মুকেশ চৌধুৰীৰ নামত উৎসৰ্গা

মেচৰ সমাপ্তিৰ পিছত হালধীয়া দলটোৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাড়ে পেচাৰগৰাকীৰ সাহসক উচ্চ প্ৰশংসা কৰি কয় যে মানসিকভাৱে অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও তেওঁ দললৈ উভতিছিল ।

অধিনায়ক গাইকোৱাড়ে কয়, ‘‘তেওঁৰ বাবে এয়া এক অতি কঠিন সময় আছিল । খেলুৱৈগৰাকীলৈ চেল্যুট, এনে পৰিস্থিতিৰ মাজৰ পৰা উভতি আহিবলৈ বহুখিনি মানসিক শক্তিৰ প্ৰয়োজন ৷ তেওঁ দলৰ বাবে, ফ্ৰেঞ্চাইজিৰ বাবে ঘূৰি আহিছিল, কাৰণ তেওঁ জানিছিল যে আমাক তেওঁৰ প্ৰয়োজন । তেওঁ সকলো কৃতিত্বৰ যোগ্য । আমি সকলোৱে তেওঁৰ কাষত থিয় দিব বিচাৰিছিলো আৰু তেওঁৰ বাবে আমি সকলো কৰিব বিচাৰিছিলো ।’’

বাওঁহতীয়া পেচাৰগৰাকীয়ে দুদিন পূৰ্বে শতক অৰ্জনকাৰী কুইণ্টন ডি ককৰ উইকেট দখল কৰিছিল ।

তিনিখন মেচত পৰাজিত হোৱাৰ পিছত চেন্নাইৰ প্ৰত্যাৱৰ্তন

চলিত বৰ্ষৰ আইপিএলত একেৰাহে তিনিখন মেচত পৰাস্ত হোৱাৰ পাছত চেন্নাই চুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়ৰে প্ৰত্যাৱৰ্তন ঘটায় ৷ দলটোৱে নিজৰ কৌশল আৰু সঞ্জু চেমছনৰ ফৰ্মৰ সহায়ত এই জয় লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাখনত চেমছনে দুটাকৈ শতক অৰ্জন কৰাৰ বিপৰীতে জেমী অভাৰটন আৰু আকিয়াল হোছেইনে বলৰ সৈতে উন্নত প্ৰদৰ্শন দাঙি ধৰে ।

সম্প্ৰতি চেন্নাই চুপাৰ কিংছে ছয় পইণ্ট আৰু ০.১১৮ নেট ৰাণ ৰেটৰ সহায়েৰে পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে । এই পৰ্যন্ত খেলা ৭ খন খেলৰ ভিতৰত তিনিখন খেলতে দলটোৱে জয়লাভ কৰিছে । পাঁচবাৰকৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা দলটোৱে পৰৱৰ্তী সময়ত অৰ্থাৎ ২৬ এপ্ৰিলত চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: ৫৩ বছৰীয়া হ'ল 'ক্ৰিকেটৰ ভগৱান' : পলকতে 'লিটল মাষ্টাৰ'ৰ অতুলনীয় কেৰিয়াৰ